--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা তুংগত উঠাৰ সমান্তৰালভাৱে বিভিন্ন সংবাদ মাধ্যমৰো ব্যস্ততা বাঢ়িছে। বিভিন্নজন ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰো ব্যস্ততা বাঢ়িছে। নিৰ্বাচনৰ দৰে গুৰুত্বপূ্ৰ্ণ ৰাজনৈতিক কাৰ্যসূচীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকাই বিশেষ তাৎপৰ্য বহন কৰে। কিন্তু মন দুৰ্ভাগ্যজনকভাৱে এতিয়াৰ সৰহসংখ্যক সংবাদ মাধ্যমৰ বিৰুদ্ধে উঠিছে পক্ষপাতদুষ্ট হোৱাৰ অভিযোগ। নিজৰ স্বাৰ্থৰ অনুকুলেহে একাংশ সংবাদ মাধ্যমে কাম কৰিবলৈ লৈছে আৰু জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে বুলি এতিয়া অভিযোগ উঠিছে। সংবাদ মাধ্যমৰ এনে পক্ষপাতদুষ্ট ভূমিকা বাৰম্বাৰ প্ৰতিফলিত হৈছে আৰু গণতান্ত্ৰিক ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত অন্তৰায় হিচাপে পৰিগণিত হোৱাৰ অভিযোগ উঠিছে। অলপতে ‘আজ টক’ নামক চেনেলটোৰ জ্যেষ্ঠ সাংবাদিক অঞ্জনা ওম কাশ্যপৰ সৈতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ অনুষ্ঠানৰ মাজতে সংঘাতৰ সৃষ্টি হোৱাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছিল। অঞ্জনা ওম কাশ্যপক অখিলেশে ‘সৎ সাংবাদিক’ বোলাক লৈ ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কাশ্যপে। তেওঁৰ মতে সৎ বুলি কৈ অখিলেশ যাদৱে তেওঁক কটাক্ষ কৰিছে। অঞ্জনা ওম কাশ্যপৰ এই প্ৰতিক্ৰিয়াক লৈ বিভিন্নজনে সৰস প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। প্ৰশংসাও গালি বুলি নিজেই চিহ্নিত কৰা এই পৰিস্থিতিয়ে দেশৰ সংবাদ মা্ধ্যমৰ স্বৰূপটোকে যেন প্ৰতিফলিত কৰিছে। সংবাদ মাধ্যমৰ এই ভূমিকাক উদঙাই দি এইবাৰ পুনৰ এটা সংবাদ মাধ্যমক বৰ্জন কৰাৰ কথা ঘোষণা কৰিলে অখিলেশ যাদৱে। এটা টিভি চেনেলৰ সাংবাদিকে সাক্ষাৎকাৰৰ সময়ত গ্ৰহণ কৰা ভূমিকাত অসন্তুষ্ট হৈ অখিলেশে তেওঁক মুকলিকৈ সকীয়নি দিয়াৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। অখিলেশ যাদৱে আনকি এই নিউজ চেনেলটোলৈ দুনাই নাযাওঁ বুলিও মন্তব্য কৰে। তেওঁ সাক্ষাৎকাৰ গ্ৰহণ কৰা সাংবাদিকজনক পক্ষপাতদুষ্ট আখ্যা দি কয়, আপোনালোকৰ চেনেলত এয়াই মোৰ শেষ সাক্ষাৎকাৰ, দুনাই আৰু মই ইয়ালৈ নাহো। চেনেলটো হৈছে টিভি-৯। অখিলেশৰ এই অসন্তুষ্টিয়ে সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ কথাটো যেন পুনৰবাৰ প্ৰাসংগিক কৰি তুলিলে। অখিলেশৰ এই ভিডিঅ’টোৱে উত্তৰ প্ৰদেশত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু