--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত ছবি টাইটানিকৰ দুৰ্দান্ত প্ৰেমিকগৰাকীৰ কথা হয়তো বহুতৰে মনত আছে। টাইটানিক ছবিত জেকৰ  চৰিত্ৰত অভিনয় কৰা অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই এইবাৰ এগৰাকী ভাৰতীয় যুৱতীৰ প্ৰেমত মচগুল হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে। 

যুৱতীগৰাকী লিওনাৰ্ডো ডিকেপ্ৰিঅ'তকৈ ২০ বছৰে সৰু। দৰাচলতে লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই  তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে কথা পাতিবলৈ ভাল নাপায়।  অস্কাৰ বিজয়ী অভিনেতাজনৰ প্ৰেম জীৱনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। এতিয়া শুনা গৈছে যে 'টাইটানিক'ৰ জেকে তেওঁৰ তুলনাত বিশ বছৰ সৰু এগৰাকী ভাৰতীয় সৌন্দৰ্যৰ প্ৰেমত পৰিছে।

কিন্তু  কোন সেই ভাৰতীয় যুৱতী? তেওঁৰ নাম নীলম গিল। পাঞ্জাৱী পৰিয়ালৰ  ২৮ বছৰীয়া চুপাৰমডেলগৰাকী এতিয়া ব্ৰিটিছ নাগৰিক। খবৰ অনুসৰি  নীলমে ১৪ বছৰ বয়সত মডেলিং আৰম্ভ কৰিছিল। ফেশ্বন জগতত তেওঁৰ ভাল খ্যাতি আছে। হয়তো লিওনাৰ্ডোৰ সৈতে তেনেদৰেই নীলমৰ চিনাকী হৈছিল।নীলমক এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দেখা গৈছিল। 

 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by NEELAM KAUR GILL (@neelamkg)


লিওনাৰ্ডোও তাত  এজন অতিথিৰূপে উপস্থিত আছিল । ৪৮ বছৰীয়া অভিনেতাগৰাকীক নীলম আৰু তেওঁৰ মাতৃৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱা দেখা গৈছিল। অৱশ্যে একাংশ  সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নীলম আৰু লিঅ'ৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই। লিঅ'ৰ জীৱনলৈ অহা বেছিভাগ মহিলাই মডেল। ইয়াৰ ভিতৰত আছে ব্ৰাজিলৰ গিছেল, ইজৰাইলৰ বাৰ ৰাফেল, জাৰ্মানীৰ টনি গাৰ্ণাৰ আৰু আমেৰিকাৰ কেমিলা মৰোন। নীলম এই তালিকাত আছে নে নাই সেই বিষয়ে তেওঁৰ অনুৰাগীসকলৰ  কৌতূহলৰ  অন্ত পৰা  নাই।













FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ