--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰীয়া জয়ন্তীৰ পূৰ কৰিবলৈ উলাইছে 'বলীউড হাংগামা’ই। সেই উপলক্ষে প্ৰথমবাৰৰ বাবে বলীউড হাংগামা ষ্টাইল আইকনছ এৱাৰ্ড ২০২৩ৰ প্ৰদান কৰা হৈছে। তাৰকাৰে ভৰা এই নিশাটোত মনোৰঞ্জন উদ্যোগৰ অসংখ্য চেলিব্ৰিটিক সন্মান জনোৱা হয়।

তাতে অনিল কাপুৰকো ‘সৰ্বশ্ৰেষ্ঠ চিৰসেউজ আইকন’ বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে অভিনেত্ৰী অমীশা পেটেলে।

‘মষ্ট ষ্টাইলিছ এভাৰগ্ৰীন আইকন’ উপাধিৰে সন্মানিত হোৱাৰ সন্দৰ্ভত অনিলে কয়, ''প্ৰথমে মই বলীউড হাংগামাক ধন্যবাদ দিব বিচাৰিছো। সকলো মনোনীত ব্যক্তি আচলতে ষ্টাইল আইকন আৰু এই মনোনীতসকলৰ মাজত জয়ী হোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। আমি সকলোৱে একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিলো। আমি সকলোৱে ইয়াৰ যোগ্য আৰু মই তেওঁলোকৰ হৈ এই বঁটা লওঁ।’’

অনিল কাপুৰে আৰু কয় যে, ''মই সেই ৰাস্তাৰ কাষৰ নাপিতজনক ধন্যবাদ দিব বিচাৰো, যিয়ে মোৰ চুলি কাটিছিল সেই সাত দিনৰ বাবে। মই বিচাৰিছিলো এজন গাঁৱৰ মানুহ, যি পাটিয়ালাৰ পৰা আহি হেয়াৰ-ষ্টাইল কৰিব পাৰে। মোৰ মায়ে মোৰ কাপোৰ ডিজাইন কৰিছিল। মই মাক ধন্যবাদ দিব বিচাৰিছো। তাৰ পিছত মোৰ পত্নী আৰু, শেষত মই ষ্টাইলিষ্টসকলক ধন্যবাদ জনাইছো, যিসকলে মোৰ সৈতে বছৰ বছৰ ধৰি কাম কৰিছিল।'

কাপুৰে পুৰস্কাৰ গ্ৰহণৰ পিছত কয় যে, ''মোক ষ্টাইল আইকন বনোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই কেতিয়াও এইটো কল্পনা কৰা নাছিলো, মই মাত্ৰ এজন অভিনেতা, যিয়ে এজন খেলুৱৈ হ'বলৈ চেষ্টা কৰি আছে৷"

অনিল কাপুৰৰ বয়স লাহে লাহে আগবঢ়া যেন লাগিছে। কিন্তু লগতে তেওঁ এনেদৰে সাজ-পোছাক পিন্ধে যে তেওঁক তেওঁৰ আধা বয়সৰ যেন লাগে। অনিল কাপুৰৰ অনুৰাগীসকলে তেওঁৰ সাজ-পোছাকত ফেশ্বন আইডিয়াৰ অভাৱ নাপায়। লগতে তেওঁৰ ইনষ্টাগ্ৰামত ফিটনেছৰো প্ৰচুৰ প্ৰেৰণা লাভ কৰিব পাৰি। যিকোনো শৈলী, আৰ্হি বা ৰূপ কঢ়িয়াই নিব পৰা এই অভিনেতাজন নিঃসন্দেহে বলীউডৰ অন্যতম ষ্টাইলিছ চিৰসেউজ অভিনেতা।

শেহতীয়াকৈ আদিত্য ৰায় কাপুৰৰ সৈতে অভিনয় কৰা ৱেব ছিৰিজ দ্য নাইট মেনেজাৰত দেখা গৈছিল অনিল কাপুৰক। ইয়াৰ পিছত তেওঁক এনিমেল ছবিত দেখা যাব য’ত ৰণবীৰ কাপুৰ, ৰশ্মিকা মাণ্ডন্না আৰু ববি দেউলেও অভিনয় কৰিছে। ইয়াৰ উপৰিও অনিল কাপুৰৰ হৃতিক ৰোশন আৰু দীপিকা পাডুকনৰ সৈতে পৰিচালক সিদ্ধাৰ্থ আনন্দৰ একছ্ন ছবিও চুক্তিবদ্ধ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক