--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইচিচি টি-২০ বিশ্বকাপলৈ মাজত আৰু মাত্ৰ ১৭ টা দিন। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটটোৰ এই মহাসমৰলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে। লক্ষ্য, প্ৰতিযোগিতাখনৰ উদ্বোধনী বৰ্ষৰ খিতাপ দখলৰ পাছত খিতাপৰ খৰাঙৰ অন্ত পেলা পুনৰাই দেশক উপহাৰ দিব দ্বিতীয়টো বিশ্বকাপ ট্ৰফী! ইতিমধ্যে বিশ্বকাপৰ বাবে প্ৰেৰণ কৰিবলগীয়া দল ঘোষণা কৰিছে বিচিচিআই- এ। পিছে বিশ্বকাপলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ মাজতে ভাৰতীয় দল তথা দেশৰ ক্ৰিকেট অনুৰাগীক চিন্তিত কৰি আজি আহিছে এক চিন্তনীয় খবৰ। 

আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া মেচৰ টি-২০ শৃংখলা। তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত আজি চলি থকা মেচখনত ভাৰতৰ প্লেয়িং ইলেভেনত অনুপস্থিত দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ যশপ্ৰীত বুমৰাহ। লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগী পৰিল চিন্তাত। আৰু কিছুসময়ৰ পিছতে বিচিচিআই- এ এক বিবৃতি যোগে প্ৰকাশ কৰিলে যে পিঠিৰ আঘাতৰ বাবে মেচখনত দেখা নাযাব বুমৰাহক।

বিচিচিআইৰ এই বিবৃতিৰ পাছতে ক্ৰিকেট অনুৰাগীসকল অধিক চিন্তিত হৈ পৰিছে। কিয়নো, ভাৰতৰ বিশ্বকাপ জয়ৰ লক্ষ্যৰ বাবে বুমৰাহ দলত থকা অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত যদি বুমৰাহৰ আঘাত গুৰুতৰ হৈ পৰে, তেতিয়া বিশ্বকাপত অনিশ্চিত হৈ পৰিব তাৰকাগৰাকী। সদ্যসমাপ্ত এছিয়া কাপতো আঘাতৰ বাবে বুমৰাহ ভাৰতীয় দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল আৰু তাৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল দলৰ প্ৰদৰ্শনত। সেয়েহে বুমৰাহ পুনৰবাৰ আঘাতপ্ৰাপ্ত হোৱাত স্বাভাৱিকতেই শংকিত হৈ পৰিছে সকলো।

অৱশ্যে বিচিচিআই- এ বিবৃতিটোত বুমৰাহৰ আঘাত গুৰুতৰ নে সামান্য তাৰ স্পষ্ট উল্লেখ কৰা নাই। মাত্ৰ আজিৰ মেচখনৰ পৰাহে বুমৰাহ বাহিৰ হৈছে বুলি বিচিচিআই- এ সদৰী কৰিছে। এক টুইটত বিচিচিআই- এ কয় যে মঙলবাৰে ভাৰতৰ অনুশীলন সময়ত যশপ্ৰীত বুমৰাহে পিঠিৰ বিষত ভোগা বুলি জনাইছিল আৰু তাৰ পিছতে দলৰ চিকিৎসা দলে তেওঁক চিকিৎসা কৰিছিল। এই আঘাতৰ বাবে বুমৰাহক প্ৰথম টি-২০ ৰ পৰা বাহিৰ কৰা হৈছে বুলি বিচিচিআইৰ টুইটটোত উল্লেখ কৰা হৈছে। 
  
উল্লেখ্য যে আঘাতৰ বাবে এছিয়া কাপৰ পৰা বঞ্চিত হোৱা বুমৰাহে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত শেষৰ দুখন খেলত অংশগ্ৰহণ লৈছিল। কিন্তু স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল তাৰকা বলাৰগৰাকী। প্ৰথমখন মেচত দুই অভাৰত ২৩ ৰান খৰচ কৰি এটা উইকেট লাভ কৰিলেও দ্বিতীয়খন খেলত চাৰি অভাৰত ৫০ ৰান খৰচ কৰিছিল বুমৰাহে।

অৱশ্যে তথাপিও বুমৰাহ দলত থকাটো ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ ডেথ বলিঙত সমস্যাত ভুগি থকা ভাৰতৰ বাবে বুমৰাহেই আটাইতকৈ বিশ্বাসযোগ্য বিশেষজ্ঞ বলাৰ। তদুপৰি ইনিংছৰ আৰম্ভণিতে বিপক্ষৰ উইকেট পতন ঘটাই বেকফুটলৈ ঠেলি দিয়াত বুমৰাহ সিদ্ধহস্ত। আজিৰ মেচখনত অনুপস্থিতিৰ পিছত এতিয়া শৃংখলাৰ দ্বিতীয়খন মেচত বুমৰাহ উপলব্ধ হ’ব নে নহয়, সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু