--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন আৱেগভৰা চিঠি৷ সমষ্টিবাসীলৈ চিঠিখন লিখিছে এগৰাকী সাংসদে৷ সমষ্টিবাসীৰ সেৱা কৰিবলৈ পুনৰ সুযোগ লাভ নকৰি ব্যথিতও হৈ পৰিছে সাংসদগৰাকী৷ সাংসদগৰাকী বিজেপিৰ বৰুণ গান্ধী৷ দল অথবা চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে সৰব হৈ আহিছিল বৰুণ গান্ধী৷ আৰু ২০২৪ৰ সাধাৰণ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ ৰ’ল বৰুণ গান্ধী৷

পিলিভিটৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও অনুমান কৰা হৈছে। বৰুণে বৃহস্পতিবাৰে পিলিভিটৰ ভোটাৰসকললৈ লিখিছে এখন মুকলি পত্ৰ৷
পত্ৰখনত বৰুণে পিলিভিটৰ সৈতে তেওঁৰ শৈশৱ আৰু অবিচ্ছেদ্য সম্পৰ্কৰ বিষয়ে লিখিছে। যাৰ পৰা তেওঁৰ পৰৱৰ্তী পদক্ষেপক লৈ জল্পনা-কল্পনা চলি আছে।

তেওঁ লিখিছে, আজি মই এই চিঠিখন লিখাৰ লগে লগে অলেখ স্মৃতিয়ে মোক আৱেগিকভাৱে ভৰাই তুলিছে। যেতিয়া তিনি বছৰীয়া শিশুটো ১৯৮৩ত প্ৰথমবাৰৰ বাবে মাকৰ সৈতে পিলিভিটলৈ আহিছিল, তেতিয়া তেওঁ নাজানিছিল যে এদিন এই ভূমি তেওঁৰ কৰ্মস্থান হৈ পৰিব। ইয়াত থকা লোকসকল তেওঁলোকৰ পৰিয়ালৰ অংশ হৈ পৰিব৷ পত্ৰত বৰুণে লিখিছিল, তেওঁ ‘ভাগ্যৱান’ যে তেওঁ পিলিভিটৰ লোকসকলৰ বাবে কাম কৰাৰ সুযোগ পাইছে। আনকি এজন সাংসদ হিচাপে মোৰ কাৰ্যকাল সমাপ্ত হ’বলৈ আগবঢ়াৰ পাছতো পিলিভিটৰ জনসাধাৰণৰ সৈতে মোৰ সম্পৰ্ক মোৰ জীৱনৰ শেষ নিশ্বাসলৈকে অব্যাহত থাকিব। 

ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা মহলে বিশ্বাস কৰে যে এই মন্তব্যৰ দ্বাৰা বৰুণে তেওঁৰ নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ বৰুণে ২০০৯ৰ লোকসভা নিৰ্বাচনত পিলিভিট সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৪চনত তেওঁৰ মাক মানেকা পিলিভিটত অৱতীৰ্ণ হৈছিল আৰু বিজয়ী হৈছিল। 

বৰুণে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়ী হৈছিল। ২০১৯ৰ নিৰ্বাচনত বৰুণে পিলিভিট আৰু মানেকা চুলতানপুৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement