--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ তাগিদাত ভাৰতলৈ অহা পাকিস্তানী মহিলা সীমা হায়দৰকলৈ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। সীমা হায়দৰে ভাৰতীয় চোৰাংচোৱাক  তেওঁ পাকিস্তানত বাস কৰা ঠাইবোৰৰ বিষয়ে কৈছে। কিন্তু এই কথাও পোহৰলৈ আহিছে যে সীমাই দীৰ্ঘদিন ধৰি কৰাচীত বাস কৰিছিল। চোৰাংচোৱাসকলে এই কথা  দাবী কৰিছে।

 সীমাই পাকিস্তানৰ কেইবাটাও ঠাইৰ নাম কৈছে,  কিন্তু জেৰাৰ সময়ত সীমাই কৰাচীৰ বিষয়টো এৰাই চলিছে। সেইবাবেই চোৰাংচোৱাসকলৰ সন্দেহ অধিক  গভীৰ হৈছে।  সীমা পক সেনাৰ গুপ্তচৰ নেকি সেই  সন্দেহ অধিক ঘনীভূত হৈছে।

সীমাই কৰাচীত কিয় আছিল? কৰচীত সীমাই কিমান দিন ধৰি আছে? তাত তেওঁ ক’ত  বাস কৰিছিল আৰু কাক কাক  লগ পাইছিল ইত্যাদি  তথ্য সংগ্ৰহ কৰিবলৈ ভাৰতীয় চোৰাংচোৱাই চেষ্টা অব্যাহত ৰাখিছে। সীমা সঁচাকৈয়ে পাকিস্তানৰ চোৰাংচোৱা নেকি তাকে লৈ বহু প্ৰশ্ন উদয় হৈছে।  সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ চোৰাংচোৱাসকলে পাকিস্তানী সীমাক  নিৰন্তৰ জেৰা কৰি আছে। চোৰাংচোৱাৰ  সূত্ৰ অনুসৰি জেৰাৰ সময়ত সীমাই দাবী কৰিছে  যে তেওঁৰ স্বামী গোলাম হায়দৰৰ সৈতে চাৰে চাৰি বছৰ ধৰি তেওঁৰ কোনো সম্পৰ্ক নাই। 

তেওঁ পৃথকে বাস কৰিছিল। কিন্তু এতিয়া চোৰাংচোৱাসকলে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁ সেই সময়ত ক'ত আছিল? আনহাতে, সীমাৰ স্বামী গোলাম হায়দৰে দাবী কৰিছে  যে তেওঁ কৰাচীত টাইলছ লগোৱাৰ কাম কৰিছিল। তেওঁ ২০১৯ চনত চৌদি আৰৱলৈ গুচি গৈছিল। ইয়াৰ পিছত সীমা কৰাচীৰ উপৰি  কেইবাঠাইতো আছিল। চোৰাংচোৱাসকলে সেই ঠাইবোৰ ক'ত আছে জানিবলৈ চেষ্টা কৰি আছে। 

কিয়নো সীমাই দিয়া উত্তৰবোৰত তেওঁলোক সন্তুষ্ট হ’ব পৰা নাই। সীমাক কৰাচীৰ বিষয়ে সোধা হৈছে বুলিও  সূত্ৰটোৱে কয়। সূত্ৰটোৱে কয় যে সীমাই  কিমান দিন কৰাচীত আছিল, তেওঁ কাৰ ঘৰত আছিল, তেওঁ কাক লগ পাইছিল আদি কথাবোৰ জানিবলৈ চেষ্টা কৰা হৈছে। সীমাই তেওঁৰ স্বামী গুলাম হায়দৰৰ অবিহনে চাৰে চাৰি বছৰ কৰাচীত বাস কৰিছিল। আৰু ইয়াতেই চোৰাংচোৱাই সন্দেহ কৰিছে যে  সীমা আইএছআইৰ সহায়তেই হয়তো আত আছিল। সীমাক আৰম্ভণিৰে পৰা  সন্দেহৰ আৱৰ্তত  ৰখা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে