--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গভীৰ নিশা এখন ‘এপলৰ ষ্ট’ৰ’ৰ পৰা দুৰ্বৃত্তই চুৰি কৰি লৈ যায় ৪ কোটি টকাৰ আইফোন। আমেৰিকাৰ ৱাশ্বিংটন চহৰৰ এটা শ্বপিং মলত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰে।

প্ৰথমতে দোকানৰ কৰ্মচাৰীসকলে বুজি পোৱা নাছিল যে আগৰ নিশা ইমান ডাঙৰ ঘটনা এটা ঘটিছিল। দোকানখন বাহিৰৰ পৰা বুজিব পৰা নাছিল চুৰিকাণ্ডৰ কথা। কাৰণ দোকানৰ কাঁচৰ দুৱাৰৰ তলাটো অক্ষত আছিল। ষ্ট’ৰৰ ভিতৰলৈ সোমাই গৈহে এজন কৰ্মচাৰীয়ে প্ৰথমে কথাটো বুজি পালে দোকানত চুৰি হৈছে। তেওঁৱেই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে তলা নভঙাকৈ কেনেকৈ দুস্কৃতিকাৰীয়ে দোকানত প্ৰৱেশ কৰিলে বুলি ভাবিব ধৰিলে। ইয়াৰ পিছত আৰক্ষীয়ে দোকানৰ মজিয়াখনলৈ লক্ষ্য কৰিলে। মজিয়াত কিছু অংশ খান্দি থোৱা দেখা পালে। সেই কথা দেখি আৰক্ষীকেইজন আচৰিত হৈ পৰিল।

শ্বপিং মলটোত আইফোন ষ্ট’ৰৰ কাষতে এখন কেফে আছে। দুৱাৰ ভাঙি প্ৰথমে কেফেত প্ৰৱেশ কৰে দুষ্কৃতিকাৰী। ইয়াৰ পিছত কেফেৰ মজিয়া খান্দি এটা সুৰংগ সাজিলে। সেই বাটেৰে ওচৰৰ আইফোন ষ্ট’ৰটোত সোমাই গ’ল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফোনটো চুৰি হৈছিল প্ৰায় ৪ কোটি টকা। সম্প্ৰতি আৰক্ষীয়ে দোষীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা