--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন আৱেগভৰা চিঠি৷ সমষ্টিবাসীলৈ চিঠিখন লিখিছে এগৰাকী সাংসদে৷ সমষ্টিবাসীৰ সেৱা কৰিবলৈ পুনৰ সুযোগ লাভ নকৰি ব্যথিতও হৈ পৰিছে সাংসদগৰাকী৷ সাংসদগৰাকী বিজেপিৰ বৰুণ গান্ধী৷ দল অথবা চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে সৰব হৈ আহিছিল বৰুণ গান্ধী৷ আৰু ২০২৪ৰ সাধাৰণ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ ৰ’ল বৰুণ গান্ধী৷

পিলিভিটৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও অনুমান কৰা হৈছে। বৰুণে বৃহস্পতিবাৰে পিলিভিটৰ ভোটাৰসকললৈ লিখিছে এখন মুকলি পত্ৰ৷
পত্ৰখনত বৰুণে পিলিভিটৰ সৈতে তেওঁৰ শৈশৱ আৰু অবিচ্ছেদ্য সম্পৰ্কৰ বিষয়ে লিখিছে। যাৰ পৰা তেওঁৰ পৰৱৰ্তী পদক্ষেপক লৈ জল্পনা-কল্পনা চলি আছে।

তেওঁ লিখিছে, আজি মই এই চিঠিখন লিখাৰ লগে লগে অলেখ স্মৃতিয়ে মোক আৱেগিকভাৱে ভৰাই তুলিছে। যেতিয়া তিনি বছৰীয়া শিশুটো ১৯৮৩ত প্ৰথমবাৰৰ বাবে মাকৰ সৈতে পিলিভিটলৈ আহিছিল, তেতিয়া তেওঁ নাজানিছিল যে এদিন এই ভূমি তেওঁৰ কৰ্মস্থান হৈ পৰিব। ইয়াত থকা লোকসকল তেওঁলোকৰ পৰিয়ালৰ অংশ হৈ পৰিব৷ পত্ৰত বৰুণে লিখিছিল, তেওঁ ‘ভাগ্যৱান’ যে তেওঁ পিলিভিটৰ লোকসকলৰ বাবে কাম কৰাৰ সুযোগ পাইছে। আনকি এজন সাংসদ হিচাপে মোৰ কাৰ্যকাল সমাপ্ত হ’বলৈ আগবঢ়াৰ পাছতো পিলিভিটৰ জনসাধাৰণৰ সৈতে মোৰ সম্পৰ্ক মোৰ জীৱনৰ শেষ নিশ্বাসলৈকে অব্যাহত থাকিব। 

ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা মহলে বিশ্বাস কৰে যে এই মন্তব্যৰ দ্বাৰা বৰুণে তেওঁৰ নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ বৰুণে ২০০৯ৰ লোকসভা নিৰ্বাচনত পিলিভিট সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৪চনত তেওঁৰ মাক মানেকা পিলিভিটত অৱতীৰ্ণ হৈছিল আৰু বিজয়ী হৈছিল। 

বৰুণে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়ী হৈছিল। ২০১৯ৰ নিৰ্বাচনত বৰুণে পিলিভিট আৰু মানেকা চুলতানপুৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু