--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টি-২০  বিশ্বকাপৰ অষ্টম সংস্কৰণলৈ মাজত মাত্ৰ আৰু মাথো ১১ টা দিন। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ এই মেগা টুৰ্ণামেণ্টৰ বাবে সাজু হৈ উঠিছে ক্ৰিকেট শক্তিসমূহ। বিশ্বকাপৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ভাৰতেও। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া টি-২০ শৃংখলা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলা জয়েৰে ভাৰতীয় দলে ইতিমধ্যে নিজৰ প্ৰস্তুতিৰ উমান দিছে। পিছে ভাৰতৰ বিশ্বজয়ৰ লক্ষ্যত কিছু হেঙাৰ সৃষ্টি কৰি কালি মেগা টুৰ্ণামেণ্টখনৰ পৰা বাহিৰ হৈছে দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ স্বৰূপ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ পূৰ্বে আন এগৰাকী নিৰ্ভৰযোগ্য তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ অনুপস্থিতিৰ বাবে ইতিপূৰ্বেই বেকফুটত আছিল ভাৰতীয় দল। এতিয়া বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলৰ বাবে আন এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। 

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰাকমুহূৰ্তত বুমৰাহ পিঠিৰ বিষত ভূগিছিল আৰু সেয়ে মেচখনত তেওঁক বিশ্ৰাম দিয়া হৈছিল। ইয়াৰ পাছতে তাৰকাগৰাকীৰ বিশ্বকাপ যাত্ৰা সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল। এনে জল্পনা-কল্পনাৰ মাজতে চলিত শৃংখলাটোৰ পৰা বাদ পৰিছিল বুমৰাহ। এনে পৰিস্থিতিত বিশ্বকাপৰ বাবে বুমৰাহ দলত নথকাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছিল আৰু অৱশেষত কালি বিচিচিআই- এ আনুষ্ঠানিকভাৱে তাৰকা পেচাৰগৰাকী বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰে। 

দলৰ মূল পেচাৰগৰাকীৰ অনুপস্থিতিত আগন্তুক বিশ্বকাপত নিশ্চিতভাৱে কিছু চাপত থাকিব ভাৰত। ইফালে বুমৰাহৰ স্থানত বিশ্বকাপমুখী ভাৰতীয় দলত কোনগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হ’ব, সেই লৈও যথেষ্ট চৰ্চা চলিছে। ইতিমধ্যে বিচিচিআই- এ শীঘ্ৰেই বুমৰাহৰ বিকল্প খেলুৱৈগৰাকীৰ নাম ঘোষণা কৰিব বুলি ঘোষণা কৰিছে। এই বিকল্প খেলুৱৈ হিচাপে এতিয়া তিনিগৰাকী পেচাৰৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে।

বুমৰাহৰ বিকল্প হিচাপে এই মুহূৰ্তত অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ নাম শীৰ্ষত আছে। বিশ্বকাপৰ বাবে ইতিপূৰ্বে ঘোষিত দলত ষ্টেণ্ডবাই খেলুৱৈ হিচাপে আছে ছামি। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু অষ্ট্ৰেলিয়াৰ মাটিত ইতিপূৰ্বে খেলাৰ অভিজ্ঞতাৰ ফালৰ পৰা ছামিয়ে মূল দলত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে। শেহতীয়াকৈ ক’ভিদত আক্ৰান্ত হোৱা তাৰকা পেচাৰগৰাকী বৰ্তমান সুস্থ হৈ উঠিছে। আনহাতে কিছু সময় পূৰ্বে প্ৰকাশ পোৱা এক সূত্ৰ অনুসৰি ছামিক ফিটনেছ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত উপস্থিত হ’বলৈও কোৱা হৈছে। যদি সেয়ে হয়, ছামিয়ে বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লোৱাটো নিশ্চিত।

ইফালে আন এগৰাকী তাৰকা পেচাৰ দীপক চাহাৰৰো এইক্ষেত্ৰত সম্ভাৱনা আছে। ছামিৰ লগতে চাহাৰো পূৰ্ব ঘোষিত দলৰ খেলুৱৈৰ তালিকাত ষ্টেণ্ডবাই হিচাপে আছে। আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা চাহাৰে প্ৰত্যাৱৰ্তনৰ পাছত যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাতো চাহাৰে এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। তদুপৰি প্ৰয়োজনৰ সময়ত এগৰাকী নিৰ্ভৰযোগ্য টেইল এণ্ডাৰ বেটাৰ হিচাপেও ইতিপূৰ্বে চাহাৰে নিজৰ যোগ্যতাৰ প্ৰমাণ দিছে। 

আনহাতে এই সন্দৰ্ভত আন এগৰাকী তাৰকা পেচাৰ মহম্মদ চিৰাজৰ নামো চৰ্চালৈ আহিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত বুমৰাহৰ বিকল্প হেচাপে চিৰাজক অন্তৰ্ভুক্ত কৰা হৈছিল। বিগত কেইটামান বছৰৰ পৰা ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে চিৰাজে এগৰাকী যোগ্য বলাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। অষ্ট্ৰেলিয়াৰ মাটিতো  চিৰাজৰ শেহতীয়া কিছু গৌৰৱময় অভিজ্ঞতা আছে। যোৱা বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত টেষ্ট শৃংখলাত ভাৰতৰ স্মৰণীয় বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চিৰাজে। 

এই তিনিগৰাকী পেচাৰৰ ভিতৰত কোনো এগৰাকী এতিয়া বিশ্বকাপৰ বাবে মূল দলত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে টি-২০ বিশ্বকাপৰ উদ্বোধনী বৰ্ষতে খিতাপ জয়ৰ পাছত ভাৰতে পিছৰ ছটা সংস্কৰণত পুনৰবাৰ বিশ্বকাপ খিতাপৰ মুখ দেখা নাই। এইবাৰ এই খৰাঙৰ অন্ত পেলাই পুনৰাই দেশক বিশ্বকাপ উপহাৰ দিয়াৰ মানসেৰে অষ্ট্ৰেলিয়াত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। আৰু ইয়াৰ বাবে দলৰ বলিং আক্ৰমণ শক্তিশালী হোৱাটো নিতান্তই প্ৰযোজনীয়। সেয়ে বিচিচিআই- এ দলৰ বলিং আক্ৰমণৰ মূল স্তম্ভ যশপ্ৰীত বুমৰাহৰ স্থানত কাক অন্তৰ্ভুক্ত কৰে সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক