--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ ইতিহাস ১০০ বছৰ পুৰণি। শতিকাজোৰা এই দীঘলীয়া যাত্ৰাত বলিউডত বহু পৰিৱৰ্তন দেখা গৈছে। শ্বুটিঙৰ ধৰণ, প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈছে। কিন্তু যিটো পৰিৱৰ্তন একেবাৰেই আওকাণ কৰিব নোৱাৰি, সেয়া হৈছে বলীউডত অভিনেত্ৰীসকলৰ ভূমিকা আৰু চৰিত্ৰায়ন। বলীউডত পূৰ্বতকৈ অধিক নাৰীকেন্দ্ৰিক ছবি নিৰ্মাণ হৈছে। ফলত বৰ্তমানৰ অভিনেত্ৰীসকলৰ পাৰিতোষিকৰো বহু পৰিৱৰ্তন হৈছে।

বলীউডৰ বিখ্যাত অভিনেত্ৰীসকলে অভিনয়ৰ বাবে কিমান টকা পায় জানেনে? পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দীপিকা-কেটৰিনা এতিয়া শ্বাহৰুখ, ছলমান, অক্ষয়তকৈ পিছ পৰি থকা নাই।

বলীউডৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী দীপিকা পাডুকন। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ প্ৰতিখন ছবিত অভিনয়ৰ বাবে প্ৰায় ৪০ কোটি টকা লয়। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত বলীউডৰ বহু অভিনেতাক পৰাস্ত কৰিছে দীপিকাই। ‘পাথান’-এ বলীউডক ধুমুহাৰ দৰে আগুৰি ধৰাৰ পিছত তেওঁৰ পাৰিতোষিক আৰু বৃদ্ধি পাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বলীউড আৰু হলিউডত একেলগে অভিনয় কৰা প্ৰিয়ংকা চোপ্ৰা এই তালিকাত দ্বিতীয় স্থানত আছে। বলীউডৰ প্ৰতিখন ছবিত অভিনয়ৰ বাবে ৩০ কোটি টকা লয় জোনাছ পৰিয়ালৰ কইনাগৰাকীয়ে।

প্ৰিয়ংকাৰ পিছতে এই তালিকাত আছে বলীউডৰ ‘ৰাণী’ কংগনা ৰানাৱট। বলীউডৰ সূত্ৰ অনুসৰি তেওঁ অভিনয়ৰ বাবে প্ৰতিখন ছবিৰ বাবে ২৭ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰে।

এই তালিকাত প্ৰিয়ংকাৰ পিছফালে আছে বলীউডৰ ‘ৰাণী’ কংগনা ৰানাৱত। বলীউডৰ সূত্ৰ অনুসৰি তেওঁ অভিনয় আৰু ছবিৰ বাবে ২৭ কোটি টকা উপাৰ্জন কৰে৷

কেটৰিনাৰ দৰে মহেশ ভাট-কন্যা আলিয়াইও প্ৰতিখন ছবিৰ বাবে ২৫ কোটি মাচুল লয়। কেতিয়াবা ৰণবীৰ-পত্নীয়ে ইয়াতকৈও অধিক পৰিশ্ৰামিক লয়৷

এই তালিকাৰ ষষ্ঠ স্থানত আছে বলীউডৰ অভিনেত্ৰী-প্ৰযোজক অনুষ্কা শৰ্মা। প্ৰতিখন ছবিৰ অভিনয়ৰ বাবে বিৰাট কোহলীৰ পত্নীয়ে দাবী কৰে ২৩ কোটি টকা।

বলীউডৰ জনপ্ৰিয় খলনায়ক শক্তি কাপুৰৰ কন্যা শ্ৰদ্ধা কাপুৰ ডাঙৰ পৰ্দাত চিনাকি মুখ। বলীউডৰ বহু সফল ছবিত অভিনয় কৰিছে। একোখন ছবিত অভিনয় কৰাৰ বাবে তেওঁক ২০ কোটি টকা দিয়া হয়৷

বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক নিয়মীয়াকৈ ডাঙৰ পৰ্দাত দেখা নাযায়। কিন্তু বলীউডত তেওঁক লৈ থকা উত্তেজনা সদায় আছে। শেহতীয়াকৈ মুক্তি লাভ কৰিছে ঐশ্বৰ্য অভিনীত ছবি ‘পিএছ-২’। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ ১৫ কোটি টকা লৈছিল।

শুনা যায় যে বলীউডৰ কাপুৰ পৰিয়ালৰ কন্যা আৰু নবাব পৰিয়ালৰ বোৱাৰী কৰীনা কাপুৰ খানেও অভিনয়ৰ বাবে প্ৰযোজকৰ পৰা ১৫ কোটি টকাৰ মাচুল লাভ কৰে৷

যশ চোপ্ৰাৰ বোৱাৰী তথা বলীউডৰ অভিনেত্ৰী ৰাণী মুখোপাধ্যায়ে বৰ্তমান এক সুকীয়া ৰুচিৰ ছবিত অভিনয়ত মনোনিৱেশ কৰিছে। অৱশ্যে তেওঁৰ দৰমহা কমি যোৱা নাই। প্ৰতিখন ছবিত অভিনয়ৰ বাবে ৰাণীয়ে ১০ কোটি টকা লয়।

এই তালিকাৰ পিছতে আছে বলীউডৰ ‘ঢক ঢক’ অভিনেত্ৰী মাধুৰী দীক্ষিত নেনে আৰু অনিল কাপুৰৰ কন্যা সোণম কাপুৰ। দুয়োগৰাকী অভিনেত্ৰীক প্ৰতিখন ছবিৰ বাবে ৪-৫ কোটি টকা দিয়া বুলি কোৱা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে