--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰে তেওঁৰ ৫০ সংখ্যক জন্মদিনত অষ্ট্ৰেলিয়াৰ পৰা বিশেষ সন্মান লাভ কৰে। অষ্ট্ৰেলিয়াৰ ছিডনী ক্ৰিকেট খেলপথাৰত তেওঁৰ নামেৰে এখন গেটৰ নামকৰণ কৰা হৈছে। সোমবাৰে গেটখন উদ্বোধন কৰা হয়। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্রায়ান লাৰাৰ নামতো এখন গেটৰ নামকৰণ কৰা হৈছিল।

২৪ এপ্ৰিলত শচীনৰ ৫০ সংখ্যক জন্মদিনৰ লগতে ছিডনীত লাৰাৰ স্মৰণীয় ২৭৭ ৰানৰ ইনিংছটো খেলাৰো ৩০ বছৰ সম্পূৰ্ণ হ’ল। সেইটো আছিল লাৰাৰ প্ৰথম টেষ্ট শতক। গতিকে এই বিশেষ দিনটো উদযাপন কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে।

ইয়াৰ পূৰ্বে ছিডনীত ড’নাল্ড ব্ৰেডমেন, এলান ডেভিডছন আৰু আৰ্থাৰ মৰিছৰ নামেৰে গেট আছিল। শচীন আৰু লাৰা সেই তালিকাত যোগ হৈছে।



ছিডনীত লাৰাই চাৰিখন টেষ্ট খেলিছিল। তেওঁ ৩৮৪ ৰান সংগ্ৰহ কৰে। আনহাতে, ছিডনীত ৫ খন টেষ্ট খেলি শচীনে ৭৮৫ ৰান সংগ্ৰহ কৰে। এই ক্ষেত্ৰত তেওঁৰ গড় ১৫৭। সৰ্বাধিক অপৰাজিত ২৪১।

এই সন্মান দিয়াৰ বাবে শচীনে ক্ৰিকেট অষ্ট্ৰেলিয়াক ধন্যবাদ জনায়। এক বিবৃতিত তেওঁ কয়, ‘ভাৰতৰ বাহিৰত মোৰ প্ৰিয় খেলপথাৰখন হ’ল ছিডনী। ১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছৰে পৰা এই খেলপথাৰৰ সৈতে বহু স্মৃতি জড়িত হৈ আছে। গতিকে মই বৰ সুখী যে মোৰ আৰু মোৰ অতি ভাল বন্ধু লাৰাৰ নামেৰে গেট এখন আছে।''

ধন্যবাদ দিছে লাৰাও। এক বিবৃতিত তেওঁ কয়- ''মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো। মই নিশ্চিত যে শচীনেও একেই অনুভৱ কৰিছে। যেতিয়াই অষ্ট্ৰেলিয়াত থাকোঁ তেতিয়াই পৰিয়ালৰ সৈতে ছিডনীলৈ যাওঁ। এই ক্ষেত্ৰখনৰ লগত মোৰ বহু মুহূৰ্ত জড়িত হৈ আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক