--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগৰ আৰু খাদ্যৰ মাজত ভালেখিনি সম্পৰ্ক আছে৷ সাধাৰণতে
শৰীৰৰ যিকোনো কোষৰ অস্বাভাৱিক বৃদ্ধিয়েই  হৈছে কৰ্কট ৰোগৰ অন্যতম কাৰণ। শৰীৰৰ ওজন নিয়মীয়া তথা স্বাভাৱিক কৰি ৰখাৰ লগতে  কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ দৈনিক আহাৰত কিছুমান খাদ্য ৰাখিব পাৰে।

বিশ্বজুৰি কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৮ চনত দেশত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২.৫  নিযুত। ২-২০  চনত  সেই সংখ্যা ৪.৯  নিযুতলৈ বৃদ্ধি পায় । বৰ্তমান সময়ত স্বাভাৱিকতে সেই সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে প্ৰতিদিনে প্ৰায় ১,৩০০ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।ছোৱালীৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগ আৰু ল'ৰাৰ হাঁওফাঁওৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। 

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে যদি এই হাৰত কৰ্কট ৰোগ বিয়পি থাকে তেন্তে পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত প্ৰতি  ঘৰত এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। চিকিৎসকসকলে কয় যে অত্যধিক বাহিৰৰ খাদ্য, তেল-মচলাযুক্ত খাদ্য, অতিৰিক্ত চেনী আৰু ময়দা খোৱাৰ অভ্যাসেও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি প্ৰতিদিনে কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে৷ সেই খ্যদ্যসমূহ হৈছে -

ব্ৰকলি

এই পাচলিত যথেষ্ট ফাইটোকেমিকেল ছালফোৰাফেন থাকে। যি কৰ্কট কোষৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি  শেহতীয়াকৈ পুৰুষৰ প্ৰষ্টেট কৰ্কটৰোগৰ হাৰো বৃদ্ধি পাইছে। এই মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈ ব্ৰকলি দৈনিক খাদ্য তালিকাত  ৰাখিব লাগে। ব্ৰকলিয়ে স্তনৰ কৰ্কট ৰোগ আৰু মলাশয়ৰ ক
ৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে।


বেৰিজ

শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ  বেৰীৰ দৰে ফল অতি উপকাৰী। বেৰীয়ে কৰ্কট ৰোগৰ  আশংকাও দূৰ কৰে৷ এই ফলত এণ্টিঅক্সিডেণ্টৰ দৰে বহুতো উপকাৰী উপাদান থাকে৷ যি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গতিকে অন্যান্য ফলৰ সৈতে আপুনি বেৰীও খাব পাৰে।

আপেল

আপেল হৈছে পলিফেনলৰ এক সমৃদ্ধ উৎস। এই এণ্টিঅক্সিডেণ্টে শৰীৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কোষবোৰ ধ্বংস কৰাত সহায় কৰে। ফলস্বৰূপে ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অস্ত্ৰ  হ'ব পাৰে। অৱশ্যে কেৱল কৰ্কট ৰোগেই নহয়  হৃদৰোগৰ আশংকা দূৰ কৰিবলৈও  প্ৰতিদিনে এটা আপেল খাওক।

আখৰোট

বহুলোকে প্ৰতিদিনে শুকান ফল খায়। কিন্তু আপুনি জানেনে আখৰোটে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। আখৰোটত চেলেনিয়াম থাকে যি প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। এই মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ, দৈনিক আখৰোট খাদ্য তালিকাত ৰাখিব পাৰে৷ 

গাজৰ

গাজৰৰ অতি  উপকাৰী পাচলি । গাজৰত বহু উপকাৰী উপাদান থাকে, যি কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰে। স্তনৰ কৰ্কট, মুখৰ কৰ্কট, মূত্ৰাশয়ৰ কৰ্কট - এই তিনিটা ৰোগৰ আশংকা নাইকিয়া কৰিবলৈ নিয়মীয়াকৈ গাজৰ খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা