--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘মিষ্টাৰ ৩৬০’! ক্ৰিকেট বিশ্বত এই অভিধাৰে জনপ্ৰিয় হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মহাতাৰকা এবি ডে ভিলিয়াৰ্চ। বেটিং ক্ৰীজত থিয় হৈ খেলপথাৰৰ চাৰিওফালে নিৰ্দয় প্ৰহাৰ কৰাৰ সক্ষমতাৰ বাবে ভিলিয়াৰ্চক ক্ৰিকেট জগতত ‘মিষ্টাৰ ৩৬০’ নামেৰে অভিহিত কৰা হৈছিল। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ভিলিয়াৰ্চৰ অৱসৰৰ পাছত পুনৰ ক্ৰিকেটলৈ আগমন ঘটিছে আন এগৰাকী ‘মিষ্টাৰ ৩৬০’ৰ। এই নতুন ‘মিষ্টাৰ ৩৬০’ গৰাকী আন কোনো নহয়, সাম্প্ৰতিক ভাৰতীয় দলৰ বেটিং ক্ৰমৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা সূৰ্যকুমাৰ যাদৱ। 

ইতিমধ্যে যাদৱক ক্ৰিকেট বিশেষজ্ঞ সকলে ক্ৰিকেট জগতৰ নৱ আৱিষ্কাৰ বুলি স্বীকৃতি দিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰ যাদৱে ভাৰতীয় মিডল অৰ্ডাৰক এক নতুন শক্তি প্ৰদান কৰিছে। সম্প্ৰতি দলৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা যাদৱে আজিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত দমনীয় প্ৰদৰ্শন দাঙি ধৰি এক মেচ উইনিং ইনিংছ উপহাৰ দিয়ে।

তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আজিৰ মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ সন্মুখত বান্ধি দিয়া ১০৭ ৰানৰ সহজ লক্ষ্য ভাৰতে দুটা উইকেট হেৰুৱাই সহজেই অতিক্ৰম কৰে। অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী ব্যৰ্থ হ’লেও অপেনাৰ ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতে বিজয় সাব্যস্ত কৰে মেচখনত। ৰাহু। আৰু যাদৱ ক্ৰমে ৫১ আৰু ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। 

এই ইনিংছটোৰে যাদৱে আজি ভাৰতৰ আন এগৰাকী তাৰকা বেটাৰ শিখৰ ধাৱানক অতিক্ৰম কৰি এক অনন্য অভিলেখ স্থাপন কৰিছে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শিখৰ ধাৱানৰ নামত থকা এক ঈৰ্ষণীয় ভাৰতীয় অভিলেখ ভংগ কৰি নিজৰ নামত সন্নিৱিষ্ট কৰিছে যাদৱে। 

আজিৰ মেচখনত সূৰ্যকুমাৰ যাদৱে ৮ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ধাৱানৰ নামত থকা এটা কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ৰেকৰ্ড ভংগ কৰে। এই বৰ্ষত যাদৱে ২১ টা টি-২০ ইনিংছত ৭৩২ ৰান সংগ্ৰহ কৰিছে। এইদৰে তেওঁ ধাৱানে ২০১৮ চনত সংগ্ৰহ কৰা ৬৮৯ ৰানৰ ৰেকৰ্ড অতিক্ৰম কৰে। 

২০২২ বৰ্ষত এতিয়ালৈকে যাদৱে ভাৰতৰ হৈ পাঁচটা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰিছে। বৰ্ষটোত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত যাদৱে আজি ঘোষণা কৰা আইচিচি টি-২০ ৰেংকিঙত বেটাৰৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। উল্লেখ্য যে চলিত শৃংখলাটোত আৰু দুখন মেচ বাকী থকাৰ লগতে অক্টোবৰৰ মাজভাগৰ পৰা টি-২০ বিশ্বকাপো আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যাদৱে আন এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰাৰ সম্ভাৱনা আছে। যদি যাদৱে এই দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, নিশ্চিতভাৱে যাদৱে টি-২০ ক্ৰিকেটত চলিত বৰ্ষত ১০০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।  

যদিহে যাদৱে এই কৃতিত্ব অৰ্জন কৰে, তেতিয়া এই মাইলষ্ট’ন স্পৰ্শ কৰা ভাৰতৰ প্ৰথমগৰাকী আৰু সামগ্ৰিকভাৱে বিশ্ব ক্ৰিকেটৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰৰ স্বীকৃতি লাভ কৰিব। বৰ্তমানলৈকে এই বিৰল কৃতিত্ব কেৱল পাকিস্তানৰ তাৰকা বেটাৰ মহম্মদ ৰিজৱানেহে অৰ্জন কৰিছে। ৰিজৱানে ২০২১ বৰ্ষত ২৬ টা ইনিংছত ১৩২৬ ৰান সংগ্ৰহ কৰি নিজৰ নামত এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক