--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধাৱস্থা মানেই ৰোগৰ আক্ৰমণ৷ আপাততঃ তেনে এটা ধাৰণাই সকলোৰে মনত ক্ৰিয়া কৰে ৷  কিন্তু  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা থেৰেছা মূৰে প্ৰমাণ কৰিছে যে ১০০ বছৰ বয়সৰ পিছতো ৰোগে বহুতকে একো কৰিব নোৱাৰে৷ সঠিক জীৱনশৈলী মানি চলা সকলৰ পৰা ৰোগ সদায় দূৰে দূৰে থাকে৷ থেৰেছাৰ বৰ্তমান বয়স  ১০৩ বছৰ।  বয়স তেওঁ সুস্থ হৈ থকাৰ ক্ষেত্ৰত বাধা হৈ পৰা নাই। 


ইয়াৰ পৰিৱৰ্তে তেওঁ ফিটনেছৰ দৌৰত বহু যুৱক-যুৱতীতকৈ আগত আছে।এক কথাত ক’বলৈ গ’লে টেৰেছাৰ বয়সত বহুতে  এনেদৰে জীৱন উদযাপন কৰা সহজ কথা নহয়। টেৰেছাই তেওঁৰ  জীৱনৰ শেষ দিনলৈকে ফিট হৈ থাকিব বিচাৰে।  নিজৰ ফিটনেছৰ বিষয়ে উল্লেখ কৰি থেৰেছাই কয় যে তেওঁ সপ্তাহত চাৰিদিন স্থানীয় জিমলৈ যায়। তাত তেওঁ যথেষ্ট সময় কটায়। জিমত তেওঁ ওজন দঙাৰ পৰা আৰম্ভ কৰি স্কোয়াটলৈকে সকলো কৰে। সপ্তাহটোৰ বাকী সময়খিনি তেওঁ ঘৰতে  খোজ কাঢ়ে। তেওঁ ব্যায়াম কৰাৰ বাবে কিছু সঁজুলিও ঘৰত ৰাখিছে।থেৰেছাৰ মতে ব্যায়াম কৰাৰ অভ্যাসেতেোঁক  স্বাস্থ্যৱান হৈ থকাত সহায় কৰিছে। তেওঁৰ মতে ব্যায়ামে মানুহৰ ইমিউনিটি বৃদ্ধি কৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ থাকিলে ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ 

থেৰেছাই কেৱল ব্যায়াম কৰাই নহয়, পোছাক পাতিও ধুনীয়াকৈ পৰিধান কৰি  ভালপায়। যিকোনো ঠাইলৈ যোৱাৰ আগতে তেওঁক মেক আপ কৰিবলৈ কেইবাঘণ্টাও সময় লাগে। আনকি মেকআপ কৰাৰ পিছতো পোছাকৰ সৈতে খাপ খোৱা গহনা  বাছনি কৰিবলৈও  আৰু কিছু সময় লয়।  এই বয়সতো তেওঁ অকলে চিনেমা উপভোগ কৰিবলৈ  যায়৷  থেৰেছাই কয়  "বহুলোকে মোক সতৰ্ক কৰি দিছে,  আপুনি এই বয়সত অলপ সাৱধান হোৱা উচিত। কিন্তু মই তেনেকৈ কথাবোৰ  নাভাবো। কিয়নো যদি আপুনি হৃদয়ৰ পৰা সুখী হয়,তেন্তে চিন্তা কৰিবলগীয়া কথা একো নাথাকে৷ মানুহে সদায় ইতিবাচক চিন্তা কৰিব লাগে, ইতিবাচক কথা ক’ব আৰু ইতিবাচক কাম কৰিব লাগে৷ মই কোনো ঔষধ গ্ৰহণ নকৰো। মই আনকি চিকিৎসকৰ ওচৰলৈও নাযাওঁ। মই সদায় নিজকে সৎচিন্তাৰে  সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এয়াই মোৰ সুস্থতাৰ একমাত্ৰ ৰহস্য। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ