--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কম বয়সতে এগৰাকী অতি সফল অভিনেত্ৰী হিচাপে শিৰোনাম দখল কৰি আহিছে আলিয়া ভাটে। তেওঁ শিশুৰ বাবে এটা কাপোৰৰ ব্ৰেণ্ডো গঠন কৰিছে। ব্ৰেণ্ডৰ কাৰ্যকলাপৰ সৈতে ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ আছে ৰণবীৰ-পত্নী।

শেহতীয়াকৈ তেওঁৰ এই সক্ৰিয়তাৰ প্ৰতি আকৃষ্ট হৈ পৰিছে ‘আৰ আৰ আৰ’ৰ সহ অভিনেতা জুনিয়ৰ এন টি আৰ। অভিনেতাজনৰ দুই পুত্ৰ অভয় ৰাম আৰু ভাৰ্গৱ ৰামক নিজৰ ব্ৰেণ্ডৰ কিছু সামগ্ৰী উপহাৰ দিছে আলিয়াই।

জুনিয়ৰ এনটিআৰে এই উপহাৰ লাভ কৰি বহুত সুখী হৈ পৰিল। তেওঁ ইনষ্টাগ্ৰামত তেওঁৰ দুই পুত্ৰৰ নাম থকা বেগটোৰ ফটো পোষ্ট কৰে। আলিয়াক ধন্যবাদ জনাই ধেমালিতে লিখিলে, “মইও সোনকালে মোৰ নাম লিখা উপহাৰৰ বেগ এটা পাম বুলি আশা কৰিছো!”

আলিয়াই ইয়াৰ প্ৰত্যুত্তৰত লিখিছে- “মই তোমাক কাপোৰৰ উপহাৰ এটা পঠাম। ধন্যবাদ।"

অস্কাৰ লাভ কৰাৰ আনন্দৰ লগতে বিশ্বব্যাপী বক্স অফিচত এবছৰ সম্পূৰ্ণ কৰিছে ‘আৰ আৰ আৰ’। এই ছবিখনত আলিয়াই অতিথি চৰিত্ৰ ‘সীতা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। জুনিয়ৰ এন টি আৰৰ চৰিত্ৰটো কুমাৰম ভীমৰ চৰিত্ৰৰ ওপৰত আধাৰিত আছিল।

এছ এছ ৰাজামৌলিৰ পৰিচালিত এই ছবিখনে বহু মাইলৰ খুঁটি স্পৰ্শ কৰিছে। ৯৫ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান লাভ কৰে ছবিখনৰ গীত ‘নতু নাতু’। ‘নতু নাতু’ ভাৰতৰ প্ৰথমটো অইংৰাজী ভাষাৰ গীত হিচাপে গৌৰৱ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ