--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 

বিশ্বত  দৈনিক শতটা  নাৰী বিৰোধী ঘটনা সংঘটিত হয়৷ তদুপৰি চাকৰিৰ ক্ষেত্ৰখনো তুলনামূলকভাৱে প্ৰত্যাহ্বানমূলক মহিলাৰ বাবে৷ আয়াৰলেণ্ডতো শেহতীয়াকৈ সংঘটিত হ’ল তেনে  এক ঘটনা৷ ডমিন’জৰ চাকৰিৰ বাবে হোৱা এক সাক্ষাৎকাৰত বয়স আৰু লিংগৰ ভিত্তিত হেয় প্ৰতিপন্ন কৰা হ’ল এগৰাকী মহিলাক৷ 

সেই মহিলা গৰাকীৰ নাম জেনিছ ৱালছ৷ টাইৰণৰ এখন ডমিন’জত ডেলিভাৰী ড্ৰাইভাৰৰ বাবে আবেদন জনাইছিল জেনিছ ৱালছে৷ কিন্তু চাকৰিৰ  সাক্ষাৎকাৰত বয়সৰ বাবেই বৈষম্যৰ বলি হয় মহিলা গৰাকী৷ প্ৰতিষ্ঠানটোৰ এনে কাৰ্যই সাহসী মহিলা গৰাকীৰ মনোবল ভাঙিব নোৱাৰিলে৷ এই বিষয়টোৰ সন্দৰ্ভত  তেওঁ প্ৰতিষ্ঠানটোৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু জয় লাভ কৰে। 
ক্ষতিপূৰণ হিচাপে মহিলা গৰাকীয়ে ৩,৭৮,১১২ টকা লাভ কৰে৷ 

এই বিষয়ৰ সন্দৰ্ভত মহিলা গৰাকীয়ে মন্তব্য কৰে যে, ইন্টাৰভিউত তেওঁৰ বয়সৰ কথা সোধা হৈছিল৷ বয়সৰ বাবেই তেওঁক বঞ্চিত কৰা হৈছিল উক্ত চাকৰিৰ পৰা৷ ১৮ ৰ পৰা ২০ বছৰৰ প্ৰাৰ্থীকহে প্ৰাধান্য দিয়া হৈছিল ৷

অৱশ্যে মহিলা গৰাকীয়ে ন্যায় লাভ কৰাত সকলো যথেষ্ট সুখী হৈছে আৰু আওপকীয়াকৈ নিজৰ দায়ো স্বীকাৰ কৰিছে ডমিন’জে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়