--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা জাতি!যাৰ অকৃত্ৰিম ভালপোৱাই সমৃদ্ধ কৰি ৰাখিছে এখন ৰাজ্যক৷ৰাজ্যখনৰ নাম কৰ্ণাটক আৰু জাতিটো হ’ল কানাড়া৷চুবুৰীয়া ৰাজ্য তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰাৰ প্ৰতিবাদত কানাড়া জাতীয় সংগঠন কানাড়া অকুটাই কৰ্ণাটক বন্ধৰ আহ্বান জনায়৷ ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ মাজতে শুকুৰবাৰে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৪৪খন বিমান বাতিল কৰা হয়।

সবিশেষ তথ্য অনুসৰি বিমানবন্দৰ কৰ্তৃপক্ষই বিমান সেৱা বিশেষ কাৰণত বাতিল কৰা বুলি জানিবলৈ দিয়ে আৰু যাত্ৰীসকলক সেই কথা সময়তে অৱগত কৰা হয়।

অৱশ্যে বহু যাত্ৰীয়ে কৰ্ণাটক বন্ধৰ বাবে টিকট বাতিল কৰাৰ বাবেই বিমান বাতিল হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।কৰ্ণাটকৰ পতাকা লৈ বিমানবন্দৰৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰৱেশ কৰাৰ সময়তো ৫ কান্নাড় সমৰ্থক কৰ্মীক জিম্মাত লোৱা হয়।

সূত্ৰসমূহে জনোৱা মতে, আটক কৰা পাঁচজনে বিমানবন্দৰৰ চৌহদত প্ৰৱেশৰ উদ্দেশ্যে বিমানৰ টিকট বুকিং কৰিছিল।বিশেষকৈ ৰাজ্যখনৰ দক্ষিণ অংশত স্বাভাৱিক জীৱন প্ৰভাৱিত হৈছে, উল্লেখ্য যে কানাড়া সমৰ্থক আৰু কৃষক সংগঠনসমূহে ‘কৰ্ণাটক বন্ধ’ৰ এই আহ্বান জনাইছিল।

কানাড়া অকুটাত কৰ্ণাটক ৰক্ষা বেদিকে, কানাড়া চলিৱলী আৰু বিভিন্ন কৃষক সংস্থাৰ ফৈদ চামিল হৈছে৷বৃহস্পতিবাৰে বন্ধৰ আয়োজকসকলে সংবাদ সংস্থা পিটিআইক জনাইছে যে চহৰখনৰ টাউন হলৰ পৰা ফ্ৰিডম পাৰ্কলৈকে এক বৃহৎ প্ৰতিবাদী শোভাযাত্ৰা অনুষ্ঠিত হ’ব, য’ত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।তেওঁলোকে কয় যে এই বন্ধ সমগ্ৰ কৰ্ণাটকৰ বাবে আৰু ঘাইপথ, টোলগেট, ৰে’ল সেৱা, বিমানবন্দৰ বন্ধ কৰাৰ চেষ্টা কৰিব।ইতিমধ্যে এই বন্ধৰ প্ৰতি কৰ্ণাটকৰ হোটেল, অটোৰিক্সা আৰু বহু সন্থাই সমৰ্থন আগবঢ়াইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement