--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই খাদ্যৰ সৈতে অতি কম পৰিমাণৰ তেল খায়। বহুতেই আকৌ চৰ্বি জাতীয় খাদ্য মুঠেও গ্ৰহণ নকৰে। অত্যধিক তৈলযুক্ত  বা চৰ্বিজাতীয় খাদ্য খোৱাটো মুঠেও ভাল নহয় । কিন্তু তেল বা চৰ্বি জাতীয় খাদ্য একেবাৰে নোখোৱাতো বা প্ৰয়োজনতকৈ কমকৈ খালেও দেহৰ ক্ষতি হ’ব পাৰে। আমাৰ শৰীৰৰ বাবে তেল ৰু চৰ্বিৰো প্ৰয়োজন। তেল আৰু চৰ্বিৰ পৰা আমাৰ দেহে ই ভিটামিনৰ যোগান পায়। ই ভিটামিনৰ অভাৱত দেহত নানা  ৰোগে দেখা দিব পাৰে। ভিটামিন ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। শৰীৰ স্বাস্থ্যৱান ৰখা আৰু ছাল, চুলি আৰু পেশী গঠনত এই ভিটামিনৰ ভূমিকা আছে। ভিটামিন ই ছালৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ই-ত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। যি আমাৰ ছালক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। এই ভিটামিনে ছাল গঠনত সহায় কৰে। 


ভিটামিন ই-য়ে ছালৰ কোলাজেনৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। সেইকাৰণে বৃদ্ধ বয়সৰ লক্ষণবোৰ বহু দিনৰ পিছত আহে। ভিটামিন ই-য়ে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ পুষ্টি প্ৰদান কৰে। একে সময়তে, চুলিবোৰ গুৰিৰ পৰা শক্তিশালী হয়।যদি ভিটামিন ই-ৰ অভাৱ হয়, কিন্তু হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, বা যিসকলে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।ভিটামিন ই চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে, দৃষ্টিশক্তি দুৰ্বল হৈ পৰে।

বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব।

ভিটামিন ই-ৰ অভাৱ পূৰণ কৰিবলৈ ভিটামিন ই-ৰ ব্যৱহাৰ হয়। এইটো অতি অসাধাৰণ যদিও সংক্ৰমণৰ সম্ভাৱনা থকা লোকৰ লগতে অতি কম ওজনৰ শিশুৰ ক্ষেত্ৰত এইটো ঘটে।ভিটামিন-ই লগতে আন কিছুমান পৰিস্থিতিটো সঘনে ব্যৱহাৰ হয় যদিও ইয়াৰ আন ব্যৱহাৰসমূহৰ ক্ষেত্ৰত কোনো সঠিক পদ্ধতিগত সংকেত দেখা নাযায়।ভিটামিন-ই হৈছে চৰ্বি-সংম্পৃক্ত ভিটামিন যি এন্টি অক্সিডেন্ট হিচাপে কাম কৰে।

সাধাৰণতে ইয়াক আঠটা সুকীয়া ৰূপত পোৱা যায় যাৰ ভিতৰত আলফা-টক’ফেৰল হৈছে আটাইকৈ ব্যৱহৃত তথা অত্যন্ত সজীৱ ৰূপ।ভিটামিন ই-য়ে এন্টি অক্সিডেন্ট হিচাপে, কোষসমূহক ৰক্ষা কৰা,  ছালৰ কোষক ক্ষতিৰ  পৰা প্ৰতিৰক্ষা কৰা আদিত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু