--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এগৰাকী বিটেক ছাত্ৰীয়ে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ হাৰিয়ানাৰ ফৰিদাবাদত এখন চাহ দোকান স্থাপন কৰিছে। বৰ্তিকা সিং নামৰ যুৱতীগৰাকীয়ে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ হাৰিয়ানাৰ ফৰিদাবাদত খুলিছে এখন চাহৰ দোকান। বৰ্তিকা সিঙে সদায় নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল, কিন্তু ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ ৪ বছৰ অপেক্ষা কৰিব বিচৰা নাছিল। লাহে লাহে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈ 'বি টেক চায়ৱালী' নামেৰে নিজাকৈ চাহ দোকান আৰম্ভ কৰিলে বৰ্তিকাই।

বর্তিকাই কয় যে তেওঁ ফৰিদাবাদৰ গ্ৰীণ ফিল্ডৰ সমীপত এখন চাহ দোকান খুলিছে আৰু সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেওঁ চাহৰ দোকানখন খোলা ৰাখে। 

বৰ্তিকাই মছলা চাহ আৰু নেমু চাহ ২০ টকাকৈ আৰু নিয়মীয়া চাহ ১০ টকাত বিক্ৰী কৰে। 'বি টেক চায়ৱালী'ত গ্ৰাহকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।

বৰ্তিকাৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ শলাগ লয় সকলোৱে। অতি সোনকালেই 'বি টেক চায়ৱালী' এটা ব্ৰেণ্ড হৈ পৰিব বুলি আশা ৰাখিছে তেওঁৰ শুভাকাংক্ষীসকলে। 

ইয়াৰ পূৰ্বে বিহাৰৰ ৰাজধানী পাটনাৰ এখন মহিলা মহাবিদ্যালয়ৰ সমীপত অৰ্থনীতিৰ স্নাতক প্ৰিয়ংকা গুপ্তাই এখন চাহৰ ষ্টল স্থাপন কৰিছিল। তেওঁ দুবছৰ ধৰি চাকৰি লাভ নকৰাৰ পাছতেই চাহৰ দোকান খোলাৰ মন মেলে। ২০১৯ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰিয়ংকা গুপ্তাই কয় যে ভাৰতৰ জনপ্ৰিয় ব্ৰেণ্ড 'এমবিএ চায়ৱালা' নামেৰে পৰিচিত প্ৰফুল্ল বিলোৰৰ কাহিনী শুনি তেওঁ এখন চাহ দোকান খুলিবলৈ অনুপ্ৰাণিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক