--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়সৰ লগে লগে খাদ্যৰ বিষয়তো সচেতন হ’ব লাগিব৷ ৩০ বছৰ অতিক্ৰম কৰাৰ পিছত শৰীৰটোক ভৱিষ্যতৰ দিনলৈ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে৷  বহুতে ডেকা বয়সত নকৰি  বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল পোৱা যাব যদিহে মানুহে কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হয় ।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ  কৰা মতে ৩০ বছৰৰ পিছৰে পৰাই মানুহে কেগবোৰ খাদ্য গ্ৰহণত নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।৩০ বছৰৰ পিছত  পুৰুষ তথা মহিলাৰ শৰীৰত  বহু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে। হৰম’নৰ  পৰিৱৰ্তনৰ প্ৰভাৱত দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগতে চুলিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

পুষ্টি বিশেষজ্ঞসকলে ইয়াৰ আঁৰত আমাৰ খাদ্যাভাসকে জগৰীয়া কৰে। তেওঁলোকৰ মতে, ৩০ বছৰ বয়সৰ পাছত কিছুমান বস্তু খাদ্য তালিকাৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ অধিক ছ’ডিয়াম গ্ৰহণ কৰা উচিত নহয়।





বজাৰত উপলব্ধ কেন চুপত ৪০শতাংশ ছ’ডিয়াম থাকে। ই ছালৰ বাৰ্দ্ধক্যজনিত সমস্যা তথা ৰক্তচাপৰ বাবে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বয়স ৩০ বছৰৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে চেনি খোৱা কমাব লাগে। 
 অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খালে ই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নিশা যদি  কফি থায়, তেতিয়াহ’লে ই টোপনি নষ্ট কৰিব পাৰে আৰু ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 
আটাৰ পৰা বনোৱা ৰুটিত প্ৰচুৰ পৰিমানে চেনি, কাৰ্বহাইড্ৰেইড তথা ফ্যাট থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে ৩০ বছৰৰ পিছত এনে খাদ্যও কমাই খাব লাগে। ৰুটি খোৱাৰ আধা ঘণ্টামান পিছত প্ৰচুৰ পানী খাব লাগে।

সেইদৰে, ৩০বছৰৰ পাছত জ্যাংক ফুড বা ভজা খাদ্য হজম কৰাটো টান হৈ পৰিব পাৰে।
 এনে বয়সৰ পিছৰে  পৰা মানুহে আঁহযুক্ত খাদ্য বেছিকৈ খোৱা ভাল। সুৰাপান, ধূমপান আদিৰ পৰাও আঁতৰি থাকিব লাগে।এনেবোৰ নিয়ম মানি চলিলে শৰীৰ বহু দিনলৈ সুস্থ হৈ থাকিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন