--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰে তেওঁৰ ৫০ সংখ্যক জন্মদিনত অষ্ট্ৰেলিয়াৰ পৰা বিশেষ সন্মান লাভ কৰে। অষ্ট্ৰেলিয়াৰ ছিডনী ক্ৰিকেট খেলপথাৰত তেওঁৰ নামেৰে এখন গেটৰ নামকৰণ কৰা হৈছে। সোমবাৰে গেটখন উদ্বোধন কৰা হয়। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্রায়ান লাৰাৰ নামতো এখন গেটৰ নামকৰণ কৰা হৈছিল।

২৪ এপ্ৰিলত শচীনৰ ৫০ সংখ্যক জন্মদিনৰ লগতে ছিডনীত লাৰাৰ স্মৰণীয় ২৭৭ ৰানৰ ইনিংছটো খেলাৰো ৩০ বছৰ সম্পূৰ্ণ হ’ল। সেইটো আছিল লাৰাৰ প্ৰথম টেষ্ট শতক। গতিকে এই বিশেষ দিনটো উদযাপন কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে।

ইয়াৰ পূৰ্বে ছিডনীত ড’নাল্ড ব্ৰেডমেন, এলান ডেভিডছন আৰু আৰ্থাৰ মৰিছৰ নামেৰে গেট আছিল। শচীন আৰু লাৰা সেই তালিকাত যোগ হৈছে।



ছিডনীত লাৰাই চাৰিখন টেষ্ট খেলিছিল। তেওঁ ৩৮৪ ৰান সংগ্ৰহ কৰে। আনহাতে, ছিডনীত ৫ খন টেষ্ট খেলি শচীনে ৭৮৫ ৰান সংগ্ৰহ কৰে। এই ক্ষেত্ৰত তেওঁৰ গড় ১৫৭। সৰ্বাধিক অপৰাজিত ২৪১।

এই সন্মান দিয়াৰ বাবে শচীনে ক্ৰিকেট অষ্ট্ৰেলিয়াক ধন্যবাদ জনায়। এক বিবৃতিত তেওঁ কয়, ‘ভাৰতৰ বাহিৰত মোৰ প্ৰিয় খেলপথাৰখন হ’ল ছিডনী। ১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছৰে পৰা এই খেলপথাৰৰ সৈতে বহু স্মৃতি জড়িত হৈ আছে। গতিকে মই বৰ সুখী যে মোৰ আৰু মোৰ অতি ভাল বন্ধু লাৰাৰ নামেৰে গেট এখন আছে।''

ধন্যবাদ দিছে লাৰাও। এক বিবৃতিত তেওঁ কয়- ''মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো। মই নিশ্চিত যে শচীনেও একেই অনুভৱ কৰিছে। যেতিয়াই অষ্ট্ৰেলিয়াত থাকোঁ তেতিয়াই পৰিয়ালৰ সৈতে ছিডনীলৈ যাওঁ। এই ক্ষেত্ৰখনৰ লগত মোৰ বহু মুহূৰ্ত জড়িত হৈ আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement