--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এগৰাকী বিটেক ছাত্ৰীয়ে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ হাৰিয়ানাৰ ফৰিদাবাদত এখন চাহ দোকান স্থাপন কৰিছে। বৰ্তিকা সিং নামৰ যুৱতীগৰাকীয়ে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ হাৰিয়ানাৰ ফৰিদাবাদত খুলিছে এখন চাহৰ দোকান। বৰ্তিকা সিঙে সদায় নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল, কিন্তু ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ ৪ বছৰ অপেক্ষা কৰিব বিচৰা নাছিল। লাহে লাহে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈ 'বি টেক চায়ৱালী' নামেৰে নিজাকৈ চাহ দোকান আৰম্ভ কৰিলে বৰ্তিকাই।

বর্তিকাই কয় যে তেওঁ ফৰিদাবাদৰ গ্ৰীণ ফিল্ডৰ সমীপত এখন চাহ দোকান খুলিছে আৰু সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেওঁ চাহৰ দোকানখন খোলা ৰাখে। 

বৰ্তিকাই মছলা চাহ আৰু নেমু চাহ ২০ টকাকৈ আৰু নিয়মীয়া চাহ ১০ টকাত বিক্ৰী কৰে। 'বি টেক চায়ৱালী'ত গ্ৰাহকৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।

বৰ্তিকাৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ শলাগ লয় সকলোৱে। অতি সোনকালেই 'বি টেক চায়ৱালী' এটা ব্ৰেণ্ড হৈ পৰিব বুলি আশা ৰাখিছে তেওঁৰ শুভাকাংক্ষীসকলে। 

ইয়াৰ পূৰ্বে বিহাৰৰ ৰাজধানী পাটনাৰ এখন মহিলা মহাবিদ্যালয়ৰ সমীপত অৰ্থনীতিৰ স্নাতক প্ৰিয়ংকা গুপ্তাই এখন চাহৰ ষ্টল স্থাপন কৰিছিল। তেওঁ দুবছৰ ধৰি চাকৰি লাভ নকৰাৰ পাছতেই চাহৰ দোকান খোলাৰ মন মেলে। ২০১৯ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰিয়ংকা গুপ্তাই কয় যে ভাৰতৰ জনপ্ৰিয় ব্ৰেণ্ড 'এমবিএ চায়ৱালা' নামেৰে পৰিচিত প্ৰফুল্ল বিলোৰৰ কাহিনী শুনি তেওঁ এখন চাহ দোকান খুলিবলৈ অনুপ্ৰাণিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু