--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাংৰাত পাঞ্জাৱীসকলৰ আবেগ জড়িত হৈ আছে৷ যিদৰে বিহু বুলিলে অসমীয়া ৰ'ব নোৱাৰে থিক তেনেদৰে ভাংৰা বুলিলে ৰৈ থাকিব নোৱাৰে পাঞ্জাৱীসকল৷ এপাক নানাচাকৈ কেনেকৈ থাকিব? তেনে এক ভাইৰেল ভিডিঅ'ই বিমুগ্ধ কৰিছে সকলোকে৷ ঢোলৰ শব্দৰ প্ৰতি অকৃত্ৰিম ভালপোৱা খবৰ সময়ে সময়ে পোৱা যায়। এইবাৰ এগৰাকী পাঞ্জাৱী মহিলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল৷ অৱশ্যে মহিলাজনীৰ বয়স আছিল ৫০ৰো উৰ্দ্ধত৷ তেওঁ পাকঘৰত কৰা ভাংৰা নৃত্যই সকলোকে বিমুগ্ধ কৰি তোলে৷ জানিব পৰা মতে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে হঠাতে ঢোল আৰু বুম বক্স লৈ ঘৰত প্ৰৱেশ কৰিছিল। ভিডিঅ'টো কেলিফৰ্ণিয়াস্থিত এজন সংগীত প্ৰযোজক গগনদীপ সিং আনন্দে পোষ্ট কৰিছিল৷ তেওঁ মাকক ছাৰপ্ৰাইজ দিছিল তেওঁৰ প্ৰিয় 'ঢোল জাগেৰো দা' গীতটোৰ জৰিয়তে৷ যেতিয়া তেওঁ ঢোল বজাই পাকঘৰত প্ৰৱেশ কৰিছিল, তেওঁৰ মাক আনন্দিত হৈ পৰিছিল আৰু হাততালি দি নাচিবলৈ ধৰিছিল। তাৰপাছত ভাংৰা নৃত্যৰে প্ৰদৰ্শন কৰি সকলোকে আপ্লুট কৰি তোলে বৃদ্ধাগৰাকীয়ে। এই ভিডিঅ'টো মুহুৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ বয়স মাত্ৰ এটি সংখ্যা বুলি কোৱাৰ এয়া যেন এক জীৱন্ত উদাহৰণ৷ ভিডিঅ' ক্লিপটোত বৃদ্ধাগৰাকীয়ে ভাংৰা নৃত্য নিখুঁতভাৱে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক