--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱাৰ আৰম্ভণিতে গৰম চাহ একাপ আৰু বিস্কুট খোৱাৰ অভ্যাস বহুতৰে আছে। কিন্তু এই অভ্যাস সলনি কৰাৰ সময় আহি পৰিছে। কাৰণ ই কোনো স্বাস্থ্যকৰ অভ্যাস নহয়। প্ৰায়ে আমি ভাবো যে পুৱাই একাপ চাহ আৰু লগত এখন বিস্কুট নাখালে আমাৰ মূৰৰ বিষপৰ্যন্ত হৈ পৰে, যিয়ে আমাৰ দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু এয়া মাথোঁ মনৰ ভ্ৰমহে। এই অভ্যাসক যিমান পাৰি সোনকালে আঁতৰোৱাটো অতি প্ৰয়োজন, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যলৈ বিপদো আহিব পাৰে।

* চাহ আৰু বিস্কুটৰ পাৰ্শ্বক্ৰিয়া-

চেলিব্ৰিটি নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান শ্বেতা শ্বাহে হেল্থ শ্বটছক কয় যে পুৱা চাহ-বি্স্কুট খোৱাৰ অভ্যাসে আপোনাক গেষ্ট্ৰিক সমস্যাৰ লগতে হাৰ্টবাৰ্ণ, বিষ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু বহুতো সমস্যা দিব পাৰে। শ্বাহে হেল্থ শ্বটছক কয়, ‘এজন কোষ্ঠকাঠিন্য ৰোগীৰ বাবে চাহ খোৱাটো এটা বেয়া অভ্যাস, কিয়নো ই অন্ত্ৰত সমস্যাৰ সৃষ্টি কৰাৰ লগতে চাহত গাখীৰ থাকে, যাৰ ফলত বহু লোকৰ বদহজম হয়। বিস্কুটৰ কথা আহিলে পেকেটৰ পৰা ওলোৱা যিকোনো প্ৰচেছড খাদ্য আপোনাৰ স্বাস্থ্যৰ বাবে বেয়া।’ সেইবাবেই আপোনাৰ এই অভ্যাস সলনি কৰাৰ প্ৰয়োজন আছে।

পুৱা আৰম্ভ কৰিবলৈ চাহ আৰু বিস্কুটৰ কিছু স্বাস্থ্যসন্মত বিকল্প জানো আহক-

১. পানীঃ-দিনটো আৰম্ভ কৰক এগিলাচ কুহুমীয়া পানীৰে। দীৰ্ঘ সময় ধৰি শোৱাৰ পাছত ই আপোনাৰ শৰীৰক হাইড্ৰেচন দিয়ে আৰু কোষবোৰো সক্ৰিয় কৰে। ইয়াৰ উপৰি ই আপোনাৰ অন্ত্ৰ শিথিল কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিয়ে।

২. ফলমূল, বাদাম, গাখীৰ, ঘৰতে বনোৱা জলপান যেনে-পোহা, উপমা, ইডলি, ওটছ, ডোছা, অংকুৰিত বীজ, নাৰিকলৰ পানী আৰু শাক-পাচলিৰ ৰস আদি আপোনাৰ চাহ-বিস্কুটৰ বিকল্প হ’ব পাৰে।

৩. ঘৰতে বনোৱা আৰু পেকেটিং নকৰা যিকোনো খাদ্যই ভাল বিকল্প হ’ব পাৰে। স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে আপোনাক দীৰ্ঘ সময় ধৰি হাইড্ৰেট কৰি ৰখাৰ লগতে শক্তি প্ৰদান কৰিব।

৪. ব্যায়ামেৰে দিনটোৰ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ শৰীৰে স্বাস্থ্যজনিত বহুতো উপকাৰিতা দিব পাৰে, যাৰ ফলত গোটেই দিনটো আপোনাক সক্ৰিয় কৰি তুলিব পাৰে।

৫. অপৰ্যাপ্ত টোপনি আপোনাৰ অলসতা আৰু অনুচিত খাদ্য বাছনিৰ কাৰণ হ’ব পাৰে। সেয়েহে সুস্থ অনুভৱ কৰিবলৈ দৈনিক আঠ ঘণ্টা টোপনি যোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ