--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমানিশ কুমাৰ শৰ্মাই  ৬ ৰাউণ্ডৰ পৰা ৫ .৫ অৰ্জন কৰি গুৱাহাটীৰ আৰ জি বৰুৱাত পথত অৱস্থিত  একাডেমীৰ চৌহদত গুৱাহাটী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা  ৰেপিড দবা প্ৰতিযোগিতাত (১৬ সংখ্যক সংস্কৰণ)  খিতাপ দখল কৰে।  গোটেই প্ৰতিযোগিতাখনত অপৰাজিত হৈ থকা হিমানিশে ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰে। চূড়ান্ত ৰাউণ্ডত হিমানিশে ৰজত  বাফনাৰ সৈতে ড্ৰ’ কৰে।  ৰজত বাফনাই ৫ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। 

নীহাৰ দাসেও ৫ পইণ্ট সংগ্ৰহ কৰে যদিও  টাইব্ৰেক স্কৰৰ ভিত্তিত  তৃতীয় স্থান লাভ কৰে। হৃদিকা দাস আৰু মন্থন  লহকৰে শৰ্মা ৪.৫ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থান ঘোষণা কৰা হয়। ৪ পইণ্টেৰে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালী হিচাপে নিৰ্বাচিত হ’ল নিভৃতি গোস্বামী । 

৭ বছৰ অনুৰ্ধ শাখাত আদিক বনিকে ১ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। আকাঙ্খা কলিতা আৰু সুৰ্য্যাংশু শইকীয়াইও ১পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত  ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।
৯ বছৰ অনুৰ্ধৰ শাখাত ধান্যতা গোস্বামীয়ে  ৪ পইণ্টেৰে প্ৰথম স্থান লাভ কৰে। অৰ্ণৱ চেতিয়া আৰু বৰ্ণিত বৈশ্যই  ৩ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় আৰু তৃতীয় ঘোষণা কৰে। ১১ বছৰ অনুৰ্ধৰ শাখাত ভিভান আৰিজ ঠাকুৰীয়াই   ৪  পইণ্টেৰে প্ৰথম স্থান লাভ কৰে, আৰু আৰাধ্যা  ভৰদ্বাজ আৰু হৃয়ান কৌশিক  ঠাকুৰীয়া দুয়োজনে ৪  পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় আৰু তৃতীয় ঘোষণা কৰে। ১৩ বছৰ অনুৰ্ধৰ শাখাত নিবিৰ নিলয় বৈশ্যই  ৪ পইণ্টৰে প্ৰথম স্থান আৰু   শুভাং প্ৰাণ  কাশ্যপে গগৈয়ে ৩.৫  পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। 

 অয়ন ভাৰতীয়াই ও এইটো শাখাত  ৩.৫  পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে।  ১৫ বছৰ অনুৰ্ধৰ শাখাত প্ৰত্যুষ পাঠকে ৪ পইণ্টেৰে প্ৰথম স্থান লাভ কৰে, কৃতাৰ্থ শইকীয়াই  দ্বিতীয় স্থান লাভ কৰে ৩.৫  পইণ্ট, আৰু উদ্দীপ্ত বৰ্মনে ৩ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাত প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখন  প্ৰণৱ কুমাৰ নাথে  মুখ্য আৰ্বিটাৰ  হিচাপে পৰিচালনা কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement