--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভুল জীৱনশৈলীৰ আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে বিগত কিছু বছৰ ধৰি হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। WHOৰ তথ্য অনুসৰি হৃদৰোগ হৈছে এক মাৰাত্মক ৰোগ। ইয়াৰ আটাইতকৈ গুৰুতৰ কথাটো হ’ল-বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি পায়। দৰাচলতে জীৱনশৈলী আৰু খাদ্যাভ্যাসেই হৃদৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি, তথাপিও এক অধ্যয়নত দাবী কৰা হৈছে যে কিছুমান বিশেষ ভিটামিনৰ অভাৱেও হৃদৰোগ বৃদ্ধি কৰিব পাৰে।

ভিটামিন-ডি আৰু হৃদৰোগৰ মাজৰ সম্পৰ্ক-
ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত বহুতো ৰোগৰ সম্ভাৱনা আন লোকতকৈ বৃদ্ধি পাব পাৰে। গৱেষকসকলে লগতে কয় যে ভিটামিন-ডি পূৰণ কৰিব পৰা সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ উপৰি এই ভিটামিন শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। আন অধ্যয়নত কোৱা হৈছে যে যিসকল লোকৰ ভিটামিন-ডিৰ অভাৱ হয় তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু ইয়াকে হৃদৰোগৰ প্ৰধান কাৰণ বুলি ধৰা হয়। এই ভিটামিনৰ অভাৱৰ বাবে হাৰ্টএটেক, হাৰ্টফেইলাৰ আদি ৰোগৰ আশংকা আন মানুহৰ তুলনাত দুগুণ বৃদ্ধি পাব পাৰে।

অধ্যয়নে কি কয়?
দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এলেনা হাইপ’নেনে কয় যে ভিটামিন-ডিৰ তীব্ৰ অভাৱ খুব কম লোকৰ ক্ষেত্ৰত দেখা যায়। কিন্তু ইয়াৰ সাধাৰণ অভাৱেও হৃদযন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই অধ্যয়ন প্ৰায় ২৬৭,৯৮০জন লোকৰ ওপৰত কৰা হৈছে। এই অধ্যয়নত কোৱা হৈছে যে চহৰত বাস কৰা লোকসকলৰ মাজত ভিটামিন-ডিৰ অভাৱ অধিক। ইয়াৰ এটা কাৰণ হ’ল পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ নোপোৱা।  

ভিটামিন-ডিৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি-
স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্যত কিছু বিশেষ পৰিৱৰ্তন কৰি ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি। সকলোকে পুৱা সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা উচিত। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যত পনীৰ, কণী আৰু বাদামৰ লগতে চৰ্বিযুক্ত মাছ, যেনে-টুনা, মাগুৰ আৰু ছালমন, কিছুমান দুগ্ধজাত সামগ্ৰী, গাখীৰ আৰু গোটা শস্যৰ দ্বাৰাও ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন