--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰৰ আত্মহত্যা। ছাত্ৰগৰাকীৰ সৈতে এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমত বিচ্ছেদ ঘটাৰ বাবেই আত্মহত্যা কৰে ১৭ বছৰীয়া ছাত্ৰজনে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। 

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আম্বাটুৰৰ এখন চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী এগৰাকীৰ দশম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তিনি বছৰ ধৰি তেওঁ ল’ৰাজনক পঢ়াই আছিল।

শিক্ষয়িত্ৰীগৰাকীয়ে অন্য এজন যুৱকৰ সৈতে এংগেজমেণ্ট কৰাৰ পাছত ছাত্ৰজনৰ সৈতে সম্পৰ্ক শেষ কৰিছিল। ছাত্ৰজন এই কথাত মানসিকভাৱে ভাগি পৰিছিল। 

ল’ৰাজনে আত্মহত্যা কৰাত, ইয়াৰ আঁৰত বিশেষ কিবা এটা কাৰণ আছে বুলি মাতৃয়ে সন্দেহ কৰিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত শিক্ষয়িত্ৰীগৰাকীৰ ফোনত ল’ৰাজনৰ সৈতে থকা ফটো উদ্ধাৰ কৰা হয়। 

শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰগৰাকীৰ সৈতে থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

POCSO আইনৰ অধীনত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু