--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ বিজয়ৰ উপৰিও লিঅ’নেল মেছিয়ে পৰাস্ত কৰিবলৈ সক্ষম হয় এটা কণী! কিন্তু এই বিশেষ কণী? কিহৰ বাবে বিখ্যাত এই কণীটো?

বিশ্বকাপ বিজয়ৰ পাছতে মেছিয়ে ইনষ্টাগ্ৰামত ট্ৰফীসহ এখন ফটো শ্বেয়াৰ কৰে। তাৰপাছতে জুই লাগে সামাজিক মাধ্যমটোত। মুহূৰ্ততে মেছিৰ প’ষ্টটো ভাইৰেল হৈ পৰে। এতিয়ালৈকে মুঠ ৬৪ মিলিয়ন লাইকছ পাবলৈ সক্ষম হৈছে মেছিৰ প’ষ্টটোৱে।

ইনষ্টাগ্ৰামত ইমানসংখ্যক লাইকছ পোৱাৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে। ইয়াৰ আগলৈতে এই অভিলেখৰ গৰাকী আছিল এটা কণী।

''ৱৰ্লড ৰেকৰ্ড এগ’’ (world record egg) নামৰ পেজটোত থকা কণীটোৱে লাভ কৰিছিল ৫৭ মিলিয়ন লাইকছ। কণীটোৰ ফটোখনৰ তলত কেপচন হিচাপে লিখা আছিল- ''আহক আমি এটা বিশ্ব অভিলেখৰ সৃষ্টি কৰো আৰু ইনষ্টাগ্ৰামত সৰ্বাধিক সংখ্যক লাইকছ লাভ কৰো।’’

২০১৯ চনত এই কণীটোৱে এই অভিলেখৰ গৰাকী হয়। ইয়াৰ পূৰ্বে জনপ্ৰিয় মডেল কাইলী জেনাৰে ১৯ মিলিয়ন লাইকছেৰে শীৰ্ষত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু