--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনটো পাহৰিব বিচাৰে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। এনেকুৱা দুৰ্ভাগ্যজনক বছৰ জীৱনলৈ কাহানিও অহা নাই। কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰাৰ উপৰিও পুত্ৰ সন্তানৰো মৃত্যু হয় চলিত বৰ্ষতে। কাটাৰ বিশ্বকাপতো হতাশাৰ বলি হয় পৰ্তুগীজ তাৰকাগৰাকী।

কাটাৰ বিশ্বকাপত পৰ্তুগাল বাহিৰ হোৱাৰ পাছতে ৰোণাল্ডো গোপনে আছে। সামাজিক মাধ্যমতো তেওঁৰ কোনো নতুন আপডেট নাই। অৱশেষত ফুটবলাৰগৰাকী কেনে আছে সেয়া জনালে বান্ধৱী জৰ্জিনা ৰড্ৰিগেজে।

''ইমান কঠিন বছৰ আমাৰ জীৱনলৈ কাহানিও অহা নাছিল। সন্তানৰ মৃত্যুৰ দৰে দুখজনক ঘটনা ঘটিব পাৰে বুলি আমি দুঃস্বপ্নতো ভবা নাছিলো। মাক-দেউতাক হিচাপে চৰম কষ্ট পাইছো আমি।’’- জৰ্জিনাই এখন সংবাদপত্ৰৰ আগত কয়।

''এনেকুৱা ধৰণৰ কিছু ঘটনা আমাৰ লগত সংঘটিত হৈছে যে যিসমূহ আমি কেতিয়াও পাহৰিব নোৱাৰো।’’- ৰোণাল্ডোৰ বান্ধৱীগৰাকীয়ে কয়।

''বাস্তৱ পৰিস্থিতি সকলো সময়তে একে নাথাকে। আমি জানো যে সকলোৰে জীৱন একেধৰণৰ নহয়। জানো একাকীত্ব বা দুখৰ অনুভূতি কেনেধৰণৰ। কোনটো জয় বা কোনটো পৰাজয় সেয়া বুজি পাওঁ। হেৰুওৱাৰ যন্ত্ৰণা বুজি পাওঁ। কিন্তু জীৱনে মোক শিকাইছে যে কিধৰণে নিজকে ক্ষমা কৰিব লাগে।’’- জৰ্জিনাই কয়।

উল্লেখ্য যে বিশ্বকাপৰ আগমুহূৰ্তত ৰোণাল্ডোৱে তেওঁৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ স’তেও সংঘাতত লিপ্ত হৈ পৰিছিল। তাৰপাছতে বিশ্বকাপতো হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল তাৰকাগৰাকীয়ে। যাৰ ফলত পৰ্তুগালৰ প্ৰশিক্ষকৰ স’তেও মতবিৰোধ ঘটিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক