--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল বুৰ্কিনা ফাছো।  নাইজাৰ সীমান্তৰ ওচৰৰ উত্তৰ-পূব বুৰ্কিনা ফাছোৰ দুখন গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত  ৪৪ জন নাগৰিক নিহত হৈছে।সন্ত্ৰাস,বাদীয়ে  কুৰাকৌ আৰু টণ্ডোবি গাঁৱত এই তাণ্ডৱ চলায়।   আক্ৰমণৰ ঘটনাত  আন বহু কেইজন লোক আহত হৈছে। 

ছালে অঞ্চলৰ লেফটেনেণ্ট-গভৰ্ণৰ ৰোডলফে চোৰ্গোৱে কয় যে কুৰাকৌত ৩১ জন আৰু টণ্ডোবিত ১৩ জন লোকৰ মৃত্যু হৈছিল। উল্লেখ্য অতি দৰিদ্ৰ দেশখনে আল-কায়দা আৰু ইছলামিক ষ্টেটৰ  জিহাদীসকলৰ  আক্ৰমর বলি হৈ আহিছে। বিগত সাত বছৰ ধৰি দেশ খনত ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান চলাই আছে যদিও সন্ত্ৰাসবাদীক পুলিয়ে-পোখাই উভালিবলৈ সক্ষম হোৱা নাই।

 কৌৰাকৌৰ এজন বাসিন্দাই কয় যে "বৃহৎ সংখ্যক সন্ত্ৰাসবাদীয়ে   গাওঁখনত প্ৰৱেশ কৰিছিল। গোটেই ৰাতি, আমি গুলীবৰ্ষণৰ শব্দ শুনিছিলো। পুৱাই আমি দেখিছিলো যে কেইবা ডজন লোক মৃত অৱস্থাত পৰি আছে।"  স্থানীয় লোকসকলে কয় যে গাওঁখনক কেইদিনমান আগতে দুজন জেহাদীক সেনাই হত্যা কৰাৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।  

ফেব্ৰুৱাৰী মাহত দেশ খনৰ দূৰ উত্তৰ অংশত  সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৫১ জন সৈনিক নিহত হৈছিল। যোৱা  বছৰৰ জুন মাহত ৰক্তক্ষয়ী আক্ৰমণত ৮৬ জন নাগৰিক নিহত হৈছিল। বুৰ্কিনা ফাছোৰ নতুন সামৰিক মুৰব্বীগৰাকীয়ে  এই সপ্তাহতে বিদ্ৰোহীৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি ঘোষণা কৰিছিল।   ২০১৫ চনত জিহাদীসকলে ১০,০০০ তকৈও অধিক নাগৰিক, সৈন্য আৰু আৰক্ষীক হত্যা কৰিছে। কমেও ২০ লাখ লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবেই গৃহহাৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস