--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰ!অশান্ত ইম্ফল উপত্যকা!তিনিমাহৰো অধিক সময় মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি ব্যাহত হৈ আছে৷বৃহস্পতিবাৰে নিশা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পূৰ্বপুৰুষৰ ঘৰত আক্ৰমণৰ চেষ্টা চলোৱাত বৃহস্পতিবাৰে নিশা আইন-শৃংখলা পৰিস্থিতিয়ে আৰু অধিক নাটকীয় ৰূপ ধাৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে উগ্ৰৰূপ ধাৰণ কৰা প্ৰচেষ্টা বিফল কৰি মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত গোটটোক প্ৰতিৰোধ কৰে৷


মণিপুৰ প্ৰশাসনৰ এজন আৰক্ষী বিষয়াই কয় যে-‘ইম্ফলৰ হাইংগাঙত অৱস্থিত মুখ্যমন্ত্ৰীৰ পূৰ্বপুৰুষৰ ঘৰত আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল। ঘৰৰ পৰা প্ৰায় ১০০-১৫০ মিটাৰ দূৰত্বত নিৰাপত্তা বাহিনীয়ে গোটটোক ৰখাই দিয়ে।’আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, “বিভিন্ন দিশৰ পৰা দুটা গোটৰ লোক আহি মুখ্যমন্ত্ৰীৰ পূৰ্বপুৰুষৰ বাসগৃহৰ কাষ চাপিছিল যদিও তেওঁলোকক ৰখাই দিয়া হয়।”


ভিৰটোক ছত্ৰভংগ দিবলৈ আৰ এ এফ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানে কেইবাটাও ৰাউণ্ড কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে। প্ৰতিবাদকাৰীৰ দৃশ্যমানতা হ্ৰাস কৰিব পৰাকৈ সমগ্ৰ অঞ্চলটোৰ বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়ে৷ 






উল্লেখ্য যে ইম্ফল উপত্যকাৰ ১৯খন থানা বাদ দি ৰাজ্যত আৰু ছমাহৰ বাবে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন বা আফস্পা বৃদ্ধি কৰাৰ এদিন পাছতে এই ঘটনাোসংঘটিত হয়।

উত্তৰ-পূব ৰাজ্যখনত মে’ মাহৰ আৰম্ভণিৰ পৰা দুয়োটা প্ৰভাৱশালী জনগোষ্ঠীৰ মাজত জাতিগত হিংসাৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ সংৰক্ষণ মেট্ৰিক্সত প্ৰস্তাৱিত টুইক, মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধে জনজাতীয় সংগঠনে প্ৰতিবাদৰ আহ্বান জনোৱাৰ পাছতে প্ৰথমে ৩ মে’ত চুৰাচান্দপুৰ চহৰত সংঘৰ্ষৰ সৃষ্টি হয়।ম৩৭ লাখ জনসংখ্যাৰ ৰাজ্য মণিপুৰত সেনাবাহিনীৰ উপস্থিতি থকাৰ পাছতো এই সংঘৰ্ষ অব্যাহত আছে।

দুমাহ পূৰ্বে নিৰুদ্দেশ হোৱা এজন ২০ বছৰীয়া যুৱক আৰু এগৰাকী ১৭ বছৰীয়া কিশোৰী (দুয়োজনেই মেইটেই সম্প্ৰদায়ৰ) হত্যাকাণ্ডক লৈ এই সপ্তাহত পুনৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়। ইম্ফলত বুধবাৰে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে বৃহৎ জনসমাগম হোৱাত কমেও ২৫ জন ছাত্ৰ আহত হয়।জনগোষ্ঠীয় সংঘৰ্ষৰ ইতিহাস থকা ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বৰ্তমান একাধিক পক্ষৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement