--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃত্ৰিম সৌন্দৰ্য্যবৰ্ধন তথা প্লাষ্টিক চাৰ্জাৰী এটা জনপ্ৰিয় পদ্ধতি হ’ল লিপ’ছাকচন। তাৰকাসকলৰ লগতে সাধাৰণ জনতাৰ মাজতো ইয়াৰ জনপ্ৰিয়তা কম নহয়। এই পদ্ধতিয়ে যিহেতু নিমিষতে চেহেৰা সলনি কৰিব পাৰে, ইয়াৰ ৰিস্কো কম নহয়। শেহতীয়াকৈ এটা ঘটনাই সেই কথা মনত পেলাই দিলে।

ভেনিজুৱেলাৰ বাসিন্দা ৩১ বছৰীয়া আনা ৰোজা মাভাৰেজ ৰিভেৰোৰ লিপ’ছাকচন চলি থকাৰ সময়তে মৃত্যু হয়। আনাৰ এগৰাকী কন্যাও আছে। কন্যা জন্ম দিয়াৰ পিছতে আন্নাৰ ওজন বাঢ়িল। জিমলৈ গৈ ডায়েটিং কৰিও তেওঁ ওজন কমাব পৰা নাছিল। তেতিয়াৰ পৰাই তেওঁ লিপ’ছাকচনৰ কথা ভাবিবলৈ ধৰিলে। কিন্তু কন্যাসন্তানটি সৰু হৈ থকাৰ বাবে পৰিকল্পনাটো স্থগিত ৰখা হৈছিল। কন্যাসন্তানটি অলপ ডাঙৰ হোৱাৰ লগে লগে ডাক্তৰৰ লগত লিপ’ছাকচনৰ কথা পাতে। কৃত্ৰিম চৰ্বি আঁতৰোৱাৰ এই পদ্ধতিটোক লাইপো লেজাৰ বুলিও কোৱা হয়।

আন্নাই এখন স্থানীয় ক্লিনিকত লিপ’ছাকচনৰ বাবে গৈছিল। লেজাৰৰ পিছত সকলো ঠিকেই আছিল। কিন্তু ঘৰলৈ অহাৰ পিছত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ৰাতি ১০ বজাৰ ওচৰত আন্নাৰ অসুখ অনুভৱ হ’ল। উশাহ-নিশাহৰ কষ্ট আৰম্ভ হয়। কিন্তু ৰাতি হোৱাৰ বাবে এম্বুলেন্স পাব নোৱাৰিলে পৰিয়ালটোৱে। কিছু সময় অপেক্ষা কৰাৰ পিছত এম্বুলেন্স আহিল আৰু আনাক চিকিৎসালয়লৈ লৈ যোৱা হ’ল। সেই সময়লৈকে আন্নাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। অক্সিজেনৰ অভাৱত তেওঁৰ সংকট হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে অক্সিজেন মাস্ক দিয়া হয়। প্ৰয়োজনীয় চিকিৎসাও আৰম্ভ কৰা হয়। কিন্তু শেষত আন্নাক বচাব পৰা নগ’ল। ৰাতিপুৱাই তেওঁৰ মৃত্যু হয়।

চিকিৎসকৰ মতে, লিপ’ছাকচনৰ পূৰ্বে আন্নাক শাৰীৰিক পৰীক্ষা কৰা হৈছিল নে নাই সেয়া চোৱাচিতা কৰা হৈছে। সাধাৰণতে শাৰীৰিক সমস্যা হ’লে লিপ’ছাকচন কৰাটো বাঞ্ছনীয় নহয়। ইয়াৰ বাহিৰেও শৰীৰত এই পদ্ধতি প্ৰয়োগ কৰাৰ সময়ত সাৱধান আৰু সাৱধান হোৱাটো জৰুৰী। সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হোৱা নাই। আনাৰ মৃতদেহ প্ৰয়োজন হ’লে মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব বুলি চিকিৎসালয়খনে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ