--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধাৱস্থা মানেই ৰোগৰ আক্ৰমণ৷ আপাততঃ তেনে এটা ধাৰণাই সকলোৰে মনত ক্ৰিয়া কৰে ৷  কিন্তু  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা থেৰেছা মূৰে প্ৰমাণ কৰিছে যে ১০০ বছৰ বয়সৰ পিছতো ৰোগে বহুতকে একো কৰিব নোৱাৰে৷ সঠিক জীৱনশৈলী মানি চলা সকলৰ পৰা ৰোগ সদায় দূৰে দূৰে থাকে৷ থেৰেছাৰ বৰ্তমান বয়স  ১০৩ বছৰ।  বয়স তেওঁ সুস্থ হৈ থকাৰ ক্ষেত্ৰত বাধা হৈ পৰা নাই। 


ইয়াৰ পৰিৱৰ্তে তেওঁ ফিটনেছৰ দৌৰত বহু যুৱক-যুৱতীতকৈ আগত আছে।এক কথাত ক’বলৈ গ’লে টেৰেছাৰ বয়সত বহুতে  এনেদৰে জীৱন উদযাপন কৰা সহজ কথা নহয়। টেৰেছাই তেওঁৰ  জীৱনৰ শেষ দিনলৈকে ফিট হৈ থাকিব বিচাৰে।  নিজৰ ফিটনেছৰ বিষয়ে উল্লেখ কৰি থেৰেছাই কয় যে তেওঁ সপ্তাহত চাৰিদিন স্থানীয় জিমলৈ যায়। তাত তেওঁ যথেষ্ট সময় কটায়। জিমত তেওঁ ওজন দঙাৰ পৰা আৰম্ভ কৰি স্কোয়াটলৈকে সকলো কৰে। সপ্তাহটোৰ বাকী সময়খিনি তেওঁ ঘৰতে  খোজ কাঢ়ে। তেওঁ ব্যায়াম কৰাৰ বাবে কিছু সঁজুলিও ঘৰত ৰাখিছে।থেৰেছাৰ মতে ব্যায়াম কৰাৰ অভ্যাসেতেোঁক  স্বাস্থ্যৱান হৈ থকাত সহায় কৰিছে। তেওঁৰ মতে ব্যায়ামে মানুহৰ ইমিউনিটি বৃদ্ধি কৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ থাকিলে ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ 

থেৰেছাই কেৱল ব্যায়াম কৰাই নহয়, পোছাক পাতিও ধুনীয়াকৈ পৰিধান কৰি  ভালপায়। যিকোনো ঠাইলৈ যোৱাৰ আগতে তেওঁক মেক আপ কৰিবলৈ কেইবাঘণ্টাও সময় লাগে। আনকি মেকআপ কৰাৰ পিছতো পোছাকৰ সৈতে খাপ খোৱা গহনা  বাছনি কৰিবলৈও  আৰু কিছু সময় লয়।  এই বয়সতো তেওঁ অকলে চিনেমা উপভোগ কৰিবলৈ  যায়৷  থেৰেছাই কয়  "বহুলোকে মোক সতৰ্ক কৰি দিছে,  আপুনি এই বয়সত অলপ সাৱধান হোৱা উচিত। কিন্তু মই তেনেকৈ কথাবোৰ  নাভাবো। কিয়নো যদি আপুনি হৃদয়ৰ পৰা সুখী হয়,তেন্তে চিন্তা কৰিবলগীয়া কথা একো নাথাকে৷ মানুহে সদায় ইতিবাচক চিন্তা কৰিব লাগে, ইতিবাচক কথা ক’ব আৰু ইতিবাচক কাম কৰিব লাগে৷ মই কোনো ঔষধ গ্ৰহণ নকৰো। মই আনকি চিকিৎসকৰ ওচৰলৈও নাযাওঁ। মই সদায় নিজকে সৎচিন্তাৰে  সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এয়াই মোৰ সুস্থতাৰ একমাত্ৰ ৰহস্য। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী