--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেজুৰ খোৱাতো স্বাস্থ্যৰ বাবে অতি লাভদায়ক। আপুনি যদি খেজুৰ খাই ভালপায় তেন্তে আপুনি নজনাকৈয়ে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ কাম কৰি আছে। যদি এই ফল খোৱাৰ অভ্যাস নাই তেন্তে নতুনকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। লো, খনিজ পদাৰ্থ, কেলচিয়াম, এমিনো এচিড, ফছফৰাছ আৰু ভিটামিনেৰে সমৃদ্ধ বাবে খেজুৰক আশ্চৰ্যকৰ ফল বুলিও কোৱা হয়। এই শুকান ফলবিধ খালে কি লাভালাভ হয় জানো আহক-

কৰ্কট-হৃদৰোগ প্ৰতিৰোধঃ গ্লুক'জ আৰু ফ্ৰুক্ট'জৰ ভাণ্ডাৰ খেজুৰে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। ইয়াত কলেষ্টেৰল নাথাকে আৰু খেজুৰত ২৩% কেলৰি থাকে। ই কোষৰ ক্ষতি, কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰৰ সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকৰী।

শৰীৰ গৰম ৰাখেঃ খেজুৰত ফাইভাৰ, লো, কেলচিয়াম, ভিটামিন আৰু মেগনেছিয়াম পোৱা যায়। শীতকালত এই ফল খোৱাতো অতি উপকাৰী।ই শৰীৰত উষ্ণতা বৃদ্ধি কৰাৰ লগতে শক্তি প্ৰদান কৰে।

হাড় শক্তিশালী কৰেঃ হাড় শক্তিশালী হয় এই শুকান ফলবিধ খালে। খেজুৰত থকা মেংগানিজ, তাম আৰু মেগনেছিয়ামে হাড় শক্তিশালী তথা মজবুত হোৱাত সহায় কৰে। 

ছাল সুন্দৰ ৰাখেঃ খেজুৰ খোৱাৰ ফলত ছালৰ সমস্যা আঁতৰ হয় আৰু ই ছালক কোমল আৰু মোলায়েম কৰি ৰাখে। খেজুৰত থাকে এণ্টি-এজিং গুণ অৰ্থাৎ আপোনাৰ ছালত বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰিব পাৰে খেজুৰে।

এচিডিটিৰ সমস্যা দূৰ কৰেঃ খেজুৰ খালে এচিডিটিৰ সমস্যা দূৰ হয়। ই প্ৰ'টিনেৰে সমৃদ্ধ। প্ৰতিদিনে ৰাতিপুৱা উঠি গৰম পানী খাই খেজুৰ খালে এচিডিটিৰ পৰা সকাহ পাব পাৰি।

আৰু পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকী প্ৰতিভাৱান মডেলে

ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ এই ফলত থকা মেগনেছিয়াম আৰু পটাছিয়ামে ৰক্তচাপ বৃদ্ধি হোৱা প্ৰতিহত কৰে। দৈনিক ৫-৬টা খেজুৰ খোৱাতো ৰক্তচাপ ৰোগীসকলৰ বাবে উপকাৰী।

কোষ্ঠকাঠিন্যৰ পৰা সকাহঃ খেজুৰত আঁহ থাকে, যি কোষ্ঠকাঠিন্য নিৰাময় কৰে। ইয়াৰ বাবে কেইটামান খেজুৰ ৰাতি পানীত তিয়াই ৰাখক। ৰাতিপুৱা উঠাৰ পিছত আৰু সেই খেজুৰবোৰ পিহি শ্বেক বনাই খাওঁক। এনে কৰাৰ ফলত সোনকালেই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ'ব।

এয়া কেইটামান উদাহৰণহে মাত্ৰ। খেজুৰৰ আছে আৰু অনেক উপকাৰী গুণ। সেয়েহে শুকান ফল খেজুৰক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে