--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ ব্যক্তিগত বাহনৰ মালিকসকলৰ বাবে সু-খবৰ কিয়নো মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰে ব্যক্তিগত বাহনৰ মালিকৰ পৰা টোল কৰ সংগ্ৰহৰ নিয়ম ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰে মধ্যপ্ৰদেশৰ টোল প্লাজাত সঘনাই সংঘটিত হোৱা প্ৰচণ্ড যান-জঁটৰ পৰিস্থিতি হ্ৰাস কৰিবলৈ ব্যক্তিগত বাহনৰ মালিকসকলক টোল কৰ আদায় দিয়াৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা এই নতুন নিয়মৰ অধীনত ৰাজ্যিক পথ উন্নয়ন নিগমৰ অন্তৰ্গত সকলো নতুন আৰু পুৰণি পথ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত ব্যক্তিগত বাহনৰ মালিকসকলে আৰু টোল টেক্স দিব নালাগিব। ৰাজ্যিক পৰিবহণৰ প্ৰধান সচিব নীৰজ মন্দলয়ে নিশ্চিত কৰা অনুসৰি এই নতুন নিয়মৰ প্ৰস্তাৱ চূড়ান্ত অনুমোদনৰ বাবে কেবিনেটলৈ প্ৰেৰণ কৰা হৈছে।

এই সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজহুৱা নিৰ্মাণ বিভাগে ৰাজ্যৰ প্ৰায় ২০০টা পথৰ জৰীপ চলাইছিল। এই সমীক্ষাত প্ৰকাশ পাইছে যে টোল ধনৰ প্ৰায় ৮০ শতাংশ বাণিজ্যিক বাহনৰ পৰা আৰু বাকী ২০ শতাংশ ব্যক্তিগত বাহনৰ পৰা সংগ্ৰহ কৰা হয়। কিন্তু টোল প্লাজাত টোল ধন পৰিশোধৰ বাবে শাৰী পাতি থকা ব্যক্তিগত বাহনৰ সংখ্যা বাণিজ্যিক বাহনৰ তুলনাত বহু বেছি, যাৰ ফলত ব্যৱসায়িক বাহনৰ বাবে সঘনাই  যানজঁটৰ সৃষ্টি হয়। ফলত টোল প্লাজাত যানজঁটৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰে ব্যক্তিগত বাহনসমূহক কৰ পৰিশোধৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লয়।

ৰাজহুৱা নিৰ্মাণ বিভাগে জৰীপৰ অধীনত লোৱা ২০০ টা পথৰ সকলোবোৰেই ৰাজ্যিক পথ উন্নয়ন নিগমে বিল্ড অপাৰেট এণ্ড ট্ৰেন্সফাৰ (বি অ’ টি) পদ্ধতিৰে নিৰ্মাণ কৰিছিল। এই পদ্ধতিৰ অধীনত এটা ব্যক্তিগত কোম্পানীক ৰাজ্য চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ বাবে ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ কাম অৰ্পণ কৰা হয়।

এতিয়াৰে পৰা মধ্যপ্ৰদেশত কেৱল বাণিজ্যিক বাহনসমূহেহে টোল টেক্স আদায় দিব লাগিব। ব্যক্তিগত বাহনৰ মালিকৰ বাহিৰেও ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মন্ত্ৰী, সংসদ সদস্যকে ধৰি ভিআইপিএছৰ বাহনসমূহ ইতিমধ্যে এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। এই ভিআইপিএছৰ উপৰিও ন্যায়াধীশ, দণ্ডাধীশ, কেন্দ্ৰীয় চৰকাৰৰ সচিব, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ কৰ্তৃপক্ষ, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ, এম্বুলেন্স আৰু প্ৰতিৰক্ষা বাহনসমূহকো টোল প্লাজাত কৰ আদায় দিয়াৰ পৰা আঁতৰাই ৰখা হৈছে।

অতি শীঘ্ৰে আহিব জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা

জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থাৰ অধীনত ঘাইপথত অতিক্ৰম কৰা দূৰত্ব অনুসৰি গ্ৰাহকে টোল পৰিশোধ কৰিব। নতুন আইনত প্ৰ’ৰাটা ভিত্তিত টোল লোৱা হ’ব। অৰ্থাৎ আপুনি যিমানেই ঘাইপথ ব্যৱহাৰ কৰিব সিমানেই বেছি পৰিমাণৰ টোল দিব লাগিব। বৰ্তমান টোল বুথত ষ্টেপড মূল্যত টোল লোৱা হয়।

ইতিমধ্যে ইউৰোপৰ কেইবাখনো দেশত এই ব্যৱস্থাটোৱে কাম কৰি আছে আৰু ই যথেষ্ট সফলও হৈছে। ব্যাপক সফলতাৰ বাবে ভাৰত চৰকাৰে ভাৰতীয় পথসমূহতো একেধৰণৰ ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা কৰিছে।

জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থাই টোলযুক্ত পথত গাড়ী চলাবলৈ আৰম্ভ কৰাৰ লগে লগে যাত্ৰাৰ ৰেকৰ্ডিং আৰম্ভ কৰে। গাড়ীখন ওলাই আহিলেই ৰৈ যায়। এক্সপ্ৰেছৱে’ত কিমান কিলোমিটাৰ গাড়ী চলোৱাৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰকাৰীয়ে টোল দিব লাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে