--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত এইবাৰ কেডবেৰী চকলেটক বয়কট কৰাৰ দাবী উঠিছে। চকলেটবিধত জিলেটিন হিচাপে গোমাংসৰ চৰ্বি থাকে বুলি কোৱা হৈছে। সেইবাবেই হিন্দুত্ববাদীসকলে ইয়াক বয়কটৰ দাবীত দেওবাৰে টুইটাৰত ট্ৰেণ্ডিং কৰে।

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন চিনেমা, বিজ্ঞাপন, ব্যৱসায়িক সামগ্ৰি ইত্যাদিক বয়কট কৰাৰ দাবী উঠি আহিছে। এইসমূহে ধৰ্মীয় বিশ্বাস-পৰম্পৰা-অনুভূতিক আঘাত সনা বুলি অভিযোগ অনা হৈছে।

সামাজিক মাধ্যমত বয়কটৰ দাবীটোৰ স’তে কেডবেৰীৰ ৱেবপেজৰ এটা স্ক্ৰীণশ্বটো প্ৰচাৰ কৰা হৈছে। তাত লিখা হৈছে যে কেডবেৰীৰ দ্ৰব্যসমূহত গোমাংসৰ জিলেটিন ব্যৱহাৰ কৰা হৈছে।

তাৰপাছতে কেডবেৰীক বয়কটৰ দাবী উত্থাপন কৰা হৈছে। হিন্দুত্ববাদীসকলে সামাজিক মাধ্যমত গ্ৰাহকসকলক দেশীয় গৰুৰ গাখীৰেৰে উৎপাদিত ভাৰতীয় মিঠাই ক্ৰয় কৰিবলৈ অনুৰোধ কৰা হৈছে।

অৱশ্যে ৱেব পেজৰ এই স্ক্ৰীণশ্বটটো ব্ৰেণ্ডটোৰ অষ্ট্ৰেলিয়ান ৱেবচাইটৰহে। যোৱা বৰ্ষতো এই লৈ হিন্দুত্ববাদীসকলে কেডবেৰীক লৈ আপত্তি প্ৰদৰ্শন কৰিছিল।

আপত্তিৰ প্ৰত্যুত্তৰত কেডবেৰীয়ে কৈছিল যে ভাৰতত তেওঁলোকৰ দ্ৰব্যসমূহ এশ শতাংশ নিৰামিষ আৰু গাখীৰেৰে তৈয়াৰী। শেহতীয়াকৈ বয়কটৰ দাবী তোলাৰ পাছত ব্ৰেণ্ডটোৰ তৰফৰ পৰা কোনো বিবৃত্তি দিয়া হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু