--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা তুংগত উঠাৰ সমান্তৰালভাৱে বিভিন্ন সংবাদ মাধ্যমৰো ব্যস্ততা বাঢ়িছে। বিভিন্নজন ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰো ব্যস্ততা বাঢ়িছে। নিৰ্বাচনৰ দৰে গুৰুত্বপূ্ৰ্ণ ৰাজনৈতিক কাৰ্যসূচীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকাই বিশেষ তাৎপৰ্য বহন কৰে। কিন্তু মন দুৰ্ভাগ্যজনকভাৱে এতিয়াৰ সৰহসংখ্যক সংবাদ মাধ্যমৰ বিৰুদ্ধে উঠিছে পক্ষপাতদুষ্ট হোৱাৰ অভিযোগ। নিজৰ স্বাৰ্থৰ অনুকুলেহে একাংশ সংবাদ মাধ্যমে কাম কৰিবলৈ লৈছে আৰু জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে বুলি এতিয়া অভিযোগ উঠিছে। সংবাদ মাধ্যমৰ এনে পক্ষপাতদুষ্ট ভূমিকা বাৰম্বাৰ প্ৰতিফলিত হৈছে আৰু গণতান্ত্ৰিক ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত অন্তৰায় হিচাপে পৰিগণিত হোৱাৰ অভিযোগ উঠিছে। অলপতে ‘আজ টক’ নামক চেনেলটোৰ জ্যেষ্ঠ সাংবাদিক অঞ্জনা ওম কাশ্যপৰ সৈতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ অনুষ্ঠানৰ মাজতে সংঘাতৰ সৃষ্টি হোৱাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছিল। অঞ্জনা ওম কাশ্যপক অখিলেশে ‘সৎ সাংবাদিক’ বোলাক লৈ ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কাশ্যপে। তেওঁৰ মতে সৎ বুলি কৈ অখিলেশ যাদৱে তেওঁক কটাক্ষ কৰিছে। অঞ্জনা ওম কাশ্যপৰ এই প্ৰতিক্ৰিয়াক লৈ বিভিন্নজনে সৰস প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। প্ৰশংসাও গালি বুলি নিজেই চিহ্নিত কৰা এই পৰিস্থিতিয়ে দেশৰ সংবাদ মা্ধ্যমৰ স্বৰূপটোকে যেন প্ৰতিফলিত কৰিছে। সংবাদ মাধ্যমৰ এই ভূমিকাক উদঙাই দি এইবাৰ পুনৰ এটা সংবাদ মাধ্যমক বৰ্জন কৰাৰ কথা ঘোষণা কৰিলে অখিলেশ যাদৱে। এটা টিভি চেনেলৰ সাংবাদিকে সাক্ষাৎকাৰৰ সময়ত গ্ৰহণ কৰা ভূমিকাত অসন্তুষ্ট হৈ অখিলেশে তেওঁক মুকলিকৈ সকীয়নি দিয়াৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। অখিলেশ যাদৱে আনকি এই নিউজ চেনেলটোলৈ দুনাই নাযাওঁ বুলিও মন্তব্য কৰে। তেওঁ সাক্ষাৎকাৰ গ্ৰহণ কৰা সাংবাদিকজনক পক্ষপাতদুষ্ট আখ্যা দি কয়, আপোনালোকৰ চেনেলত এয়াই মোৰ শেষ সাক্ষাৎকাৰ, দুনাই আৰু মই ইয়ালৈ নাহো। চেনেলটো হৈছে টিভি-৯। অখিলেশৰ এই অসন্তুষ্টিয়ে সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ কথাটো যেন পুনৰবাৰ প্ৰাসংগিক কৰি তুলিলে। অখিলেশৰ এই ভিডিঅ’টোৱে উত্তৰ প্ৰদেশত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু