--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইচিচি টি-২০ বিশ্বকাপলৈ মাজত আৰু মাত্ৰ ১৭ টা দিন। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটটোৰ এই মহাসমৰলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে। লক্ষ্য, প্ৰতিযোগিতাখনৰ উদ্বোধনী বৰ্ষৰ খিতাপ দখলৰ পাছত খিতাপৰ খৰাঙৰ অন্ত পেলা পুনৰাই দেশক উপহাৰ দিব দ্বিতীয়টো বিশ্বকাপ ট্ৰফী! ইতিমধ্যে বিশ্বকাপৰ বাবে প্ৰেৰণ কৰিবলগীয়া দল ঘোষণা কৰিছে বিচিচিআই- এ। পিছে বিশ্বকাপলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ মাজতে ভাৰতীয় দল তথা দেশৰ ক্ৰিকেট অনুৰাগীক চিন্তিত কৰি আজি আহিছে এক চিন্তনীয় খবৰ। 

আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া মেচৰ টি-২০ শৃংখলা। তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত আজি চলি থকা মেচখনত ভাৰতৰ প্লেয়িং ইলেভেনত অনুপস্থিত দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ যশপ্ৰীত বুমৰাহ। লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগী পৰিল চিন্তাত। আৰু কিছুসময়ৰ পিছতে বিচিচিআই- এ এক বিবৃতি যোগে প্ৰকাশ কৰিলে যে পিঠিৰ আঘাতৰ বাবে মেচখনত দেখা নাযাব বুমৰাহক।

বিচিচিআইৰ এই বিবৃতিৰ পাছতে ক্ৰিকেট অনুৰাগীসকল অধিক চিন্তিত হৈ পৰিছে। কিয়নো, ভাৰতৰ বিশ্বকাপ জয়ৰ লক্ষ্যৰ বাবে বুমৰাহ দলত থকা অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত যদি বুমৰাহৰ আঘাত গুৰুতৰ হৈ পৰে, তেতিয়া বিশ্বকাপত অনিশ্চিত হৈ পৰিব তাৰকাগৰাকী। সদ্যসমাপ্ত এছিয়া কাপতো আঘাতৰ বাবে বুমৰাহ ভাৰতীয় দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল আৰু তাৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল দলৰ প্ৰদৰ্শনত। সেয়েহে বুমৰাহ পুনৰবাৰ আঘাতপ্ৰাপ্ত হোৱাত স্বাভাৱিকতেই শংকিত হৈ পৰিছে সকলো।

অৱশ্যে বিচিচিআই- এ বিবৃতিটোত বুমৰাহৰ আঘাত গুৰুতৰ নে সামান্য তাৰ স্পষ্ট উল্লেখ কৰা নাই। মাত্ৰ আজিৰ মেচখনৰ পৰাহে বুমৰাহ বাহিৰ হৈছে বুলি বিচিচিআই- এ সদৰী কৰিছে। এক টুইটত বিচিচিআই- এ কয় যে মঙলবাৰে ভাৰতৰ অনুশীলন সময়ত যশপ্ৰীত বুমৰাহে পিঠিৰ বিষত ভোগা বুলি জনাইছিল আৰু তাৰ পিছতে দলৰ চিকিৎসা দলে তেওঁক চিকিৎসা কৰিছিল। এই আঘাতৰ বাবে বুমৰাহক প্ৰথম টি-২০ ৰ পৰা বাহিৰ কৰা হৈছে বুলি বিচিচিআইৰ টুইটটোত উল্লেখ কৰা হৈছে। 
  
উল্লেখ্য যে আঘাতৰ বাবে এছিয়া কাপৰ পৰা বঞ্চিত হোৱা বুমৰাহে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত শেষৰ দুখন খেলত অংশগ্ৰহণ লৈছিল। কিন্তু স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল তাৰকা বলাৰগৰাকী। প্ৰথমখন মেচত দুই অভাৰত ২৩ ৰান খৰচ কৰি এটা উইকেট লাভ কৰিলেও দ্বিতীয়খন খেলত চাৰি অভাৰত ৫০ ৰান খৰচ কৰিছিল বুমৰাহে।

অৱশ্যে তথাপিও বুমৰাহ দলত থকাটো ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ ডেথ বলিঙত সমস্যাত ভুগি থকা ভাৰতৰ বাবে বুমৰাহেই আটাইতকৈ বিশ্বাসযোগ্য বিশেষজ্ঞ বলাৰ। তদুপৰি ইনিংছৰ আৰম্ভণিতে বিপক্ষৰ উইকেট পতন ঘটাই বেকফুটলৈ ঠেলি দিয়াত বুমৰাহ সিদ্ধহস্ত। আজিৰ মেচখনত অনুপস্থিতিৰ পিছত এতিয়া শৃংখলাৰ দ্বিতীয়খন মেচত বুমৰাহ উপলব্ধ হ’ব নে নহয়, সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement