--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিলীপ ঘোষৰ পাছত এইবাৰ অভিজিত গংগোপাধ্যায়ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল মমতা বেনাৰ্জী। তামলুকৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ এটা মন্তব্যৰ উদ্ধৃতি দি তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰাক্তন ন্যায়াধীশ তথা বিজেপি প্ৰাৰ্থীগৰাকীয়ে মমতা বেনাৰ্জীৰ মৃত্যু কামনা কৰিছে। তৃণমূলে অভিজিতৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ প্ৰস্তুতিও আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত অভিজিতক এইদৰে কোৱা শুনা যায়, মমতা বেনাৰ্জীয়ে অনুভৱ কৰে যে তেওঁৰ মৃত্যুঘণ্টা বাজিছে। অৱশ্যে, ‘আনন্দবজাৰ অনলাইন’এ ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰিব নোৱাৰিলে। তৃণমূল কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ কৰা অভিজিতৰ ভাষণৰ অংশটো হৈছে ছয় ছেকেণ্ডৰ। তেওঁ আগতে বা পাছত কি কৈছিল তাৰ কোনো উল্লেখ নাই।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উদ্যোগমন্ত্ৰী শশী পাঞ্জাই কয়, বিজেপিৰ দিলীপ ঘোষ আৰু অভিজিত গংগোপাধ্যায়ৰ মাজত প্ৰতিযোগিতা হৈছে। তেওঁলোকে এতিয়া মমতা বেনাৰ্জীৰ মৃত্যুকামনা কৰিছে।

দিলীপ ঘোষেও তৃণমূল নেত্ৰী মমতা বেনাৰ্জীক লৈ ব্যক্তিগত আক্ৰমণ কৰি সমস্যাত পৰিছে। দিলীপৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছে। তৃণমূল কংগ্ৰেছে দিলীপ ঘোষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰিছিল। দিলীপে মমতাৰ দেউতাকৰ বিষয়ে মন্তব্য কৰিছিল। এইবাৰ ৰাজ্যখনৰ শাসকীয় দলে অভিজিতৰ বিৰুদ্ধে আয়োগৰ কাষ চাপিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু