--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতে ক্ৰমাৎ বিপদৰ মুখলৈ গতি কৰিলেও এতিয়াও নিজকে নিৰ্দোষী দাবী কৰি তথা উত্থাপিত অভিযোগক ভিত্তিহীন আখ্যা দি নিজৰ স্থিতিত অটল আছে নেপালী ক্ৰিকেট তাৰকা সন্দীপ লামিচানে। গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি হোৱাৰ প্ৰায় তিনি সপ্তাহ পিছতো দেশত উপস্থিত নোহোৱা লামিচানেই উত্থাপিত অভিযোগৰ সৈতে আইনীভাৱে মুখামুখি হোৱাৰ উদ্দেশ্যে শীঘ্ৰেই দেশত উপস্থিত হ'ব বুলি এক সামাজিক মাধ্যমৰ পোষ্ট যোগে প্ৰতিশ্ৰুতি দিছে। এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নেপাল ক্ৰিকেটৰ পোষ্টাৰ বয় হৈ পৰা লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ৰুজু কৰাৰ পিছত নেপালী আদালতে ৮ ছেপ্টেম্বৰত ৱাৰেণ্ট জাৰি কৰিছিল। 

কিন্তু কেৰিবিয়ান টি-২০ত লীগত ভাগ লৈ থকা লামিচানে এই পৰ্যন্ত নেপালত উপস্থিত হোৱাৰ পৰা বিৰত আছে। দেওবাৰে ছ'চিয়েল মিডিয়াত এক বিবৃতি জাৰি কৰি লামিচানেই পুনৰ তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন বুলি দাবী কৰে। “মোৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰ ৱাৰেণ্টৰ বাতৰিয়ে মোক মানসিকভাৱে বিচলিত কৰি তুলিছিল। মই কি কৰিব লাগে আৰু কি নকৰিব ভাবিব পৰা নাছিলো। মোৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু অভিযোগৰ বিৰুদ্ধে যুঁজাৰ বাবে মই যিমান সম্ভৱ সোনকালে নেপাললৈ উভতি যাবলৈ পৰিকল্পনা কৰিছো।"- তেওঁ কয়।

উল্লেখ্যে যে লামিচানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ পিছতে নেপাল আৰক্ষীয়ে ক্ৰিকেটাৰ গৰাকীক আটক কৰাৰ বাবে ইণ্টাৰপ’লৰ পৰা সহায় বিচাৰিছিল আৰু নেপাল আৰক্ষীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইণ্টাৰপ'লে লামিচানেৰ নামত এক জাননী জাৰি কৰিছিল। ইয়াৰ পিছতে ২২ বছৰীয়া তাৰকাগৰাকীয়ে সামাজিক মাধ্যম যোগে এক আবেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। অনুৰাগীসকলক উদ্দেশ্যি লামিচানেই পোষ্টটোত তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰটোৱে তেওঁক অসুস্থ কৰি তুলিছে বুলি মন্তব্য কৰে। 

সেই পোষ্টতো বৰ্তমান তেওঁ মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰি স্বাস্থ্যৰ অৱস্থা উন্নত হ'লেই নেপাললৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰিছিল। দেশৰ শীৰ্ষ ক্ৰিকেট সংস্থাৰ দ্বাৰা নিলম্বিত নেপালৰ প্ৰাক্তন অধিনায়কজনে কয় যে ঘটনাটোৱে তেওঁৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলাইছে। সন্দীপে লগতে কৈছিল যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ পিছত তেওঁ নেপাললৈ উভতি আহিব। 

লামিচানেই লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক পুনৰবাৰ নস্যাৎ কৰি এনে অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে। পোষ্টটোত লামিচানেই কয়, "মই এই মিছা অভিযোগৰ বিৰুদ্ধে আইনী যুঁজ দিম। মই যিমান দূৰ বুজিছো, নেপালৰ সংবিধান অনুসৰি দোষী প্ৰমাণিত নোহোৱালৈকে মই নিৰ্দোষ।” 

উল্লেখ্য যে কেইদিনমান পূৰ্বে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী। অভিযোগ সন্মুখলৈ অনা  ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই  যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। 

তাৰ পাছতেই তাৰকাগৰাকীৰ নেপালৰ এখন আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল।  তাৰ পিছত নেপালৰ এখন আদালতে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে এটা ৱাৰেণ্ট জাৰি কৰিছিল। অভিযোগৰ তদন্ত সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বাৰ্থত শুকুৰবাৰে নেপাল ক্ৰিকেট ব’ৰ্ডে লামিচানেক নিলম্বন কৰিছিল।

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। সম্প্ৰতি নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement