--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ৰোহিত শৰ্মাৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন খেল খেলিব টিম ইণ্ডিয়াই। নিউজিলেণ্ডৰ মুখামুখি হ’ব ভাৰত। যোৱা ছিৰিজত টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল। চেম্পিয়নছ ট্ৰফী ২০১৭ৰ চূড়ান্ত খেলখন লণ্ডনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হয়। কিন্তু এই মেচত ভাৰতীয় দলৰ অতি নিৰাশাজনক প্ৰদৰ্শন দেখা গ’ল।

চেম্পিয়নছ ট্ৰফী ২০১৭ত ভাৰতে তিনিখন গ্ৰুপ মেচ খেলিছিল। এই সময়ছোৱাত দুখন মেচত জয়ী হৈছিল আৰু এখনত পৰাস্ত হৈছিল। গ্ৰুপ মেচখনত পাকিস্তানক ১২৪ ৰানত পৰাস্ত কৰিছিল। কিন্তু ফাইনেলত পাকিস্তানে অধিক শক্তিশালী বুলি প্ৰমাণ কৰিলে। প্ৰথমে বেটিং কৰি পাকিস্তানে ৩৩৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ফখৰ জামানে ১১৪ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৫৮ ৰানত অল আউট হয়। হাৰ্দিক পাণ্ডিয়াই ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।

চেম্পিয়নছ ট্ৰফী ২০১৭-২০১৬ত ধাৱন-ৰোহিতৰ প্ৰদৰ্শন 

প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত আছিল ভাৰতৰ শিখৰ ধাৱন আৰু ৰোহিত শৰ্মা। ধাৱনে ৩৩৮ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ৰোহিত শৰ্মাই ৩০৪ ৰান সংগ্ৰহ কৰিছিল। এই তালিকাত তিনি নম্বৰ স্থানত আছিল বাংলাদেশী খেলুৱৈ তামিম ইকবাল। তেওঁ ২৯৩ ৰান সংগ্ৰহ কৰিছিল।

এতিয়া ভাৰতীয় দলটোৱে ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব -

চেম্পিয়নছ ট্ৰফী ২০২৫ত এতিয়ালৈকে সকলো খেলতে জয়লাভ কৰিছে ভাৰতে। প্ৰথমখন মেচত ভাৰতে বাংলাদেশক পৰাস্ত কৰিছিল। ইয়াৰ পিছত পাকিস্তান পৰাজিত হয়। গ্ৰুপৰ তৃতীয়খন খেলত নিউজিলেণ্ডক পৰাস্ত কৰিছিল টিম ইণ্ডিয়াই। ইয়াৰ পিছত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় পঞ্জীয়ন হয়। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে আকৌ এবাৰ খেলপথাৰত নামিব টীম ইণ্ডিয়া । ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক বেয়াকৈ পৰাস্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ