--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমানিশ কুমাৰ শৰ্মাই  ৬ ৰাউণ্ডৰ পৰা ৫ .৫ অৰ্জন কৰি গুৱাহাটীৰ আৰ জি বৰুৱাত পথত অৱস্থিত  একাডেমীৰ চৌহদত গুৱাহাটী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা  ৰেপিড দবা প্ৰতিযোগিতাত (১৬ সংখ্যক সংস্কৰণ)  খিতাপ দখল কৰে।  গোটেই প্ৰতিযোগিতাখনত অপৰাজিত হৈ থকা হিমানিশে ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰে। চূড়ান্ত ৰাউণ্ডত হিমানিশে ৰজত  বাফনাৰ সৈতে ড্ৰ’ কৰে।  ৰজত বাফনাই ৫ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। 

নীহাৰ দাসেও ৫ পইণ্ট সংগ্ৰহ কৰে যদিও  টাইব্ৰেক স্কৰৰ ভিত্তিত  তৃতীয় স্থান লাভ কৰে। হৃদিকা দাস আৰু মন্থন  লহকৰে শৰ্মা ৪.৫ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থান ঘোষণা কৰা হয়। ৪ পইণ্টেৰে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালী হিচাপে নিৰ্বাচিত হ’ল নিভৃতি গোস্বামী । 

৭ বছৰ অনুৰ্ধ শাখাত আদিক বনিকে ১ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। আকাঙ্খা কলিতা আৰু সুৰ্য্যাংশু শইকীয়াইও ১পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত  ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।
৯ বছৰ অনুৰ্ধৰ শাখাত ধান্যতা গোস্বামীয়ে  ৪ পইণ্টেৰে প্ৰথম স্থান লাভ কৰে। অৰ্ণৱ চেতিয়া আৰু বৰ্ণিত বৈশ্যই  ৩ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় আৰু তৃতীয় ঘোষণা কৰে। ১১ বছৰ অনুৰ্ধৰ শাখাত ভিভান আৰিজ ঠাকুৰীয়াই   ৪  পইণ্টেৰে প্ৰথম স্থান লাভ কৰে, আৰু আৰাধ্যা  ভৰদ্বাজ আৰু হৃয়ান কৌশিক  ঠাকুৰীয়া দুয়োজনে ৪  পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় আৰু তৃতীয় ঘোষণা কৰে। ১৩ বছৰ অনুৰ্ধৰ শাখাত নিবিৰ নিলয় বৈশ্যই  ৪ পইণ্টৰে প্ৰথম স্থান আৰু   শুভাং প্ৰাণ  কাশ্যপে গগৈয়ে ৩.৫  পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। 

 অয়ন ভাৰতীয়াই ও এইটো শাখাত  ৩.৫  পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে।  ১৫ বছৰ অনুৰ্ধৰ শাখাত প্ৰত্যুষ পাঠকে ৪ পইণ্টেৰে প্ৰথম স্থান লাভ কৰে, কৃতাৰ্থ শইকীয়াই  দ্বিতীয় স্থান লাভ কৰে ৩.৫  পইণ্ট, আৰু উদ্দীপ্ত বৰ্মনে ৩ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাত প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাখন  প্ৰণৱ কুমাৰ নাথে  মুখ্য আৰ্বিটাৰ  হিচাপে পৰিচালনা কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব