--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কইনা লাগে। এই চিন্তাই তেওঁক বহু দিন ধৰি খুলি খুলি খাইছিল। অৱশেষত বিচাৰি বিচাৰি চলাথ কৰাৰ পিছত যেনিবা কইনা এজনী বিচাৰি পালে তেওঁ।তেওঁ উত্তৰ প্ৰদেশৰ চামলি জিলাৰ কৈৰানা চহৰৰ বাসিন্দা। তেওঁৰ দেহৰ উচ্চতা মাত্ৰ ২.৩ ফুট। এনে উচ্চতাৰ বাবেই তেওঁ ইমান দিনে কইনা এজনী বিচাৰি পোৱা নাছিল।প্ৰসাধন সামগ্ৰীৰ দোকান এখন চলায় তেওঁ।

কম উচ্চতাৰ বাবে  কইনা পোৱাত বাধা হোৱা সত্বেও তেওঁ আশা এৰি দিয়া নাছিল। নাম তেওঁৰ আজিম মনচুৰী। কইনা বিচাৰি পাই আনন্দিত হৈ পৰা আজিমে  চলিত বৰ্ষৰে নৱেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। তেওঁ তেওঁৰ বিয়ালৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো নিমন্ত্ৰণ জনাব।

আজিম ছয়গৰাকী  ভাই-ভনীৰ ভিতৰৰে আটাইতকৈ সৰু। দীৰ্ঘদিন ধৰি ঘৰৰ মানুহে তেওঁৰ বাবে কইনা বিচাৰি আছিল। কিন্তু উচ্চতালৈ চাই আজিমলৈ বুলি বিয়াত বহিবলৈ ছোৱালীবোৰে ভয় কৰিছিল। অপেক্ষা ক্ৰমাৎ  দীঘলীয়া হৈ গৈ আছিল। যোৱা বছৰৰ মাৰ্চ মাহত তেওঁ স্থানীয় আৰক্ষীকো কইনা বিচাৰিবলৈ আহ্বান জনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। 

সেই সময়ত আজিমে কৈছিল যে তেওঁ এখন প্ৰসাধন সামগ্ৰীৰ দোকান চলাই আছে, তেওঁৰ পঢ়া-শুনা পঞ্চম শ্ৰেণীতকৈ বেছি নহয়। কিন্তু উপাৰ্জন  যথেষ্ট ভাল। কিন্তু তেওঁৰ উচ্চতাৰ বাবে বহু ছোৱালীৰ  পৰিয়ালে তেওঁক প্ৰত্যাখ্যান কৰিছিল।  আজিমে সাংবাদিকক সেই সময়তে কৈছিল "মই ৰাতি শুব নোৱাৰো,  ইমান দিন ধৰি চেষ্টা কৰি আছো। তথাপিও কইনা পোৱা নাই। মই মোৰ জীৱনত কোনো সংগী নাপাম নেকি ?" 
কিন্তু সফলতা  তেতিয়াও অহা নাছিল। বাঢ়িছিল হতাশা।

অৱশেষত হতাশাৰ সমাপ্তি ঘটিছে। বুছৰা নামৰ যুৱতীগৰাকীয়ে আজিমৰ সৈতে বিয়া হ’বলৈ সন্মত হৈছে। যোৱা বছৰ এপ্ৰিল মাহতে তেওঁলোকৰ বিয়া প্ৰায় খাটাং হৈছিল। কিন্তু তেতিয়া বিয়াখন হোৱা নাছিল কাৰণ  ছোৱালীজনীয়ে  স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল। এতিয়া বুছৰাৰ পঢ়া শেষ হৈছে।তেওঁ  এটা নতুন জীৱন  আৰম্ভ কৰিবলৈ মনস্থ কৰিছে।

উল্লেখ্য, বুছৰাৰ  উচ্চতাও ৩ ফুট। সেয়ে সকলো খাজে-খাপে মিলি গৈছে। আজিমে তেওঁৰ বিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আমন্ত্ৰণ জনোৱাৰ কথা ভাবিছে। তেওঁ আশাবাদী যে দুই বাওনা দৰা-কইনাৰ বিয়াত উপস্থিত থাকি মোদী আৰু যোগীয়ে তেওঁলোকক সুন্দৰ ভৱিষ্যতৰ বাবে আশীৰ্বাদ দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement