--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃত্ৰিম সৌন্দৰ্য্যবৰ্ধন তথা প্লাষ্টিক চাৰ্জাৰী এটা জনপ্ৰিয় পদ্ধতি হ’ল লিপ’ছাকচন। তাৰকাসকলৰ লগতে সাধাৰণ জনতাৰ মাজতো ইয়াৰ জনপ্ৰিয়তা কম নহয়। এই পদ্ধতিয়ে যিহেতু নিমিষতে চেহেৰা সলনি কৰিব পাৰে, ইয়াৰ ৰিস্কো কম নহয়। শেহতীয়াকৈ এটা ঘটনাই সেই কথা মনত পেলাই দিলে।

ভেনিজুৱেলাৰ বাসিন্দা ৩১ বছৰীয়া আনা ৰোজা মাভাৰেজ ৰিভেৰোৰ লিপ’ছাকচন চলি থকাৰ সময়তে মৃত্যু হয়। আনাৰ এগৰাকী কন্যাও আছে। কন্যা জন্ম দিয়াৰ পিছতে আন্নাৰ ওজন বাঢ়িল। জিমলৈ গৈ ডায়েটিং কৰিও তেওঁ ওজন কমাব পৰা নাছিল। তেতিয়াৰ পৰাই তেওঁ লিপ’ছাকচনৰ কথা ভাবিবলৈ ধৰিলে। কিন্তু কন্যাসন্তানটি সৰু হৈ থকাৰ বাবে পৰিকল্পনাটো স্থগিত ৰখা হৈছিল। কন্যাসন্তানটি অলপ ডাঙৰ হোৱাৰ লগে লগে ডাক্তৰৰ লগত লিপ’ছাকচনৰ কথা পাতে। কৃত্ৰিম চৰ্বি আঁতৰোৱাৰ এই পদ্ধতিটোক লাইপো লেজাৰ বুলিও কোৱা হয়।

আন্নাই এখন স্থানীয় ক্লিনিকত লিপ’ছাকচনৰ বাবে গৈছিল। লেজাৰৰ পিছত সকলো ঠিকেই আছিল। কিন্তু ঘৰলৈ অহাৰ পিছত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ৰাতি ১০ বজাৰ ওচৰত আন্নাৰ অসুখ অনুভৱ হ’ল। উশাহ-নিশাহৰ কষ্ট আৰম্ভ হয়। কিন্তু ৰাতি হোৱাৰ বাবে এম্বুলেন্স পাব নোৱাৰিলে পৰিয়ালটোৱে। কিছু সময় অপেক্ষা কৰাৰ পিছত এম্বুলেন্স আহিল আৰু আনাক চিকিৎসালয়লৈ লৈ যোৱা হ’ল। সেই সময়লৈকে আন্নাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। অক্সিজেনৰ অভাৱত তেওঁৰ সংকট হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে অক্সিজেন মাস্ক দিয়া হয়। প্ৰয়োজনীয় চিকিৎসাও আৰম্ভ কৰা হয়। কিন্তু শেষত আন্নাক বচাব পৰা নগ’ল। ৰাতিপুৱাই তেওঁৰ মৃত্যু হয়।

চিকিৎসকৰ মতে, লিপ’ছাকচনৰ পূৰ্বে আন্নাক শাৰীৰিক পৰীক্ষা কৰা হৈছিল নে নাই সেয়া চোৱাচিতা কৰা হৈছে। সাধাৰণতে শাৰীৰিক সমস্যা হ’লে লিপ’ছাকচন কৰাটো বাঞ্ছনীয় নহয়। ইয়াৰ বাহিৰেও শৰীৰত এই পদ্ধতি প্ৰয়োগ কৰাৰ সময়ত সাৱধান আৰু সাৱধান হোৱাটো জৰুৰী। সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট হোৱা নাই। আনাৰ মৃতদেহ প্ৰয়োজন হ’লে মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব বুলি চিকিৎসালয়খনে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী