--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কইনা লাগে। এই চিন্তাই তেওঁক বহু দিন ধৰি খুলি খুলি খাইছিল। অৱশেষত বিচাৰি বিচাৰি চলাথ কৰাৰ পিছত যেনিবা কইনা এজনী বিচাৰি পালে তেওঁ।তেওঁ উত্তৰ প্ৰদেশৰ চামলি জিলাৰ কৈৰানা চহৰৰ বাসিন্দা। তেওঁৰ দেহৰ উচ্চতা মাত্ৰ ২.৩ ফুট। এনে উচ্চতাৰ বাবেই তেওঁ ইমান দিনে কইনা এজনী বিচাৰি পোৱা নাছিল।প্ৰসাধন সামগ্ৰীৰ দোকান এখন চলায় তেওঁ।

কম উচ্চতাৰ বাবে  কইনা পোৱাত বাধা হোৱা সত্বেও তেওঁ আশা এৰি দিয়া নাছিল। নাম তেওঁৰ আজিম মনচুৰী। কইনা বিচাৰি পাই আনন্দিত হৈ পৰা আজিমে  চলিত বৰ্ষৰে নৱেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। তেওঁ তেওঁৰ বিয়ালৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো নিমন্ত্ৰণ জনাব।

আজিম ছয়গৰাকী  ভাই-ভনীৰ ভিতৰৰে আটাইতকৈ সৰু। দীৰ্ঘদিন ধৰি ঘৰৰ মানুহে তেওঁৰ বাবে কইনা বিচাৰি আছিল। কিন্তু উচ্চতালৈ চাই আজিমলৈ বুলি বিয়াত বহিবলৈ ছোৱালীবোৰে ভয় কৰিছিল। অপেক্ষা ক্ৰমাৎ  দীঘলীয়া হৈ গৈ আছিল। যোৱা বছৰৰ মাৰ্চ মাহত তেওঁ স্থানীয় আৰক্ষীকো কইনা বিচাৰিবলৈ আহ্বান জনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। 

সেই সময়ত আজিমে কৈছিল যে তেওঁ এখন প্ৰসাধন সামগ্ৰীৰ দোকান চলাই আছে, তেওঁৰ পঢ়া-শুনা পঞ্চম শ্ৰেণীতকৈ বেছি নহয়। কিন্তু উপাৰ্জন  যথেষ্ট ভাল। কিন্তু তেওঁৰ উচ্চতাৰ বাবে বহু ছোৱালীৰ  পৰিয়ালে তেওঁক প্ৰত্যাখ্যান কৰিছিল।  আজিমে সাংবাদিকক সেই সময়তে কৈছিল "মই ৰাতি শুব নোৱাৰো,  ইমান দিন ধৰি চেষ্টা কৰি আছো। তথাপিও কইনা পোৱা নাই। মই মোৰ জীৱনত কোনো সংগী নাপাম নেকি ?" 
কিন্তু সফলতা  তেতিয়াও অহা নাছিল। বাঢ়িছিল হতাশা।

অৱশেষত হতাশাৰ সমাপ্তি ঘটিছে। বুছৰা নামৰ যুৱতীগৰাকীয়ে আজিমৰ সৈতে বিয়া হ’বলৈ সন্মত হৈছে। যোৱা বছৰ এপ্ৰিল মাহতে তেওঁলোকৰ বিয়া প্ৰায় খাটাং হৈছিল। কিন্তু তেতিয়া বিয়াখন হোৱা নাছিল কাৰণ  ছোৱালীজনীয়ে  স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল। এতিয়া বুছৰাৰ পঢ়া শেষ হৈছে।তেওঁ  এটা নতুন জীৱন  আৰম্ভ কৰিবলৈ মনস্থ কৰিছে।

উল্লেখ্য, বুছৰাৰ  উচ্চতাও ৩ ফুট। সেয়ে সকলো খাজে-খাপে মিলি গৈছে। আজিমে তেওঁৰ বিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আমন্ত্ৰণ জনোৱাৰ কথা ভাবিছে। তেওঁ আশাবাদী যে দুই বাওনা দৰা-কইনাৰ বিয়াত উপস্থিত থাকি মোদী আৰু যোগীয়ে তেওঁলোকক সুন্দৰ ভৱিষ্যতৰ বাবে আশীৰ্বাদ দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু