--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখবৰ। উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য অর্জন নগাঁও জিলাৰ মৰঙীয়াল গাঁৱৰ নৱজ্যোতি বৰাৰ। নাট্যকাৰ, অভিনেতা নৱজ্যোতি বৰাই ‘মজ’লী’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পাবলৈ সক্ষম হৈছে। মুম্বাইত অনুষ্ঠিত হৈছিল উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

শৈশৱৰ পৰাই নাট্য জগতৰ লগত জড়িত নৱজ্যোতি বৰাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী। অসমলৈ গৌৰৱ কঢ়িয়াই মুম্বাইৰ পৰা পোনে পোনে স্ব-গৃহত উপস্থিত হোৱা নৱজ্যোতি বৰাক অঞ্চলবাসীৰ লগতে সাংস্কৃতিক জগতৰ বহু শিল্পীয়ে শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও জিলাৰ অতি পুৰণি নাট্যগোষ্টী ‘সুন্দৰম’ নাট্যগোষ্ঠীৰ পৰা নাট্য জগতলৈ পাতনি মেলা নৱজ্যোতি বৰাই ইতিমধ্যেই কেইবাখনো ধাৰাবাহিক কাহিনীৰ ৰচনা আৰু সুন্দৰ পৰিচালনাৰ বাবে দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে অসমীয়া ধাৰাবাহিকৰ কেইবাখনো জনপ্রিয় ধাৰাবাহিকৰ কাহিনী চিত্ৰনাট্য সংলাপ লিখা নৱজ্যোতি বৰাই বৰ্তমান জনপ্ৰিয় চেনেল ৰেঙনিত সম্প্ৰচাৰ হৈ থকা ‘বাউলি ফাগুন’ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি আছে।  এই ক্ষেত্ৰখনত নৱজ্যোতি বৰা আৰু আগুৱাই যাওক তাৰে কামনা কৰিছে নগাঁওবাসীয়ে।   









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement