--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মহাভাৰত’ত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি প্ৰতি ঘৰে ঘৰে বিখ্যাত হোৱা অভিনেতা গুফী পেইণ্টলৰ অৱস্থা বেয়া বুলি জানিব পৰা গৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈয়ে আছে। চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে অভিনেতাগৰাকীয়ে। গুফী পেইণ্টলৰ বন্ধু তথা টিভি অভিনেত্ৰী টিনা ঘাইয়েও এই খবৰ নিশ্চিত কৰিছে। 

৭৮ বছৰীয়া গুফী পেইণ্টালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কয় পৰিয়ালৰ লোকে। গুফী পেইণ্টল যোৱা কেইবাদিনো ধৰি অসুস্থ হৈ আছে। ইয়াৰ বাবে তেওঁ ১০ দিন ধৰি আই চি ইউত ভৰ্তি হৈ আছে। বৰ্তমান চিকিৎসকৰ সম্পূৰ্ণ তত্বাৱধানত আছে অভিনেতাগৰাকী। ডাক্তৰে কয় যে ‘‘তেওঁ আগৰ তুলনাত ভাল হৈছে। সকলোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ।’’ 

আশীৰ দশকত মুক্তি পোৱা বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ শীৰ্ষক ধাৰাবাহিকে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। এই শ্ব’ত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰিছিল গুফী পেইণ্টলে। এই শ্ব’টোৰ পৰা তেওঁ ৰাইজৰ বহুত মৰম পাইছিল। তেওঁৰ নেতিবাচক ভূমিকাক তীব্ৰভাৱে ভাল পাইছিল দৰ্শকে। ইয়াৰ পিছত তেওঁক ‘পথ্থৰ কে ফুল’, ‘বল ৰাধা ব’ল’, ‘তুম কৰো ৱাদা’ আদি প্ৰজেক্টত দেখা গৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে