--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰীয়া জয়ন্তীৰ পূৰ কৰিবলৈ উলাইছে 'বলীউড হাংগামা’ই। সেই উপলক্ষে প্ৰথমবাৰৰ বাবে বলীউড হাংগামা ষ্টাইল আইকনছ এৱাৰ্ড ২০২৩ৰ প্ৰদান কৰা হৈছে। তাৰকাৰে ভৰা এই নিশাটোত মনোৰঞ্জন উদ্যোগৰ অসংখ্য চেলিব্ৰিটিক সন্মান জনোৱা হয়।

তাতে অনিল কাপুৰকো ‘সৰ্বশ্ৰেষ্ঠ চিৰসেউজ আইকন’ বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে অভিনেত্ৰী অমীশা পেটেলে।

‘মষ্ট ষ্টাইলিছ এভাৰগ্ৰীন আইকন’ উপাধিৰে সন্মানিত হোৱাৰ সন্দৰ্ভত অনিলে কয়, ''প্ৰথমে মই বলীউড হাংগামাক ধন্যবাদ দিব বিচাৰিছো। সকলো মনোনীত ব্যক্তি আচলতে ষ্টাইল আইকন আৰু এই মনোনীতসকলৰ মাজত জয়ী হোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। আমি সকলোৱে একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিলো। আমি সকলোৱে ইয়াৰ যোগ্য আৰু মই তেওঁলোকৰ হৈ এই বঁটা লওঁ।’’

অনিল কাপুৰে আৰু কয় যে, ''মই সেই ৰাস্তাৰ কাষৰ নাপিতজনক ধন্যবাদ দিব বিচাৰো, যিয়ে মোৰ চুলি কাটিছিল সেই সাত দিনৰ বাবে। মই বিচাৰিছিলো এজন গাঁৱৰ মানুহ, যি পাটিয়ালাৰ পৰা আহি হেয়াৰ-ষ্টাইল কৰিব পাৰে। মোৰ মায়ে মোৰ কাপোৰ ডিজাইন কৰিছিল। মই মাক ধন্যবাদ দিব বিচাৰিছো। তাৰ পিছত মোৰ পত্নী আৰু, শেষত মই ষ্টাইলিষ্টসকলক ধন্যবাদ জনাইছো, যিসকলে মোৰ সৈতে বছৰ বছৰ ধৰি কাম কৰিছিল।'

কাপুৰে পুৰস্কাৰ গ্ৰহণৰ পিছত কয় যে, ''মোক ষ্টাইল আইকন বনোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই কেতিয়াও এইটো কল্পনা কৰা নাছিলো, মই মাত্ৰ এজন অভিনেতা, যিয়ে এজন খেলুৱৈ হ'বলৈ চেষ্টা কৰি আছে৷"

অনিল কাপুৰৰ বয়স লাহে লাহে আগবঢ়া যেন লাগিছে। কিন্তু লগতে তেওঁ এনেদৰে সাজ-পোছাক পিন্ধে যে তেওঁক তেওঁৰ আধা বয়সৰ যেন লাগে। অনিল কাপুৰৰ অনুৰাগীসকলে তেওঁৰ সাজ-পোছাকত ফেশ্বন আইডিয়াৰ অভাৱ নাপায়। লগতে তেওঁৰ ইনষ্টাগ্ৰামত ফিটনেছৰো প্ৰচুৰ প্ৰেৰণা লাভ কৰিব পাৰি। যিকোনো শৈলী, আৰ্হি বা ৰূপ কঢ়িয়াই নিব পৰা এই অভিনেতাজন নিঃসন্দেহে বলীউডৰ অন্যতম ষ্টাইলিছ চিৰসেউজ অভিনেতা।

শেহতীয়াকৈ আদিত্য ৰায় কাপুৰৰ সৈতে অভিনয় কৰা ৱেব ছিৰিজ দ্য নাইট মেনেজাৰত দেখা গৈছিল অনিল কাপুৰক। ইয়াৰ পিছত তেওঁক এনিমেল ছবিত দেখা যাব য’ত ৰণবীৰ কাপুৰ, ৰশ্মিকা মাণ্ডন্না আৰু ববি দেউলেও অভিনয় কৰিছে। ইয়াৰ উপৰিও অনিল কাপুৰৰ হৃতিক ৰোশন আৰু দীপিকা পাডুকনৰ সৈতে পৰিচালক সিদ্ধাৰ্থ আনন্দৰ একছ্ন ছবিও চুক্তিবদ্ধ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু