--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা জাতি!যাৰ অকৃত্ৰিম ভালপোৱাই সমৃদ্ধ কৰি ৰাখিছে এখন ৰাজ্যক৷ৰাজ্যখনৰ নাম কৰ্ণাটক আৰু জাতিটো হ’ল কানাড়া৷চুবুৰীয়া ৰাজ্য তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰাৰ প্ৰতিবাদত কানাড়া জাতীয় সংগঠন কানাড়া অকুটাই কৰ্ণাটক বন্ধৰ আহ্বান জনায়৷ ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ মাজতে শুকুৰবাৰে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৪৪খন বিমান বাতিল কৰা হয়।

সবিশেষ তথ্য অনুসৰি বিমানবন্দৰ কৰ্তৃপক্ষই বিমান সেৱা বিশেষ কাৰণত বাতিল কৰা বুলি জানিবলৈ দিয়ে আৰু যাত্ৰীসকলক সেই কথা সময়তে অৱগত কৰা হয়।

অৱশ্যে বহু যাত্ৰীয়ে কৰ্ণাটক বন্ধৰ বাবে টিকট বাতিল কৰাৰ বাবেই বিমান বাতিল হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।কৰ্ণাটকৰ পতাকা লৈ বিমানবন্দৰৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰৱেশ কৰাৰ সময়তো ৫ কান্নাড় সমৰ্থক কৰ্মীক জিম্মাত লোৱা হয়।

সূত্ৰসমূহে জনোৱা মতে, আটক কৰা পাঁচজনে বিমানবন্দৰৰ চৌহদত প্ৰৱেশৰ উদ্দেশ্যে বিমানৰ টিকট বুকিং কৰিছিল।বিশেষকৈ ৰাজ্যখনৰ দক্ষিণ অংশত স্বাভাৱিক জীৱন প্ৰভাৱিত হৈছে, উল্লেখ্য যে কানাড়া সমৰ্থক আৰু কৃষক সংগঠনসমূহে ‘কৰ্ণাটক বন্ধ’ৰ এই আহ্বান জনাইছিল।

কানাড়া অকুটাত কৰ্ণাটক ৰক্ষা বেদিকে, কানাড়া চলিৱলী আৰু বিভিন্ন কৃষক সংস্থাৰ ফৈদ চামিল হৈছে৷বৃহস্পতিবাৰে বন্ধৰ আয়োজকসকলে সংবাদ সংস্থা পিটিআইক জনাইছে যে চহৰখনৰ টাউন হলৰ পৰা ফ্ৰিডম পাৰ্কলৈকে এক বৃহৎ প্ৰতিবাদী শোভাযাত্ৰা অনুষ্ঠিত হ’ব, য’ত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।তেওঁলোকে কয় যে এই বন্ধ সমগ্ৰ কৰ্ণাটকৰ বাবে আৰু ঘাইপথ, টোলগেট, ৰে’ল সেৱা, বিমানবন্দৰ বন্ধ কৰাৰ চেষ্টা কৰিব।ইতিমধ্যে এই বন্ধৰ প্ৰতি কৰ্ণাটকৰ হোটেল, অটোৰিক্সা আৰু বহু সন্থাই সমৰ্থন আগবঢ়াইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু