--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত এইবাৰ কেডবেৰী চকলেটক বয়কট কৰাৰ দাবী উঠিছে। চকলেটবিধত জিলেটিন হিচাপে গোমাংসৰ চৰ্বি থাকে বুলি কোৱা হৈছে। সেইবাবেই হিন্দুত্ববাদীসকলে ইয়াক বয়কটৰ দাবীত দেওবাৰে টুইটাৰত ট্ৰেণ্ডিং কৰে।

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন চিনেমা, বিজ্ঞাপন, ব্যৱসায়িক সামগ্ৰি ইত্যাদিক বয়কট কৰাৰ দাবী উঠি আহিছে। এইসমূহে ধৰ্মীয় বিশ্বাস-পৰম্পৰা-অনুভূতিক আঘাত সনা বুলি অভিযোগ অনা হৈছে।

সামাজিক মাধ্যমত বয়কটৰ দাবীটোৰ স’তে কেডবেৰীৰ ৱেবপেজৰ এটা স্ক্ৰীণশ্বটো প্ৰচাৰ কৰা হৈছে। তাত লিখা হৈছে যে কেডবেৰীৰ দ্ৰব্যসমূহত গোমাংসৰ জিলেটিন ব্যৱহাৰ কৰা হৈছে।

তাৰপাছতে কেডবেৰীক বয়কটৰ দাবী উত্থাপন কৰা হৈছে। হিন্দুত্ববাদীসকলে সামাজিক মাধ্যমত গ্ৰাহকসকলক দেশীয় গৰুৰ গাখীৰেৰে উৎপাদিত ভাৰতীয় মিঠাই ক্ৰয় কৰিবলৈ অনুৰোধ কৰা হৈছে।

অৱশ্যে ৱেব পেজৰ এই স্ক্ৰীণশ্বটটো ব্ৰেণ্ডটোৰ অষ্ট্ৰেলিয়ান ৱেবচাইটৰহে। যোৱা বৰ্ষতো এই লৈ হিন্দুত্ববাদীসকলে কেডবেৰীক লৈ আপত্তি প্ৰদৰ্শন কৰিছিল।

আপত্তিৰ প্ৰত্যুত্তৰত কেডবেৰীয়ে কৈছিল যে ভাৰতত তেওঁলোকৰ দ্ৰব্যসমূহ এশ শতাংশ নিৰামিষ আৰু গাখীৰেৰে তৈয়াৰী। শেহতীয়াকৈ বয়কটৰ দাবী তোলাৰ পাছত ব্ৰেণ্ডটোৰ তৰফৰ পৰা কোনো বিবৃত্তি দিয়া হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক