--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘মিষ্টাৰ ৩৬০’! ক্ৰিকেট বিশ্বত এই অভিধাৰে জনপ্ৰিয় হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মহাতাৰকা এবি ডে ভিলিয়াৰ্চ। বেটিং ক্ৰীজত থিয় হৈ খেলপথাৰৰ চাৰিওফালে নিৰ্দয় প্ৰহাৰ কৰাৰ সক্ষমতাৰ বাবে ভিলিয়াৰ্চক ক্ৰিকেট জগতত ‘মিষ্টাৰ ৩৬০’ নামেৰে অভিহিত কৰা হৈছিল। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ভিলিয়াৰ্চৰ অৱসৰৰ পাছত পুনৰ ক্ৰিকেটলৈ আগমন ঘটিছে আন এগৰাকী ‘মিষ্টাৰ ৩৬০’ৰ। এই নতুন ‘মিষ্টাৰ ৩৬০’ গৰাকী আন কোনো নহয়, সাম্প্ৰতিক ভাৰতীয় দলৰ বেটিং ক্ৰমৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা সূৰ্যকুমাৰ যাদৱ। 

ইতিমধ্যে যাদৱক ক্ৰিকেট বিশেষজ্ঞ সকলে ক্ৰিকেট জগতৰ নৱ আৱিষ্কাৰ বুলি স্বীকৃতি দিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰ যাদৱে ভাৰতীয় মিডল অৰ্ডাৰক এক নতুন শক্তি প্ৰদান কৰিছে। সম্প্ৰতি দলৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা যাদৱে আজিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত দমনীয় প্ৰদৰ্শন দাঙি ধৰি এক মেচ উইনিং ইনিংছ উপহাৰ দিয়ে।

তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আজিৰ মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ সন্মুখত বান্ধি দিয়া ১০৭ ৰানৰ সহজ লক্ষ্য ভাৰতে দুটা উইকেট হেৰুৱাই সহজেই অতিক্ৰম কৰে। অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী ব্যৰ্থ হ’লেও অপেনাৰ ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতে বিজয় সাব্যস্ত কৰে মেচখনত। ৰাহু। আৰু যাদৱ ক্ৰমে ৫১ আৰু ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। 

এই ইনিংছটোৰে যাদৱে আজি ভাৰতৰ আন এগৰাকী তাৰকা বেটাৰ শিখৰ ধাৱানক অতিক্ৰম কৰি এক অনন্য অভিলেখ স্থাপন কৰিছে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শিখৰ ধাৱানৰ নামত থকা এক ঈৰ্ষণীয় ভাৰতীয় অভিলেখ ভংগ কৰি নিজৰ নামত সন্নিৱিষ্ট কৰিছে যাদৱে। 

আজিৰ মেচখনত সূৰ্যকুমাৰ যাদৱে ৮ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ধাৱানৰ নামত থকা এটা কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ৰেকৰ্ড ভংগ কৰে। এই বৰ্ষত যাদৱে ২১ টা টি-২০ ইনিংছত ৭৩২ ৰান সংগ্ৰহ কৰিছে। এইদৰে তেওঁ ধাৱানে ২০১৮ চনত সংগ্ৰহ কৰা ৬৮৯ ৰানৰ ৰেকৰ্ড অতিক্ৰম কৰে। 

২০২২ বৰ্ষত এতিয়ালৈকে যাদৱে ভাৰতৰ হৈ পাঁচটা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰিছে। বৰ্ষটোত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত যাদৱে আজি ঘোষণা কৰা আইচিচি টি-২০ ৰেংকিঙত বেটাৰৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। উল্লেখ্য যে চলিত শৃংখলাটোত আৰু দুখন মেচ বাকী থকাৰ লগতে অক্টোবৰৰ মাজভাগৰ পৰা টি-২০ বিশ্বকাপো আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যাদৱে আন এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰাৰ সম্ভাৱনা আছে। যদি যাদৱে এই দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, নিশ্চিতভাৱে যাদৱে টি-২০ ক্ৰিকেটত চলিত বৰ্ষত ১০০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।  

যদিহে যাদৱে এই কৃতিত্ব অৰ্জন কৰে, তেতিয়া এই মাইলষ্ট’ন স্পৰ্শ কৰা ভাৰতৰ প্ৰথমগৰাকী আৰু সামগ্ৰিকভাৱে বিশ্ব ক্ৰিকেটৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰৰ স্বীকৃতি লাভ কৰিব। বৰ্তমানলৈকে এই বিৰল কৃতিত্ব কেৱল পাকিস্তানৰ তাৰকা বেটাৰ মহম্মদ ৰিজৱানেহে অৰ্জন কৰিছে। ৰিজৱানে ২০২১ বৰ্ষত ২৬ টা ইনিংছত ১৩২৬ ৰান সংগ্ৰহ কৰি নিজৰ নামত এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু