--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বুকু কঁপি উঠা নৃশংস ঘটনা। এইবাৰ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। শুই থকা অৱস্থাতে বিচনাত ৰচীৰে বান্ধি লৈ কুঠাৰেৰে স্বামীক কৰিলে হত্যা। তাৰ পাছত মৃতদেহটো ৫ টুকুৰা কৰিলে পত্নীয়ে।

হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ পেলাই দিলে ঘৰৰ ওচৰৰ দ’ খাৱৈত। এই জঘন্য ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ পিলিভিত নামৰ এখন গাঁৱত। কিন্ত কেনেকৈ সংঘটিত হ’ল এই ঘটনা? তথ্য অনুসৰি, মঙলবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল গজৰৌলা থানা এলেকাৰ শিৱনগৰ গাঁৱৰ নিবাসী ৫৫ বছৰীয়া ৰামপাল।

ৰামপালৰ পুত্ৰ সোমপাল গাঁৱৰ আন এখন ঘৰত পত্নী আৰু সন্তানৰ সৈতে থাকে। পূৰ্বতে ৰামপাল আৰু পত্নী দুলাৰো দেৱীৰ মাজত বিবাদ হৈ আছিল। দুলাৰো দেৱীয়ে স্বামী ৰামপালৰ বন্ধুৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে স্বামীৰ বন্ধুৰ সৈতে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল।

ইফালে, বুধবাৰে দুলাৰো দেৱীয়ে পুত্ৰক কয় যে, তেওঁৰ পিতৃ ঘৰত নাই। এই সন্দৰ্ভত পুত্ৰই বুধবাৰে নিজেই গজৰৌলা থানাত পিতৃ নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে। লগতে পুত্ৰই আৰক্ষীক অৱগত কৰে যে কিছুদিন পূৰ্বেহে মাক ঘৰলৈ আহিছিল। পুত্ৰৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে দুলাৰো দেৱীৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।

সন্দেহৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি দুলাৰো দেৱীক জিম্মাত লৈ আৰক্ষীয়ে জেৰা আৰম্ভ কৰে। আৰক্ষীৰ মাৰাথন জেৰাত স্বামীক হত্যা কৰাক লৈ দুলাৰো দেৱীৰ বিস্ফোৰক স্বীকাৰোক্তি। কেনেকৈ স্বামীক হত্যা কৰিছিল ? বিৱৰি ক’লে আৰক্ষীৰ আগত। তাৰ পাছতে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে ডুবাৰুৰ সহায়ত দ’ খাৱৈত পেলাই দিয়া মৃতদেহৰ টুকুৰা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস