--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখবৰ। উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য অর্জন নগাঁও জিলাৰ মৰঙীয়াল গাঁৱৰ নৱজ্যোতি বৰাৰ। নাট্যকাৰ, অভিনেতা নৱজ্যোতি বৰাই ‘মজ’লী’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পাবলৈ সক্ষম হৈছে। মুম্বাইত অনুষ্ঠিত হৈছিল উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

শৈশৱৰ পৰাই নাট্য জগতৰ লগত জড়িত নৱজ্যোতি বৰাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী। অসমলৈ গৌৰৱ কঢ়িয়াই মুম্বাইৰ পৰা পোনে পোনে স্ব-গৃহত উপস্থিত হোৱা নৱজ্যোতি বৰাক অঞ্চলবাসীৰ লগতে সাংস্কৃতিক জগতৰ বহু শিল্পীয়ে শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও জিলাৰ অতি পুৰণি নাট্যগোষ্টী ‘সুন্দৰম’ নাট্যগোষ্ঠীৰ পৰা নাট্য জগতলৈ পাতনি মেলা নৱজ্যোতি বৰাই ইতিমধ্যেই কেইবাখনো ধাৰাবাহিক কাহিনীৰ ৰচনা আৰু সুন্দৰ পৰিচালনাৰ বাবে দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে অসমীয়া ধাৰাবাহিকৰ কেইবাখনো জনপ্রিয় ধাৰাবাহিকৰ কাহিনী চিত্ৰনাট্য সংলাপ লিখা নৱজ্যোতি বৰাই বৰ্তমান জনপ্ৰিয় চেনেল ৰেঙনিত সম্প্ৰচাৰ হৈ থকা ‘বাউলি ফাগুন’ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি আছে।  এই ক্ষেত্ৰখনত নৱজ্যোতি বৰা আৰু আগুৱাই যাওক তাৰে কামনা কৰিছে নগাঁওবাসীয়ে।   









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু