--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত ছবি টাইটানিকৰ দুৰ্দান্ত প্ৰেমিকগৰাকীৰ কথা হয়তো বহুতৰে মনত আছে। টাইটানিক ছবিত জেকৰ  চৰিত্ৰত অভিনয় কৰা অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই এইবাৰ এগৰাকী ভাৰতীয় যুৱতীৰ প্ৰেমত মচগুল হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে। 

যুৱতীগৰাকী লিওনাৰ্ডো ডিকেপ্ৰিঅ'তকৈ ২০ বছৰে সৰু। দৰাচলতে লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই  তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে কথা পাতিবলৈ ভাল নাপায়।  অস্কাৰ বিজয়ী অভিনেতাজনৰ প্ৰেম জীৱনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। এতিয়া শুনা গৈছে যে 'টাইটানিক'ৰ জেকে তেওঁৰ তুলনাত বিশ বছৰ সৰু এগৰাকী ভাৰতীয় সৌন্দৰ্যৰ প্ৰেমত পৰিছে।

কিন্তু  কোন সেই ভাৰতীয় যুৱতী? তেওঁৰ নাম নীলম গিল। পাঞ্জাৱী পৰিয়ালৰ  ২৮ বছৰীয়া চুপাৰমডেলগৰাকী এতিয়া ব্ৰিটিছ নাগৰিক। খবৰ অনুসৰি  নীলমে ১৪ বছৰ বয়সত মডেলিং আৰম্ভ কৰিছিল। ফেশ্বন জগতত তেওঁৰ ভাল খ্যাতি আছে। হয়তো লিওনাৰ্ডোৰ সৈতে তেনেদৰেই নীলমৰ চিনাকী হৈছিল।নীলমক এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দেখা গৈছিল। 

 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by NEELAM KAUR GILL (@neelamkg)


লিওনাৰ্ডোও তাত  এজন অতিথিৰূপে উপস্থিত আছিল । ৪৮ বছৰীয়া অভিনেতাগৰাকীক নীলম আৰু তেওঁৰ মাতৃৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱা দেখা গৈছিল। অৱশ্যে একাংশ  সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নীলম আৰু লিঅ'ৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই। লিঅ'ৰ জীৱনলৈ অহা বেছিভাগ মহিলাই মডেল। ইয়াৰ ভিতৰত আছে ব্ৰাজিলৰ গিছেল, ইজৰাইলৰ বাৰ ৰাফেল, জাৰ্মানীৰ টনি গাৰ্ণাৰ আৰু আমেৰিকাৰ কেমিলা মৰোন। নীলম এই তালিকাত আছে নে নাই সেই বিষয়ে তেওঁৰ অনুৰাগীসকলৰ  কৌতূহলৰ  অন্ত পৰা  নাই।













FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী