--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী ছাকিৰা পৰিছে বিপদত। কৰ জালিয়াতিৰ বাবে স্পেইনত ৮ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কলম্বিয়াৰ পপ কণ্ঠশিল্পীগৰাকী। ছাকিৰাৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ ফাঁকিৰ অভিযোগ। কৰ জালিয়াতিৰ গোচৰত গায়িকা ছাকিৰাৰ আবেদন নাকচ কৰিছে স্পেইনৰ এখন আদালতে। এই বিষয়টো প্ৰথমবাৰৰ বাবে ২০১৮ চনত লাইমলাইটলৈ আহিছিল। 

গায়িকা ছাকিৰা (Shakira)ৰ সৈতে জড়িত গোচৰটোৱে প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ডিচেম্বৰ মাহত শিৰোনাম দখল কৰিছিল যেতিয়া স্পেইনৰ অভিযুক্তসকলে ছাকিৰাৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ ওপৰত ১৪.৫ মিলিয়ন ইউৰো (১৫.৫ মিলিয়ন মাৰ্কিন ডলাৰ) কৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। 
২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কৰক লৈ স্পেইনৰ কৰ কাৰ্যালয়ক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ছাকিৰাৰ বিৰুদ্ধে।

অভিযোগৰ পিছতে ছাকিৰাই আদালতত হাজিৰ হৈছিল। ২০১৯ চনৰ জুন মাহত সাক্ষ্য দিওঁতে তেওঁ কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰিছিল। অৱশ্যে এতিয়া তেওঁৰ আবেদন আদালতে নাকচ কৰিছে। শুকুৰবাৰে স্পেইনৰ অভিযুক্তগৰাকীয়ে কয় যে ছুপাৰষ্টাৰ ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগত আবেদন নাকচ কৰাৰ পিছত তেওঁলোকে আঠ বছৰতকৈ অধিক কাৰাদণ্ড বিচাৰিব। স্পেইনৰ কৰ কাৰ্যালয়ত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰা ৪৫ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ পৰা ২৪ মিলিয়ন ইউৰো জৰিমনা বিচৰাৰ সম্ভাৱনা আছে। ছাকিৰাই এই সন্দৰ্ভত মই নিজৰ নিৰ্দোষতাৰ বিষয়ে একেবাৰে নিশ্চিত। বিষয়টো আদালতলৈ নিয়াৰ সিদ্ধান্ত লৈছো। মই নিৰ্দোষী বুলি প্ৰমাণিত হ’ম বুলি মোৰ আত্মবিশ্বাস আছে। 

নিয়ম অনুসৰি যদি এজন ব্যক্তি স্পেইনত ৬ মাহৰ পৰা ১ বছৰলৈ থাকে তেন্তে তেওঁলোকে কৰ দিব লাগিব। এনে পৰিস্থিতিত স্পেইন চৰকাৰে অভিযোগ কৰিছে যে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰতো শ্বাকিৰা স্পেইনত বাস কৰিছিল আৰু সেয়েহে তেওঁ এই দুবছৰৰ ভিতৰত স্পেইনতে নিজেই উপাৰ্জন কৰা আয়ৰ ওপৰতো কৰ দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু