--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা এতিয়া শোচনীয়। চৰকাৰে পোনপটীয়াকৈ এইকথা স্বীকাৰ নকৰিলেও শেহতীয়া বিভিন্ন পদক্ষেপে প্ৰমাণ কৰিছে যে ভয়াৱহ বিত্তীয় সংকটে গ্ৰাস কৰিবলৈ গৈ আছে ৰাজ্যক। তদুপৰি ঋণৰ বোজায়ো ব্যতিব্যস্ত কৰি ৰাখিছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাক। এনে অৱস্থাত চৰাকাৰে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা জাপি দি বিত্তীয় ব্যৱস্থাৰ সৈতে জোৰা মৰাৰ চেষ্টা আৰম্ভ কৰিছে। মাটিৰ পৰা ফ্লেটলৈ, সুৰাৰ পৰা পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছলৈ বৃদ্ধি পাইছে কৰৰ হাৰ। কিন্তু তাৰ পাছতো চৰকাৰৰ বিলাস বহুলতাৰ যেন অন্ত নাই। গুৱাহাটীৰ বাহিৰত মাহে একোখনকৈ কেবিনেট বৈঠক আয়োজন, অতি হ্ৰস্ব দূৰত্বৰ বাবেও ব্যয়বহুল হেলিকপ্টাৰৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি নানা বিলাসিতাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে চৰকাৰ চলাইছে। আৰু তাৰ কুফল ভুগিছে সাধাৰণ জনতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে নানা চমক সৃষ্টিকাৰী ঘোষণাৰে ব্যয় সংকোচনৰ কথা কৈ আহিছে যদিও তেওঁৰ পৰস্পৰবিৰোধী বিভিন্ন পদক্ষেপে নানা প্ৰশ্নবোধকৰো সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নেতা মন্ত্ৰীক পিএছঅ’ সংস্কৃতি প্ৰত্যাহাৰ কৰাৰ আহ্বান ঠিকেই জনাইছে বা তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যা কমোৱাৰ দৰে চমক সৃষ্টিকাৰী ঘোষণা ঠিকেই কৰিছে কিন্তু তাৰ বিপৰীতে চৰকাৰী ধনৰ অপচয়ৰ নিত্য-নতুন নজিৰো সৃষ্টি কৰিছে। অসমৰ পূৰ্বৰ তিনিগৰাকী মু্খ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিও আছিল অনুৰূপ অভিযোগ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ পূৰ্বৰ পৰম্পৰা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও তেওঁৰ শেহতীয়া পদক্ষেপে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ বিধায়ক কলনীৰ কেইবাটাও আবাসক একেলগ কৰি নিজৰ বাবে বিশাল পৃষক আবাস নিৰ্মাণ কৰি লৈছিল। তৰুণ গগৈয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাক নিজৰ বাসভৱন হিচাপে ব্যৱহাৰ কৰিও সমালোচনাৰ পাত্ৰ হৈছিল। একেদৰে সৰ্বানন্দ সোণোৱালেও ব্যয়বহুল ব্ৰহ্মপুত্ৰ অতিথিশালাতে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱা কটাইছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ তেওঁ এতিয়া মিনিষ্টাৰ কল’নীত থকা তেওঁৰ দুপ্লেক্স আৰ্হিৰ আবাসতে আছে যদিও এইবাৰ সকলোকে চেৰাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে পৃথক মুখ্যমন্ত্ৰীৰ আবাস।

চাৰিটাকৈ আবাস লগ লগাই বিলাসবহুল বাংলো নিৰ্মাণ

তেওঁ এতিয়া থকা বিশাল আবাসগৃহটোৰ ঠাইত কেইবাটাও আবাস লগ লগাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে স্থায়ী মু্খ্যমন্ত্ৰীৰ আবাসগৃহ। বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ইতিমধ্যে ইয়াৰ নক্সাও সাজু হৈ উঠিছে। তেওঁৰ আবাসৰ আশে-পাশে থকা একাধিক আবাস লগ লগাই এই বিশাল ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। য’ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৰ লগতে পৃথক কনফাৰেন্স আদিৰো ব্যৱস্থা কৰা হ’ব। অসৰ দৰে এখন ৰাজ্যত, যাৰ বিত্তীয় অৱস্থা এতিয়া একপ্ৰকাৰ শোচনীয় হৈ পৰিছে তাত এনে বিলাস বহুলতা কিমান গ্ৰহণযোগ্য সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ পৰিছে। এতিয়া থকা বৃহৎ আবাসৰ ঠাইত তেনে চাৰিটাকৈ আবাস লগ লগাই বিলাসবহুল বাংলো নিৰ্মাণ কৰাৰ প্ৰয়োজন কি সেয়া মুখ্যমন্ত্ৰীয়েহে ক’ব পাৰিব। তাকো ৰাজ্যই যেতিয়া বিত্তীয় সংকটৰ সৈতে যুঁজি আছে আৰু মুখ্যমন্ত্ৰীয় ব্যয় সংকোচনৰ চমক সৃষ্টিকাৰী ঘোষণাও সময়ে সময়ে কৰি আছে তেনে পৰিপ্ৰেক্ষিতত এনে বিলাসবহুলতাৰ প্ৰয়োজন কি তাক লৈ প্ৰশ্ন উঠিছে। মুখ্যমন্ত্ৰীৰ আসনখন স্থায়ী নহয়, পাঁচ বছৰীয়া কাৰ্যকালৰ পাছত মু্খ্যমন্ত্ৰীৰ আসনত কোন বহিব সেয়া সময়েহে ক’ব। মাত্ৰ পাঁচ বছৰৰ বাবেই যদি এনে বিলাসী আয়োজন কৰিব বিচৰা হৈছে তেন্তে সেয়া অসমৰ দৰে ৰাজ্য এখনৰ বাবে হ’ব এক অভিশাপৰ দৰে। কাৰণ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰো হয়তো নতুন কিবা কৰিবলৈ মন যাব। যিদৰে ইমান দিনে হৈ আহিছে। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাই স্থায়ীভাৱে এই আসনখনত বাহাল থাকিব বুলি ভাবিছে তেন্তে সেয়াও হয়তো আশ্বৰ্যকৰ কথা বুলিহে বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু