--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে! ইমৰান খানে বিত্তীয় লেনদেন সম্পৰ্কীয় গোচৰটোত দেশৰ শীৰ্ষ অনুসন্ধানকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ (এফআইএ) জাননীৰ সঁহাৰি দিয়া নাই।সেইবাবেই  ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলিছে৷ যদি তেওঁ তিনি নম্বৰ জাননী দিয়াৰ পিছতো উত্তৰ প্ৰদানত বিফল হয় তেন্তে তেওঁ গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত বুলি আইনজ্ঞ মহলে প্ৰকাশ কৰিছে৷

এফআইএয়ে শুকুৰবাৰে  ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)লৈ বিত্তীয় লেনদেন সম্পৰ্কীয় এটা গোচৰত দ্বিতীয় খন জাননী প্ৰেৰণ কৰিছিল। অৱশ্যে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে  জাননীখনৰ কোনো সঁহাৰি দিয়া নাছিল। কেৱল সেয়াই নহয়, ১০ আগষ্টত তেওঁলৈ প্ৰেৰণ কৰা প্ৰথম জাননীৰ পিছতো ইমৰান খান তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হোৱা নাছিল। ইয়াৰ পিছত, তিনি নম্বৰজাননী অনুসন্ধানকাৰী সংস্থাই  প্ৰেৰণ কৰা হ'ব। যদি জাননীখনৰ সঁহাৰি দিয়া নহয়, এফ.আই.এ.-য়ে  ইমৰাণৰ গ্ৰেপ্তাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব।

অনুসন্ধানকাৰীসকলে আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, কানাডা, ব্ৰিটেইন আৰু বেলজিয়ামত পাঁচটা কোম্পানীৰ সৈতে ধনৰ অবৈধ লেনদেনৰ তথ্য লাভল কৰিছে৷ তেওঁলোকে জানিব পাৰিছে যে সেই পাঁচটা কোম্পানীৰ  পৰা ইমৰাণৰ দলক ধনৰ যোগান ধৰা হৈছিল৷ এই কথা  নিৰ্বাচন আয়োগৰ শপতনামাত উল্লেখ কৰা হোৱা নাছিল।

এই মাহৰ আৰম্ভণিতে নিৰ্বাচন আয়োগে কৈছিল যে ইমৰাণ খানৰ পিটিআইয়ে অবৈধভাৱে ৩৪ জন বিদেশী নাগৰিকৰ পৰা পুঁজি সংগ্ৰহ কৰিছিল। তেওঁলোকৰ ভিতৰত এজন ভাৰতীয় বংশোদ্ভূত ব্যৱসায়ীও আছে। এই ক্ষেত্ৰত ইমৰাণৰ দললৈ আয়োগৰ তিনিজনীয়া বিচাৰপীঠে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

ইমৰাণ আৰু তেওঁৰ দলৰ পৰা এই বিষয়ত ব্যাখ্যা বিচৰা হৈছিল। ধনৰ অবৈধ সৰবৰাহ সম্পৰ্কীয় গোচৰটো ২০১৪ চনৰ নৱেম্বৰ মাহত পিটিআইৰ প্ৰতিষ্ঠাপক সদস্য আকবৰ এছ বাবৰেৰুজু কৰিছিল। বাবৰ বৰ্তমান পিটিআইৰ সৈতে জড়িত নহয়।

জাননী প্ৰেৰণ সন্দৰ্ভত ইমৰাণ খানে কৈছে , "মই উত্তৰ দিবলৈ বাধ্য নহয়। মই কোনো তথ্য দাখিল কৰিবলৈ বাধ্য নহয়। যদি জাননীখন দুদিনৰ ভিতৰত প্ৰত্যাহাৰ কৰা নহয়, আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম"। অনুসন্ধানকাৰী সংস্থাৰ সূত্ৰই দাবী কৰিছিল যে ইমৰাণক দোষী সাব্যস্ত কৰিবলৈ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু