--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপত টীম ইণ্ডিয়াই সফলতা লাভ কৰিবনে নাই তাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ জল্পনা-কল্পনা চলিছে। তেনে সময়তে দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰৱি শাস্ত্ৰীয়ে এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে।

শাস্ত্ৰীয়ে মন্তব্য কৰিছে যে অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ শেষ হোৱাৰ লগে লগে ভাৰতে এটা ‘নতুন দল’ লাভ কৰিব। বৰ্তমানৰ টীম ইণ্ডিয়াৰ দলটোক লৈ যথেষ্ট আশাবাদী বুলি ভাৱ প্ৰকাশ কৰি শাস্ত্ৰীয়ে কয় যে তেওঁ যোৱা ছয়-সাত বছৰ ধৰি দলটোৰ ব্যৱস্থাপনাৰ স’তে জড়িত আছিল। সেয়ে অনুভৱ কৰে যে এইবাৰৰ দলীয় স্কোৱাডটো টি-২০ ক্ৰিকেটত ভাৰতে লাভ কৰা আটাইতকৈ শক্তিশালী স্কোৱাড।

“মই লক্ষ্য কৰিছো যে এই বিশ্বকাপটোৰ অন্তত ভাৰতে এটা নতুন দল লাভ কৰিব।”- শাস্ত্ৰীয়ে কয়। দলৰ বেটিং লাইন আপৰ বিষয়ে শাস্ত্ৰীয়ে কয় যে সূৰ্যকুমাৰ যাদৱে ৪ নম্বৰ স্থান, হাৰ্দিক পাণ্ডিয়াই ৫ নম্বৰ স্থান আৰু দীনেশ কাৰ্তিক অথবা ৰিষভ পণ্টে ৬ নম্বৰ স্থানত যথেষ্ট নিৰ্ভৰযোগ্যভাৱে বেটিং কৰি আহিছে। ফলস্বৰূপে টপ অৰ্ডাৰৰ বেটছমেনসকলে নিজৰ পচন্দ অনুযায়ী খেলি যাবলৈ সুযোগ লাভ কৰিছে।

উল্লেখযোগ্য শাস্ত্ৰীৰ প্ৰশিক্ষণকালত ভাৰতে যোৱা বৰ্ষৰ টি২০ বিশ্বকাপত গ্ৰুপ ষ্টেজৰ পৰাই বাহিৰ হৈছিল। তাৰপাছতে তেওঁ দলৰ হেড কোচ পদৰ পৰা আঁতৰিছিল। শাস্ত্ৰীৰ পাছত ৰাহল দ্ৰাৱিড়ে তেওঁৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

টীম ইণ্ডিয়া কোনসমূহ দিশত দুৰ্বল সেই বিষয়েও শাস্ত্ৰীয়ে আঙুলিয়াই দিছে। তেওঁ কয় যে টীম ইণ্ডিয়াই প্ৰথমৰে পৰা মনোযোগ দিবলগা বিষয়টো হৈছে ফিল্ডিং। ফিল্ডিঙত ভাৰতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি তেওঁ কয়। এইক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ উদাহৰণ দাঙি ধৰে। শেহতীয়াকৈ এছিয়া কাপত দাঙি ধৰা সুন্দৰ ফিল্ডিঙৰ বাবে তেওঁ শ্ৰীলংকাকো ভূয়সী প্ৰশংসা কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক