--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা এতিয়া শোচনীয়। চৰকাৰে পোনপটীয়াকৈ এইকথা স্বীকাৰ নকৰিলেও শেহতীয়া বিভিন্ন পদক্ষেপে প্ৰমাণ কৰিছে যে ভয়াৱহ বিত্তীয় সংকটে গ্ৰাস কৰিবলৈ গৈ আছে ৰাজ্যক। তদুপৰি ঋণৰ বোজায়ো ব্যতিব্যস্ত কৰি ৰাখিছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাক। এনে অৱস্থাত চৰাকাৰে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা জাপি দি বিত্তীয় ব্যৱস্থাৰ সৈতে জোৰা মৰাৰ চেষ্টা আৰম্ভ কৰিছে। মাটিৰ পৰা ফ্লেটলৈ, সুৰাৰ পৰা পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছলৈ বৃদ্ধি পাইছে কৰৰ হাৰ। কিন্তু তাৰ পাছতো চৰকাৰৰ বিলাস বহুলতাৰ যেন অন্ত নাই। গুৱাহাটীৰ বাহিৰত মাহে একোখনকৈ কেবিনেট বৈঠক আয়োজন, অতি হ্ৰস্ব দূৰত্বৰ বাবেও ব্যয়বহুল হেলিকপ্টাৰৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি নানা বিলাসিতাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে চৰকাৰ চলাইছে। আৰু তাৰ কুফল ভুগিছে সাধাৰণ জনতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে নানা চমক সৃষ্টিকাৰী ঘোষণাৰে ব্যয় সংকোচনৰ কথা কৈ আহিছে যদিও তেওঁৰ পৰস্পৰবিৰোধী বিভিন্ন পদক্ষেপে নানা প্ৰশ্নবোধকৰো সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নেতা মন্ত্ৰীক পিএছঅ’ সংস্কৃতি প্ৰত্যাহাৰ কৰাৰ আহ্বান ঠিকেই জনাইছে বা তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যা কমোৱাৰ দৰে চমক সৃষ্টিকাৰী ঘোষণা ঠিকেই কৰিছে কিন্তু তাৰ বিপৰীতে চৰকাৰী ধনৰ অপচয়ৰ নিত্য-নতুন নজিৰো সৃষ্টি কৰিছে। অসমৰ পূৰ্বৰ তিনিগৰাকী মু্খ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিও আছিল অনুৰূপ অভিযোগ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ পূৰ্বৰ পৰম্পৰা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও তেওঁৰ শেহতীয়া পদক্ষেপে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ বিধায়ক কলনীৰ কেইবাটাও আবাসক একেলগ কৰি নিজৰ বাবে বিশাল পৃষক আবাস নিৰ্মাণ কৰি লৈছিল। তৰুণ গগৈয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাক নিজৰ বাসভৱন হিচাপে ব্যৱহাৰ কৰিও সমালোচনাৰ পাত্ৰ হৈছিল। একেদৰে সৰ্বানন্দ সোণোৱালেও ব্যয়বহুল ব্ৰহ্মপুত্ৰ অতিথিশালাতে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱা কটাইছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ তেওঁ এতিয়া মিনিষ্টাৰ কল’নীত থকা তেওঁৰ দুপ্লেক্স আৰ্হিৰ আবাসতে আছে যদিও এইবাৰ সকলোকে চেৰাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে পৃথক মুখ্যমন্ত্ৰীৰ আবাস।

চাৰিটাকৈ আবাস লগ লগাই বিলাসবহুল বাংলো নিৰ্মাণ

তেওঁ এতিয়া থকা বিশাল আবাসগৃহটোৰ ঠাইত কেইবাটাও আবাস লগ লগাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে স্থায়ী মু্খ্যমন্ত্ৰীৰ আবাসগৃহ। বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ইতিমধ্যে ইয়াৰ নক্সাও সাজু হৈ উঠিছে। তেওঁৰ আবাসৰ আশে-পাশে থকা একাধিক আবাস লগ লগাই এই বিশাল ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। য’ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৰ লগতে পৃথক কনফাৰেন্স আদিৰো ব্যৱস্থা কৰা হ’ব। অসৰ দৰে এখন ৰাজ্যত, যাৰ বিত্তীয় অৱস্থা এতিয়া একপ্ৰকাৰ শোচনীয় হৈ পৰিছে তাত এনে বিলাস বহুলতা কিমান গ্ৰহণযোগ্য সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ পৰিছে। এতিয়া থকা বৃহৎ আবাসৰ ঠাইত তেনে চাৰিটাকৈ আবাস লগ লগাই বিলাসবহুল বাংলো নিৰ্মাণ কৰাৰ প্ৰয়োজন কি সেয়া মুখ্যমন্ত্ৰীয়েহে ক’ব পাৰিব। তাকো ৰাজ্যই যেতিয়া বিত্তীয় সংকটৰ সৈতে যুঁজি আছে আৰু মুখ্যমন্ত্ৰীয় ব্যয় সংকোচনৰ চমক সৃষ্টিকাৰী ঘোষণাও সময়ে সময়ে কৰি আছে তেনে পৰিপ্ৰেক্ষিতত এনে বিলাসবহুলতাৰ প্ৰয়োজন কি তাক লৈ প্ৰশ্ন উঠিছে। মুখ্যমন্ত্ৰীৰ আসনখন স্থায়ী নহয়, পাঁচ বছৰীয়া কাৰ্যকালৰ পাছত মু্খ্যমন্ত্ৰীৰ আসনত কোন বহিব সেয়া সময়েহে ক’ব। মাত্ৰ পাঁচ বছৰৰ বাবেই যদি এনে বিলাসী আয়োজন কৰিব বিচৰা হৈছে তেন্তে সেয়া অসমৰ দৰে ৰাজ্য এখনৰ বাবে হ’ব এক অভিশাপৰ দৰে। কাৰণ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰো হয়তো নতুন কিবা কৰিবলৈ মন যাব। যিদৰে ইমান দিনে হৈ আহিছে। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাই স্থায়ীভাৱে এই আসনখনত বাহাল থাকিব বুলি ভাবিছে তেন্তে সেয়াও হয়তো আশ্বৰ্যকৰ কথা বুলিহে বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা