--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোজপুৰী গায়ক-অভিনেতা মনোজ তিৱাৰী বৰ্তমান সময়ত ৰাজনীতি পথাৰত যথেষ্ট সক্ৰিয়। তেওঁ প্ৰতিটো সুযোগতে তেওঁৰ দল ভাৰতীয় জনতা পাৰ্টিৰ বাবে মুকলিকৈ সমৰ্থন আৰু প্ৰচাৰ চলায়। শেহতীয়াকৈ মনোজ তিৱাৰীয়ে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিষয়ে এক মন্তব্য কৰি চৰ্চাত আহিছে। মনোজ তিৱাৰীয়ে অলপতে ইউটিউবাৰ সামদীশ ভাটিয়াক এটা সাক্ষাৎকাৰ দিয়ে। এই সাক্ষাৎকাৰত মনোজে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ উপৰিও চলচ্চিত্ৰ তাৰকাসকলৰ বিষয়ে বহু কথা কৈছিল। এই সময়ছোৱাত মনোজ তিৱাৰীয়ে কংগনা ৰাণাৱটৰ বিষয়েও এটা ডাঙৰ মন্তব্য দিয়ে। তেওঁ কৈছিল যে "কংগনাই কাৰোবাক সমালোচনা কৰোঁতে ভাষাৰ মৰ্যাদাৰ প্ৰতি ধ্যান দিয়া উচিত। কংগনাই কথা কওঁতে মাজে মাজে ভাষাৰ মৰ্যাদা হেৰুৱায় পেলায়।" এই কথা মনোজ তিৱাৰীয়ে কংগনাই মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীক লৈ কৰা মন্তব্যৰ প্ৰসংগত কৈছিল। মনোজে কয়, "মই ভাবো মানুহে মানুহৰ প্ৰতি মতামত দিওঁতে মানুহজনক পোনপটীয়াকৈ আঘাত কৰাকৈ ইমান কঠোৰকৈ ক'ব নালাগে। মনোজ তিৱাৰীয়ে লগতে কয়, "শিল্পীসকলে শিল্পীৰ ধৰ্ম পালন কৰা উচিত। ৰাজনীতিত যোগদান কৰিলেহে এই সকলোবোৰ স্পষ্টকৈ কোৱা উচিত।" মনোজ তিৱাৰীক সোধা হৈছিল যে কংগনা ৰাণাৱটে সক্ৰিয় ৰাজনীতিত যোগদান কৰিব নেকি, কিন্তু গায়কগৰাকীয়ে এই প্ৰশ্নটো এৰাই চলিছিল। মনোজ তিৱাৰীয়ে কংগনাৰ সন্দৰ্ভত পুনৰ কয় "যেতিয়া কংগনা ৰাণাৱট সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কথাত সৰৱ হৈছিল, সেই সময়ত মই ভাবো যে মহাৰাষ্ট্ৰ চৰকাৰো তেওঁৰ প্ৰতি অলপ কঠোৰ আছিল। সেয়াও সঠিক নাছিল। কথা কওতে মানুহ নম্ৰ হ'ব লাগিব। আপুনি যিকোনো কথাত নিশ্চয়কৈ মাত মাতিব পাৰে কিন্তু কাৰোবাক অপমান কৰাটো আমাৰ দেশৰ সংস্কৃতি নহয়। মুখ্যমন্ত্ৰীপদত অধিষ্ঠিত ব্যক্তিজনক সকলোৱে সন্মান জনাব লাগে।'' মনোজ তিৱাৰীয়ে লগতে কয়, "মানুহে আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়েও মৰ্যাদা হানি হোৱা কথা কয়। মই তেওঁলোকক ক'ব বিচাৰো যে দেশৰ ডাঙৰ পদবীত থকা লোকসকলক সন্মান জনোৱা উচিত। সমালোচনা কৰক কিন্তু সন্মানৰ সৈতে কৰক। কিছুমান মানুহে সকলো সীমা অতিক্ৰমি কথা কয়, এইটো বৰ বেয়া কথা।" আৰু পঢ়কঃ ঈশ্বৰৰ দূত! চনু সুদৰ বাবে জীৱন বাচিল দুৰ্ঘটনাত আহত লোকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ