--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী ছাকিৰা পৰিছে বিপদত। কৰ জালিয়াতিৰ বাবে স্পেইনত ৮ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কলম্বিয়াৰ পপ কণ্ঠশিল্পীগৰাকী। ছাকিৰাৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ ফাঁকিৰ অভিযোগ। কৰ জালিয়াতিৰ গোচৰত গায়িকা ছাকিৰাৰ আবেদন নাকচ কৰিছে স্পেইনৰ এখন আদালতে। এই বিষয়টো প্ৰথমবাৰৰ বাবে ২০১৮ চনত লাইমলাইটলৈ আহিছিল। 

গায়িকা ছাকিৰা (Shakira)ৰ সৈতে জড়িত গোচৰটোৱে প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ডিচেম্বৰ মাহত শিৰোনাম দখল কৰিছিল যেতিয়া স্পেইনৰ অভিযুক্তসকলে ছাকিৰাৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ ওপৰত ১৪.৫ মিলিয়ন ইউৰো (১৫.৫ মিলিয়ন মাৰ্কিন ডলাৰ) কৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। 
২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কৰক লৈ স্পেইনৰ কৰ কাৰ্যালয়ক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ছাকিৰাৰ বিৰুদ্ধে।

অভিযোগৰ পিছতে ছাকিৰাই আদালতত হাজিৰ হৈছিল। ২০১৯ চনৰ জুন মাহত সাক্ষ্য দিওঁতে তেওঁ কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰিছিল। অৱশ্যে এতিয়া তেওঁৰ আবেদন আদালতে নাকচ কৰিছে। শুকুৰবাৰে স্পেইনৰ অভিযুক্তগৰাকীয়ে কয় যে ছুপাৰষ্টাৰ ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগত আবেদন নাকচ কৰাৰ পিছত তেওঁলোকে আঠ বছৰতকৈ অধিক কাৰাদণ্ড বিচাৰিব। স্পেইনৰ কৰ কাৰ্যালয়ত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰা ৪৫ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ পৰা ২৪ মিলিয়ন ইউৰো জৰিমনা বিচৰাৰ সম্ভাৱনা আছে। ছাকিৰাই এই সন্দৰ্ভত মই নিজৰ নিৰ্দোষতাৰ বিষয়ে একেবাৰে নিশ্চিত। বিষয়টো আদালতলৈ নিয়াৰ সিদ্ধান্ত লৈছো। মই নিৰ্দোষী বুলি প্ৰমাণিত হ’ম বুলি মোৰ আত্মবিশ্বাস আছে। 

নিয়ম অনুসৰি যদি এজন ব্যক্তি স্পেইনত ৬ মাহৰ পৰা ১ বছৰলৈ থাকে তেন্তে তেওঁলোকে কৰ দিব লাগিব। এনে পৰিস্থিতিত স্পেইন চৰকাৰে অভিযোগ কৰিছে যে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰতো শ্বাকিৰা স্পেইনত বাস কৰিছিল আৰু সেয়েহে তেওঁ এই দুবছৰৰ ভিতৰত স্পেইনতে নিজেই উপাৰ্জন কৰা আয়ৰ ওপৰতো কৰ দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক