--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোজপুৰী গায়ক-অভিনেতা মনোজ তিৱাৰী বৰ্তমান সময়ত ৰাজনীতি পথাৰত যথেষ্ট সক্ৰিয়। তেওঁ প্ৰতিটো সুযোগতে তেওঁৰ দল ভাৰতীয় জনতা পাৰ্টিৰ বাবে মুকলিকৈ সমৰ্থন আৰু প্ৰচাৰ চলায়। শেহতীয়াকৈ মনোজ তিৱাৰীয়ে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিষয়ে এক মন্তব্য কৰি চৰ্চাত আহিছে। মনোজ তিৱাৰীয়ে অলপতে ইউটিউবাৰ সামদীশ ভাটিয়াক এটা সাক্ষাৎকাৰ দিয়ে। এই সাক্ষাৎকাৰত মনোজে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ উপৰিও চলচ্চিত্ৰ তাৰকাসকলৰ বিষয়ে বহু কথা কৈছিল। এই সময়ছোৱাত মনোজ তিৱাৰীয়ে কংগনা ৰাণাৱটৰ বিষয়েও এটা ডাঙৰ মন্তব্য দিয়ে। তেওঁ কৈছিল যে "কংগনাই কাৰোবাক সমালোচনা কৰোঁতে ভাষাৰ মৰ্যাদাৰ প্ৰতি ধ্যান দিয়া উচিত। কংগনাই কথা কওঁতে মাজে মাজে ভাষাৰ মৰ্যাদা হেৰুৱায় পেলায়।" এই কথা মনোজ তিৱাৰীয়ে কংগনাই মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীক লৈ কৰা মন্তব্যৰ প্ৰসংগত কৈছিল। মনোজে কয়, "মই ভাবো মানুহে মানুহৰ প্ৰতি মতামত দিওঁতে মানুহজনক পোনপটীয়াকৈ আঘাত কৰাকৈ ইমান কঠোৰকৈ ক'ব নালাগে। মনোজ তিৱাৰীয়ে লগতে কয়, "শিল্পীসকলে শিল্পীৰ ধৰ্ম পালন কৰা উচিত। ৰাজনীতিত যোগদান কৰিলেহে এই সকলোবোৰ স্পষ্টকৈ কোৱা উচিত।" মনোজ তিৱাৰীক সোধা হৈছিল যে কংগনা ৰাণাৱটে সক্ৰিয় ৰাজনীতিত যোগদান কৰিব নেকি, কিন্তু গায়কগৰাকীয়ে এই প্ৰশ্নটো এৰাই চলিছিল। মনোজ তিৱাৰীয়ে কংগনাৰ সন্দৰ্ভত পুনৰ কয় "যেতিয়া কংগনা ৰাণাৱট সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কথাত সৰৱ হৈছিল, সেই সময়ত মই ভাবো যে মহাৰাষ্ট্ৰ চৰকাৰো তেওঁৰ প্ৰতি অলপ কঠোৰ আছিল। সেয়াও সঠিক নাছিল। কথা কওতে মানুহ নম্ৰ হ'ব লাগিব। আপুনি যিকোনো কথাত নিশ্চয়কৈ মাত মাতিব পাৰে কিন্তু কাৰোবাক অপমান কৰাটো আমাৰ দেশৰ সংস্কৃতি নহয়। মুখ্যমন্ত্ৰীপদত অধিষ্ঠিত ব্যক্তিজনক সকলোৱে সন্মান জনাব লাগে।'' মনোজ তিৱাৰীয়ে লগতে কয়, "মানুহে আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়েও মৰ্যাদা হানি হোৱা কথা কয়। মই তেওঁলোকক ক'ব বিচাৰো যে দেশৰ ডাঙৰ পদবীত থকা লোকসকলক সন্মান জনোৱা উচিত। সমালোচনা কৰক কিন্তু সন্মানৰ সৈতে কৰক। কিছুমান মানুহে সকলো সীমা অতিক্ৰমি কথা কয়, এইটো বৰ বেয়া কথা।" আৰু পঢ়কঃ ঈশ্বৰৰ দূত! চনু সুদৰ বাবে জীৱন বাচিল দুৰ্ঘটনাত আহত লোকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু