--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়সৰ লগে লগে খাদ্যৰ বিষয়তো সচেতন হ’ব লাগিব৷ ৩০ বছৰ অতিক্ৰম কৰাৰ পিছত শৰীৰটোক ভৱিষ্যতৰ দিনলৈ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে৷  বহুতে ডেকা বয়সত নকৰি  বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল পোৱা যাব যদিহে মানুহে কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হয় ।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ  কৰা মতে ৩০ বছৰৰ পিছৰে পৰাই মানুহে কেগবোৰ খাদ্য গ্ৰহণত নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।৩০ বছৰৰ পিছত  পুৰুষ তথা মহিলাৰ শৰীৰত  বহু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে। হৰম’নৰ  পৰিৱৰ্তনৰ প্ৰভাৱত দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগতে চুলিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

পুষ্টি বিশেষজ্ঞসকলে ইয়াৰ আঁৰত আমাৰ খাদ্যাভাসকে জগৰীয়া কৰে। তেওঁলোকৰ মতে, ৩০ বছৰ বয়সৰ পাছত কিছুমান বস্তু খাদ্য তালিকাৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ অধিক ছ’ডিয়াম গ্ৰহণ কৰা উচিত নহয়।





বজাৰত উপলব্ধ কেন চুপত ৪০শতাংশ ছ’ডিয়াম থাকে। ই ছালৰ বাৰ্দ্ধক্যজনিত সমস্যা তথা ৰক্তচাপৰ বাবে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বয়স ৩০ বছৰৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে চেনি খোৱা কমাব লাগে। 
 অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খালে ই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নিশা যদি  কফি থায়, তেতিয়াহ’লে ই টোপনি নষ্ট কৰিব পাৰে আৰু ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 
আটাৰ পৰা বনোৱা ৰুটিত প্ৰচুৰ পৰিমানে চেনি, কাৰ্বহাইড্ৰেইড তথা ফ্যাট থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে ৩০ বছৰৰ পিছত এনে খাদ্যও কমাই খাব লাগে। ৰুটি খোৱাৰ আধা ঘণ্টামান পিছত প্ৰচুৰ পানী খাব লাগে।

সেইদৰে, ৩০বছৰৰ পাছত জ্যাংক ফুড বা ভজা খাদ্য হজম কৰাটো টান হৈ পৰিব পাৰে।
 এনে বয়সৰ পিছৰে  পৰা মানুহে আঁহযুক্ত খাদ্য বেছিকৈ খোৱা ভাল। সুৰাপান, ধূমপান আদিৰ পৰাও আঁতৰি থাকিব লাগে।এনেবোৰ নিয়ম মানি চলিলে শৰীৰ বহু দিনলৈ সুস্থ হৈ থাকিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা