--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেজুৰ খোৱাতো স্বাস্থ্যৰ বাবে অতি লাভদায়ক। আপুনি যদি খেজুৰ খাই ভালপায় তেন্তে আপুনি নজনাকৈয়ে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ কাম কৰি আছে। যদি এই ফল খোৱাৰ অভ্যাস নাই তেন্তে নতুনকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। লো, খনিজ পদাৰ্থ, কেলচিয়াম, এমিনো এচিড, ফছফৰাছ আৰু ভিটামিনেৰে সমৃদ্ধ বাবে খেজুৰক আশ্চৰ্যকৰ ফল বুলিও কোৱা হয়। এই শুকান ফলবিধ খালে কি লাভালাভ হয় জানো আহক-

কৰ্কট-হৃদৰোগ প্ৰতিৰোধঃ গ্লুক'জ আৰু ফ্ৰুক্ট'জৰ ভাণ্ডাৰ খেজুৰে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। ইয়াত কলেষ্টেৰল নাথাকে আৰু খেজুৰত ২৩% কেলৰি থাকে। ই কোষৰ ক্ষতি, কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰৰ সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকৰী।

শৰীৰ গৰম ৰাখেঃ খেজুৰত ফাইভাৰ, লো, কেলচিয়াম, ভিটামিন আৰু মেগনেছিয়াম পোৱা যায়। শীতকালত এই ফল খোৱাতো অতি উপকাৰী।ই শৰীৰত উষ্ণতা বৃদ্ধি কৰাৰ লগতে শক্তি প্ৰদান কৰে।

হাড় শক্তিশালী কৰেঃ হাড় শক্তিশালী হয় এই শুকান ফলবিধ খালে। খেজুৰত থকা মেংগানিজ, তাম আৰু মেগনেছিয়ামে হাড় শক্তিশালী তথা মজবুত হোৱাত সহায় কৰে। 

ছাল সুন্দৰ ৰাখেঃ খেজুৰ খোৱাৰ ফলত ছালৰ সমস্যা আঁতৰ হয় আৰু ই ছালক কোমল আৰু মোলায়েম কৰি ৰাখে। খেজুৰত থাকে এণ্টি-এজিং গুণ অৰ্থাৎ আপোনাৰ ছালত বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰিব পাৰে খেজুৰে।

এচিডিটিৰ সমস্যা দূৰ কৰেঃ খেজুৰ খালে এচিডিটিৰ সমস্যা দূৰ হয়। ই প্ৰ'টিনেৰে সমৃদ্ধ। প্ৰতিদিনে ৰাতিপুৱা উঠি গৰম পানী খাই খেজুৰ খালে এচিডিটিৰ পৰা সকাহ পাব পাৰি।

আৰু পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকী প্ৰতিভাৱান মডেলে

ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ এই ফলত থকা মেগনেছিয়াম আৰু পটাছিয়ামে ৰক্তচাপ বৃদ্ধি হোৱা প্ৰতিহত কৰে। দৈনিক ৫-৬টা খেজুৰ খোৱাতো ৰক্তচাপ ৰোগীসকলৰ বাবে উপকাৰী।

কোষ্ঠকাঠিন্যৰ পৰা সকাহঃ খেজুৰত আঁহ থাকে, যি কোষ্ঠকাঠিন্য নিৰাময় কৰে। ইয়াৰ বাবে কেইটামান খেজুৰ ৰাতি পানীত তিয়াই ৰাখক। ৰাতিপুৱা উঠাৰ পিছত আৰু সেই খেজুৰবোৰ পিহি শ্বেক বনাই খাওঁক। এনে কৰাৰ ফলত সোনকালেই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ'ব।

এয়া কেইটামান উদাহৰণহে মাত্ৰ। খেজুৰৰ আছে আৰু অনেক উপকাৰী গুণ। সেয়েহে শুকান ফল খেজুৰক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক