--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গভীৰ নিশা এখন ‘এপলৰ ষ্ট’ৰ’ৰ পৰা দুৰ্বৃত্তই চুৰি কৰি লৈ যায় ৪ কোটি টকাৰ আইফোন। আমেৰিকাৰ ৱাশ্বিংটন চহৰৰ এটা শ্বপিং মলত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰে।

প্ৰথমতে দোকানৰ কৰ্মচাৰীসকলে বুজি পোৱা নাছিল যে আগৰ নিশা ইমান ডাঙৰ ঘটনা এটা ঘটিছিল। দোকানখন বাহিৰৰ পৰা বুজিব পৰা নাছিল চুৰিকাণ্ডৰ কথা। কাৰণ দোকানৰ কাঁচৰ দুৱাৰৰ তলাটো অক্ষত আছিল। ষ্ট’ৰৰ ভিতৰলৈ সোমাই গৈহে এজন কৰ্মচাৰীয়ে প্ৰথমে কথাটো বুজি পালে দোকানত চুৰি হৈছে। তেওঁৱেই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে তলা নভঙাকৈ কেনেকৈ দুস্কৃতিকাৰীয়ে দোকানত প্ৰৱেশ কৰিলে বুলি ভাবিব ধৰিলে। ইয়াৰ পিছত আৰক্ষীয়ে দোকানৰ মজিয়াখনলৈ লক্ষ্য কৰিলে। মজিয়াত কিছু অংশ খান্দি থোৱা দেখা পালে। সেই কথা দেখি আৰক্ষীকেইজন আচৰিত হৈ পৰিল।

শ্বপিং মলটোত আইফোন ষ্ট’ৰৰ কাষতে এখন কেফে আছে। দুৱাৰ ভাঙি প্ৰথমে কেফেত প্ৰৱেশ কৰে দুষ্কৃতিকাৰী। ইয়াৰ পিছত কেফেৰ মজিয়া খান্দি এটা সুৰংগ সাজিলে। সেই বাটেৰে ওচৰৰ আইফোন ষ্ট’ৰটোত সোমাই গ’ল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফোনটো চুৰি হৈছিল প্ৰায় ৪ কোটি টকা। সম্প্ৰতি আৰক্ষীয়ে দোষীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ