--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভুল জীৱনশৈলীৰ আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে বিগত কিছু বছৰ ধৰি হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। WHOৰ তথ্য অনুসৰি হৃদৰোগ হৈছে এক মাৰাত্মক ৰোগ। ইয়াৰ আটাইতকৈ গুৰুতৰ কথাটো হ’ল-বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি পায়। দৰাচলতে জীৱনশৈলী আৰু খাদ্যাভ্যাসেই হৃদৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি, তথাপিও এক অধ্যয়নত দাবী কৰা হৈছে যে কিছুমান বিশেষ ভিটামিনৰ অভাৱেও হৃদৰোগ বৃদ্ধি কৰিব পাৰে।

ভিটামিন-ডি আৰু হৃদৰোগৰ মাজৰ সম্পৰ্ক-
ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত বহুতো ৰোগৰ সম্ভাৱনা আন লোকতকৈ বৃদ্ধি পাব পাৰে। গৱেষকসকলে লগতে কয় যে ভিটামিন-ডি পূৰণ কৰিব পৰা সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ উপৰি এই ভিটামিন শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। আন অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু ইয়াকে হৃদৰোগৰ প্ৰধান কাৰণ বুলি ধৰা হয়। এই ভিটামিনৰ অভাৱৰ বাবে হাৰ্টএটেক, হাৰ্টফেইলাৰ আদি ৰোগৰ আশংকা আন মানুহৰ তুলনাত দুগুণ বৃদ্ধি পাব পাৰে।

অধ্যয়নে কি কয়?
দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এলেনা হাইপ’নেনে কয় যে ভিটামিন-ডিৰ তীব্ৰ অভাৱ খুব কম লোকৰ ক্ষেত্ৰত দেখা যায়। কিন্তু ইয়াৰ সাধাৰণ অভাৱেও হৃদযন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই অধ্যয়ন প্ৰায় ২৬৭,৯৮০জন লোকৰ ওপৰত কৰা হৈছে। এই অধ্যয়নত কোৱা হৈছে যে চহৰত বাস কৰা লোকসকলৰ মাজত ভিটামিন-ডিৰ অভাৱ অধিক। ইয়াৰ এটা কাৰণ হ’ল পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ নোপোৱা।  

ভিটামিন-ডিৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি-
স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্যত কিছু বিশেষ পৰিৱৰ্তন কৰি ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি। সকলোকে পুৱা সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা উচিত। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যত পনীৰ, কণী আৰু বাদামৰ লগতে চৰ্বিযুক্ত মাছ, যেনে-টুনা, মাগুৰ আৰু ছালমন, কিছুমান দুগ্ধজাত সামগ্ৰী, গাখীৰ আৰু গোটা শস্যৰ দ্বাৰাও ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা