--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 

বিশ্বত  দৈনিক শতটা  নাৰী বিৰোধী ঘটনা সংঘটিত হয়৷ তদুপৰি চাকৰিৰ ক্ষেত্ৰখনো তুলনামূলকভাৱে প্ৰত্যাহ্বানমূলক মহিলাৰ বাবে৷ আয়াৰলেণ্ডতো শেহতীয়াকৈ সংঘটিত হ’ল তেনে  এক ঘটনা৷ ডমিন’জৰ চাকৰিৰ বাবে হোৱা এক সাক্ষাৎকাৰত বয়স আৰু লিংগৰ ভিত্তিত হেয় প্ৰতিপন্ন কৰা হ’ল এগৰাকী মহিলাক৷ 

সেই মহিলা গৰাকীৰ নাম জেনিছ ৱালছ৷ টাইৰণৰ এখন ডমিন’জত ডেলিভাৰী ড্ৰাইভাৰৰ বাবে আবেদন জনাইছিল জেনিছ ৱালছে৷ কিন্তু চাকৰিৰ  সাক্ষাৎকাৰত বয়সৰ বাবেই বৈষম্যৰ বলি হয় মহিলা গৰাকী৷ প্ৰতিষ্ঠানটোৰ এনে কাৰ্যই সাহসী মহিলা গৰাকীৰ মনোবল ভাঙিব নোৱাৰিলে৷ এই বিষয়টোৰ সন্দৰ্ভত  তেওঁ প্ৰতিষ্ঠানটোৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু জয় লাভ কৰে। 
ক্ষতিপূৰণ হিচাপে মহিলা গৰাকীয়ে ৩,৭৮,১১২ টকা লাভ কৰে৷ 

এই বিষয়ৰ সন্দৰ্ভত মহিলা গৰাকীয়ে মন্তব্য কৰে যে, ইন্টাৰভিউত তেওঁৰ বয়সৰ কথা সোধা হৈছিল৷ বয়সৰ বাবেই তেওঁক বঞ্চিত কৰা হৈছিল উক্ত চাকৰিৰ পৰা৷ ১৮ ৰ পৰা ২০ বছৰৰ প্ৰাৰ্থীকহে প্ৰাধান্য দিয়া হৈছিল ৷

অৱশ্যে মহিলা গৰাকীয়ে ন্যায় লাভ কৰাত সকলো যথেষ্ট সুখী হৈছে আৰু আওপকীয়াকৈ নিজৰ দায়ো স্বীকাৰ কৰিছে ডমিন’জে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু