--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ তাগিদাত ভাৰতলৈ অহা পাকিস্তানী মহিলা সীমা হায়দৰকলৈ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। সীমা হায়দৰে ভাৰতীয় চোৰাংচোৱাক  তেওঁ পাকিস্তানত বাস কৰা ঠাইবোৰৰ বিষয়ে কৈছে। কিন্তু এই কথাও পোহৰলৈ আহিছে যে সীমাই দীৰ্ঘদিন ধৰি কৰাচীত বাস কৰিছিল। চোৰাংচোৱাসকলে এই কথা  দাবী কৰিছে।

 সীমাই পাকিস্তানৰ কেইবাটাও ঠাইৰ নাম কৈছে,  কিন্তু জেৰাৰ সময়ত সীমাই কৰাচীৰ বিষয়টো এৰাই চলিছে। সেইবাবেই চোৰাংচোৱাসকলৰ সন্দেহ অধিক  গভীৰ হৈছে।  সীমা পক সেনাৰ গুপ্তচৰ নেকি সেই  সন্দেহ অধিক ঘনীভূত হৈছে।

সীমাই কৰাচীত কিয় আছিল? কৰচীত সীমাই কিমান দিন ধৰি আছে? তাত তেওঁ ক’ত  বাস কৰিছিল আৰু কাক কাক  লগ পাইছিল ইত্যাদি  তথ্য সংগ্ৰহ কৰিবলৈ ভাৰতীয় চোৰাংচোৱাই চেষ্টা অব্যাহত ৰাখিছে। সীমা সঁচাকৈয়ে পাকিস্তানৰ চোৰাংচোৱা নেকি তাকে লৈ বহু প্ৰশ্ন উদয় হৈছে।  সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ চোৰাংচোৱাসকলে পাকিস্তানী সীমাক  নিৰন্তৰ জেৰা কৰি আছে। চোৰাংচোৱাৰ  সূত্ৰ অনুসৰি জেৰাৰ সময়ত সীমাই দাবী কৰিছে  যে তেওঁৰ স্বামী গোলাম হায়দৰৰ সৈতে চাৰে চাৰি বছৰ ধৰি তেওঁৰ কোনো সম্পৰ্ক নাই। 

তেওঁ পৃথকে বাস কৰিছিল। কিন্তু এতিয়া চোৰাংচোৱাসকলে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁ সেই সময়ত ক'ত আছিল? আনহাতে, সীমাৰ স্বামী গোলাম হায়দৰে দাবী কৰিছে  যে তেওঁ কৰাচীত টাইলছ লগোৱাৰ কাম কৰিছিল। তেওঁ ২০১৯ চনত চৌদি আৰৱলৈ গুচি গৈছিল। ইয়াৰ পিছত সীমা কৰাচীৰ উপৰি  কেইবাঠাইতো আছিল। চোৰাংচোৱাসকলে সেই ঠাইবোৰ ক'ত আছে জানিবলৈ চেষ্টা কৰি আছে। 

কিয়নো সীমাই দিয়া উত্তৰবোৰত তেওঁলোক সন্তুষ্ট হ’ব পৰা নাই। সীমাক কৰাচীৰ বিষয়ে সোধা হৈছে বুলিও  সূত্ৰটোৱে কয়। সূত্ৰটোৱে কয় যে সীমাই  কিমান দিন কৰাচীত আছিল, তেওঁ কাৰ ঘৰত আছিল, তেওঁ কাক লগ পাইছিল আদি কথাবোৰ জানিবলৈ চেষ্টা কৰা হৈছে। সীমাই তেওঁৰ স্বামী গুলাম হায়দৰৰ অবিহনে চাৰে চাৰি বছৰ কৰাচীত বাস কৰিছিল। আৰু ইয়াতেই চোৰাংচোৱাই সন্দেহ কৰিছে যে  সীমা আইএছআইৰ সহায়তেই হয়তো আত আছিল। সীমাক আৰম্ভণিৰে পৰা  সন্দেহৰ আৱৰ্তত  ৰখা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস