--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিলীপ ঘোষৰ পাছত এইবাৰ অভিজিত গংগোপাধ্যায়ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল মমতা বেনাৰ্জী। তামলুকৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ এটা মন্তব্যৰ উদ্ধৃতি দি তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰাক্তন ন্যায়াধীশ তথা বিজেপি প্ৰাৰ্থীগৰাকীয়ে মমতা বেনাৰ্জীৰ মৃত্যু কামনা কৰিছে। তৃণমূলে অভিজিতৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ প্ৰস্তুতিও আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত অভিজিতক এইদৰে কোৱা শুনা যায়, মমতা বেনাৰ্জীয়ে অনুভৱ কৰে যে তেওঁৰ মৃত্যুঘণ্টা বাজিছে। অৱশ্যে, ‘আনন্দবজাৰ অনলাইন’এ ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰিব নোৱাৰিলে। তৃণমূল কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিজিতৰ ভাষণৰ অংশটো হৈছে ছয় ছেকেণ্ডৰ। তেওঁ আগতে বা পাছত কি কৈছিল তাৰ কোনো উল্লেখ নাই।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উদ্যোগমন্ত্ৰী শশী পাঞ্জাই কয়, বিজেপিৰ দিলীপ ঘোষ আৰু অভিজিত গংগোপাধ্যায়ৰ মাজত প্ৰতিযোগিতা হৈছে। তেওঁলোকে এতিয়া মমতা বেনাৰ্জীৰ মৃত্যুকামনা কৰিছে।

দিলীপ ঘোষেও তৃণমূল নেত্ৰী মমতা বেনাৰ্জীক লৈ ব্যক্তিগত আক্ৰমণ কৰি সমস্যাত পৰিছে। দিলীপৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছে। তৃণমূল কংগ্ৰেছে দিলীপ ঘোষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰিছিল। দিলীপে মমতাৰ দেউতাকৰ বিষয়ে মন্তব্য কৰিছিল। এইবাৰ ৰাজ্যখনৰ শাসকীয় দলে অভিজিতৰ বিৰুদ্ধে আয়োগৰ কাষ চাপিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement