--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক টি-২০ বিশ্বকাপ অভিযানৰ প্ৰাকমুহূৰ্তত ইটোৰ পিছত সিটোকৈ আঘাতৰ সমস্যাই শলঠেকত পেলাইছে ভাৰতীয় ক্ৰিকেট দলক। প্ৰথমে জাদেজা, তাৰ পিছত বুমৰাহ আৰু শেহতীয়াকৈ দীপক চাহাৰে আঘাতৰ বাবে বিশ্বকাপত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। পিঠিৰ আঘাতৰ সন্মুখীন হোৱাৰ পিছত ভাৰতীয় দলত স্থান লাভৰ সম্ভাৱনাক লৈ চলি থকা জল্পনা-কল্পনাৰ পাছত অৱশেষত বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হৈছে বেগী বলাৰ চাহাৰ। 

বিশ্বকাপৰ বাবে ঘোষিত ষ্টেণ্ডবাই খেলুৱৈৰ তালিকাত থকা চাহাৰে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মূল দলত স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও পিঠিৰ আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ বাবে বাহিৰ হ’বলগীয়া হৈছে চাহাৰ। বিচিচিআইৰ এক সূত্ৰ অনুসৰি চাহাৰ সম্পূৰ্ণৰূপে আৰোগ্য কিছু সময়ৰ প্ৰয়োজন হ’ব। এতিয়া চাহাৰৰ অনুপস্থিতিত পেচাৰত্ৰয় মহম্মদ ছামি, মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰে অষ্ট্ৰেলিয়াত ভাৰতীয় দলত যোগদান কৰিব।

ইতিমধ্যে ষ্টেণ্ডবাই তালিকাত থকা ছামি অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছে যদিও আন দুগৰাকী তাৰকা ২৩ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে দলৰ প্ৰথমখন মেচৰ পূৰ্বে অষ্ট্ৰেলিয়াত উপস্থিত হ’ব বুলি বিচিচিআইৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে। এই তিনি তাৰকাৰ কোনো এগৰাকী মূল দলত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন দুগৰাকী ষ্টেণ্ডবাই হিচাপে দলৰ সৈতে থাকিব।

বিচিচিআইৰ এজন বিষয়াই আজি সংবাদ মাধ্যমৰ আগত চাহাৰ সন্দৰ্ভত কয়, "দীপক চাহাৰ সম্পূৰ্ণ ফিট হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। চাহাৰৰ গোৰোহাৰ বৰ্তমান কোনো সমস্যা নাই যদিও তেওঁৰ পিঠিৰ সমস্যাই পুনৰ দেখা দিছে। গতিকে বিচিচিআইয়ে ছামি, মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰক তিনিগৰাকী বিকল্প খেলুৱৈক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।" 

উল্লেখ্যে যে চাহাৰে চাহাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাৰ  প্ৰথমখন  মেচৰ পূৰ্বে আঘাতৰ সন্মুখীন হৈছিল আৰু শৃংখলাটোৰ পৰাই বাহিৰ হৈছিল। ইয়াৰ পিছতে তাৰকাগৰাকী টি-২০ বিশ্বকাপত দলত নাথাকিব বুলি চৰ্চা চলিছিল। ইৎাৰ পিছতে তেওঁ স্বাস্থ্য পৰীক্ষণ আৰু অনুশীলনৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একেডেমীত যোগ দিছিল।

উল্লেখ্য যে বুমৰাহৰ স্থানত কোন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হ’ব, সেই বিষয়ত এতিয়ালৈকে স্পষ্ট ঘোষণা কৰা নাই বিচিচিআই- এ। ১৫ অক্টোবৰৰ ভিতৰত ভাৰতীয় দলৰ মেনেজমেণ্টে কোনো এগৰাকী খেলুৱৈক বুমৰাহৰ বিকল্প হিচাপে বাচনি কৰিব। এই ক্ষেত্ৰত অভিজ্ঞতাৰ দিশৰ পৰা ছামিৰ সম্ভাৱনা অধিক যদিও শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শনৰ পিছত চিৰাজো প্ৰবল দাবীদাৰ হৈ পৰিছে। 

আনহাতে বলিঙৰ লগতে এগৰাকী টেইল এণ্ডাৰ বেটাৰ হিচাপে পাৰদৰ্শিতা থকা শ্বাৰ্দুল ঠাকুৰ ষ্টেণ্ড বাই তালিকাত থকাৰ সম্ভাৱনা আছে। ষ্টেণ্ডবাই তালিকাত থকা আন দুই তাৰকা শ্ৰেয়স আয়াৰ আৰু ৰবি বিষ্ণৈয়েও এতিয়ালৈকে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱা নাই।  মিডল অৰ্ডাৰ বেটিং বিকল্প হিচাপে আয়াৰ ষ্টেণ্ডবাই তালিকাত থকাৰ বিপৰীতে বিষ্ণৈক যুজবেন্দ্ৰ চাহালৰ বিকল্প হিচাপে ষ্টেণ্ডবাই খেলুৱৈ হিচাপে দলত ৰখা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক