--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাংৰাত পাঞ্জাৱীসকলৰ আবেগ জড়িত হৈ আছে৷ যিদৰে বিহু বুলিলে অসমীয়া ৰ'ব নোৱাৰে থিক তেনেদৰে ভাংৰা বুলিলে ৰৈ থাকিব নোৱাৰে পাঞ্জাৱীসকল৷ এপাক নানাচাকৈ কেনেকৈ থাকিব? তেনে এক ভাইৰেল ভিডিঅ'ই বিমুগ্ধ কৰিছে সকলোকে৷ ঢোলৰ শব্দৰ প্ৰতি অকৃত্ৰিম ভালপোৱা খবৰ সময়ে সময়ে পোৱা যায়। এইবাৰ এগৰাকী পাঞ্জাৱী মহিলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল৷ অৱশ্যে মহিলাজনীৰ বয়স আছিল ৫০ৰো উৰ্দ্ধত৷ তেওঁ পাকঘৰত কৰা ভাংৰা নৃত্যই সকলোকে বিমুগ্ধ কৰি তোলে৷ জানিব পৰা মতে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে হঠাতে ঢোল আৰু বুম বক্স লৈ ঘৰত প্ৰৱেশ কৰিছিল। ভিডিঅ'টো কেলিফৰ্ণিয়াস্থিত এজন সংগীত প্ৰযোজক গগনদীপ সিং আনন্দে পোষ্ট কৰিছিল৷ তেওঁ মাকক ছাৰপ্ৰাইজ দিছিল তেওঁৰ প্ৰিয় 'ঢোল জাগেৰো দা' গীতটোৰ জৰিয়তে৷ যেতিয়া তেওঁ ঢোল বজাই পাকঘৰত প্ৰৱেশ কৰিছিল, তেওঁৰ মাক আনন্দিত হৈ পৰিছিল আৰু হাততালি দি নাচিবলৈ ধৰিছিল। তাৰপাছত ভাংৰা নৃত্যৰে প্ৰদৰ্শন কৰি সকলোকে আপ্লুট কৰি তোলে বৃদ্ধাগৰাকীয়ে। এই ভিডিঅ'টো মুহুৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ বয়স মাত্ৰ এটি সংখ্যা বুলি কোৱাৰ এয়া যেন এক জীৱন্ত উদাহৰণ৷ ভিডিঅ' ক্লিপটোত বৃদ্ধাগৰাকীয়ে ভাংৰা নৃত্য নিখুঁতভাৱে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু