--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনটো পাহৰিব বিচাৰে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। এনেকুৱা দুৰ্ভাগ্যজনক বছৰ জীৱনলৈ কাহানিও অহা নাই। কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰাৰ উপৰিও পুত্ৰ সন্তানৰো মৃত্যু হয় চলিত বৰ্ষতে। কাটাৰ বিশ্বকাপতো হতাশাৰ বলি হয় পৰ্তুগীজ তাৰকাগৰাকী।

কাটাৰ বিশ্বকাপত পৰ্তুগাল বাহিৰ হোৱাৰ পাছতে ৰোণাল্ডো গোপনে আছে। সামাজিক মাধ্যমতো তেওঁৰ কোনো নতুন আপডেট নাই। অৱশেষত ফুটবলাৰগৰাকী কেনে আছে সেয়া জনালে বান্ধৱী জৰ্জিনা ৰড্ৰিগেজে।

''ইমান কঠিন বছৰ আমাৰ জীৱনলৈ কাহানিও অহা নাছিল। সন্তানৰ মৃত্যুৰ দৰে দুখজনক ঘটনা ঘটিব পাৰে বুলি আমি দুঃস্বপ্নতো ভবা নাছিলো। মাক-দেউতাক হিচাপে চৰম কষ্ট পাইছো আমি।’’- জৰ্জিনাই এখন সংবাদপত্ৰৰ আগত কয়।

''এনেকুৱা ধৰণৰ কিছু ঘটনা আমাৰ লগত সংঘটিত হৈছে যে যিসমূহ আমি কেতিয়াও পাহৰিব নোৱাৰো।’’- ৰোণাল্ডোৰ বান্ধৱীগৰাকীয়ে কয়।

''বাস্তৱ পৰিস্থিতি সকলো সময়তে একে নাথাকে। আমি জানো যে সকলোৰে জীৱন একেধৰণৰ নহয়। জানো একাকীত্ব বা দুখৰ অনুভূতি কেনেধৰণৰ। কোনটো জয় বা কোনটো পৰাজয় সেয়া বুজি পাওঁ। হেৰুওৱাৰ যন্ত্ৰণা বুজি পাওঁ। কিন্তু জীৱনে মোক শিকাইছে যে কিধৰণে নিজকে ক্ষমা কৰিব লাগে।’’- জৰ্জিনাই কয়।

উল্লেখ্য যে বিশ্বকাপৰ আগমুহূৰ্তত ৰোণাল্ডোৱে তেওঁৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ স’তেও সংঘাতত লিপ্ত হৈ পৰিছিল। তাৰপাছতে বিশ্বকাপতো হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল তাৰকাগৰাকীয়ে। যাৰ ফলত পৰ্তুগালৰ প্ৰশিক্ষকৰ স’তেও মতবিৰোধ ঘটিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু