--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল বুৰ্কিনা ফাছো।  নাইজাৰ সীমান্তৰ ওচৰৰ উত্তৰ-পূব বুৰ্কিনা ফাছোৰ দুখন গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত  ৪৪ জন নাগৰিক নিহত হৈছে।সন্ত্ৰাস,বাদীয়ে  কুৰাকৌ আৰু টণ্ডোবি গাঁৱত এই তাণ্ডৱ চলায়।   আক্ৰমণৰ ঘটনাত  আন বহু কেইজন লোক আহত হৈছে। 

ছালে অঞ্চলৰ লেফটেনেণ্ট-গভৰ্ণৰ ৰোডলফে চোৰ্গোৱে কয় যে কুৰাকৌত ৩১ জন আৰু টণ্ডোবিত ১৩ জন লোকৰ মৃত্যু হৈছিল। উল্লেখ্য অতি দৰিদ্ৰ দেশখনে আল-কায়দা আৰু ইছলামিক ষ্টেটৰ  জিহাদীসকলৰ  আক্ৰমর বলি হৈ আহিছে। বিগত সাত বছৰ ধৰি দেশ খনত ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান চলাই আছে যদিও সন্ত্ৰাসবাদীক পুলিয়ে-পোখাই উভালিবলৈ সক্ষম হোৱা নাই।

 কৌৰাকৌৰ এজন বাসিন্দাই কয় যে "বৃহৎ সংখ্যক সন্ত্ৰাসবাদীয়ে   গাওঁখনত প্ৰৱেশ কৰিছিল। গোটেই ৰাতি, আমি গুলীবৰ্ষণৰ শব্দ শুনিছিলো। পুৱাই আমি দেখিছিলো যে কেইবা ডজন লোক মৃত অৱস্থাত পৰি আছে।"  স্থানীয় লোকসকলে কয় যে গাওঁখনক কেইদিনমান আগতে দুজন জেহাদীক সেনাই হত্যা কৰাৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।  

ফেব্ৰুৱাৰী মাহত দেশ খনৰ দূৰ উত্তৰ অংশত  সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৫১ জন সৈনিক নিহত হৈছিল। যোৱা  বছৰৰ জুন মাহত ৰক্তক্ষয়ী আক্ৰমণত ৮৬ জন নাগৰিক নিহত হৈছিল। বুৰ্কিনা ফাছোৰ নতুন সামৰিক মুৰব্বীগৰাকীয়ে  এই সপ্তাহতে বিদ্ৰোহীৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি ঘোষণা কৰিছিল।   ২০১৫ চনত জিহাদীসকলে ১০,০০০ তকৈও অধিক নাগৰিক, সৈন্য আৰু আৰক্ষীক হত্যা কৰিছে। কমেও ২০ লাখ লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবেই গৃহহাৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা