--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মহাভাৰত’ত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি প্ৰতি ঘৰে ঘৰে বিখ্যাত হোৱা অভিনেতা গুফী পেইণ্টলৰ অৱস্থা বেয়া বুলি জানিব পৰা গৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈয়ে আছে। চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে অভিনেতাগৰাকীয়ে। গুফী পেইণ্টলৰ বন্ধু তথা টিভি অভিনেত্ৰী টিনা ঘাইয়েও এই খবৰ নিশ্চিত কৰিছে। 

৭৮ বছৰীয়া গুফী পেইণ্টালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কয় পৰিয়ালৰ লোকে। গুফী পেইণ্টল যোৱা কেইবাদিনো ধৰি অসুস্থ হৈ আছে। ইয়াৰ বাবে তেওঁ ১০ দিন ধৰি আই চি ইউত ভৰ্তি হৈ আছে। বৰ্তমান চিকিৎসকৰ সম্পূৰ্ণ তত্বাৱধানত আছে অভিনেতাগৰাকী। ডাক্তৰে কয় যে ‘‘তেওঁ আগৰ তুলনাত ভাল হৈছে। সকলোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ।’’ 

আশীৰ দশকত মুক্তি পোৱা বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ শীৰ্ষক ধাৰাবাহিকে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। এই শ্ব’ত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰিছিল গুফী পেইণ্টলে। এই শ্ব’টোৰ পৰা তেওঁ ৰাইজৰ বহুত মৰম পাইছিল। তেওঁৰ নেতিবাচক ভূমিকাক তীব্ৰভাৱে ভাল পাইছিল দৰ্শকে। ইয়াৰ পিছত তেওঁক ‘পথ্থৰ কে ফুল’, ‘বল ৰাধা ব’ল’, ‘তুম কৰো ৱাদা’ আদি প্ৰজেক্টত দেখা গৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত