--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱাৰ আৰম্ভণিতে গৰম চাহ একাপ আৰু বিস্কুট খোৱাৰ অভ্যাস বহুতৰে আছে। কিন্তু এই অভ্যাস সলনি কৰাৰ সময় আহি পৰিছে। কাৰণ ই কোনো স্বাস্থ্যকৰ অভ্যাস নহয়। প্ৰায়ে আমি ভাবো যে পুৱাই একাপ চাহ আৰু লগত এখন বিস্কুট নাখালে আমাৰ মূৰৰ বিষপৰ্যন্ত হৈ পৰে, যিয়ে আমাৰ দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু এয়া মাথোঁ মনৰ ভ্ৰমহে। এই অভ্যাসক যিমান পাৰি সোনকালে আঁতৰোৱাটো অতি প্ৰয়োজন, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যলৈ বিপদো আহিব পাৰে।

* চাহ আৰু বিস্কুটৰ পাৰ্শ্বক্ৰিয়া-

চেলিব্ৰিটি নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান শ্বেতা শ্বাহে হেল্থ শ্বটছক কয় যে পুৱা চাহ-বি্স্কুট খোৱাৰ অভ্যাসে আপোনাক গেষ্ট্ৰিক সমস্যাৰ লগতে হাৰ্টবাৰ্ণ, বিষ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু বহুতো সমস্যা দিব পাৰে। শ্বাহে হেল্থ শ্বটছক কয়, ‘এজন কোষ্ঠকাঠিন্য ৰোগীৰ বাবে চাহ খোৱাটো এটা বেয়া অভ্যাস, কিয়নো ই অন্ত্ৰত সমস্যাৰ সৃষ্টি কৰাৰ লগতে চাহত গাখীৰ থাকে, যাৰ ফলত বহু লোকৰ বদহজম হয়। বিস্কুটৰ কথা আহিলে পেকেটৰ পৰা ওলোৱা যিকোনো প্ৰচেছড খাদ্য আপোনাৰ স্বাস্থ্যৰ বাবে বেয়া।’ সেইবাবেই আপোনাৰ এই অভ্যাস সলনি কৰাৰ প্ৰয়োজন আছে।

পুৱা আৰম্ভ কৰিবলৈ চাহ আৰু বিস্কুটৰ কিছু স্বাস্থ্যসন্মত বিকল্প জানো আহক-

১. পানীঃ-দিনটো আৰম্ভ কৰক এগিলাচ কুহুমীয়া পানীৰে। দীৰ্ঘ সময় ধৰি শোৱাৰ পাছত ই আপোনাৰ শৰীৰক হাইড্ৰেচন দিয়ে আৰু কোষবোৰো সক্ৰিয় কৰে। ইয়াৰ উপৰি ই আপোনাৰ অন্ত্ৰ শিথিল কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিয়ে।

২. ফলমূল, বাদাম, গাখীৰ, ঘৰতে বনোৱা জলপান যেনে-পোহা, উপমা, ইডলি, ওটছ, ডোছা, অংকুৰিত বীজ, নাৰিকলৰ পানী আৰু শাক-পাচলিৰ ৰস আদি আপোনাৰ চাহ-বিস্কুটৰ বিকল্প হ’ব পাৰে।

৩. ঘৰতে বনোৱা আৰু পেকেটিং নকৰা যিকোনো খাদ্যই ভাল বিকল্প হ’ব পাৰে। স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে আপোনাক দীৰ্ঘ সময় ধৰি হাইড্ৰেট কৰি ৰখাৰ লগতে শক্তি প্ৰদান কৰিব।

৪. ব্যায়ামেৰে দিনটোৰ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ শৰীৰে স্বাস্থ্যজনিত বহুতো উপকাৰিতা দিব পাৰে, যাৰ ফলত গোটেই দিনটো আপোনাক সক্ৰিয় কৰি তুলিব পাৰে।

৫. অপৰ্যাপ্ত টোপনি আপোনাৰ অলসতা আৰু অনুচিত খাদ্য বাছনিৰ কাৰণ হ’ব পাৰে। সেয়েহে সুস্থ অনুভৱ কৰিবলৈ দৈনিক আঠ ঘণ্টা টোপনি যোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন