--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপত টীম ইণ্ডিয়াই সফলতা লাভ কৰিবনে নাই তাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ জল্পনা-কল্পনা চলিছে। তেনে সময়তে দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰৱি শাস্ত্ৰীয়ে এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে।

শাস্ত্ৰীয়ে মন্তব্য কৰিছে যে অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ শেষ হোৱাৰ লগে লগে ভাৰতে এটা ‘নতুন দল’ লাভ কৰিব। বৰ্তমানৰ টীম ইণ্ডিয়াৰ দলটোক লৈ যথেষ্ট আশাবাদী বুলি ভাৱ প্ৰকাশ কৰি শাস্ত্ৰীয়ে কয় যে তেওঁ যোৱা ছয়-সাত বছৰ ধৰি দলটোৰ ব্যৱস্থাপনাৰ স’তে জড়িত আছিল। সেয়ে অনুভৱ কৰে যে এইবাৰৰ দলীয় স্কোৱাডটো টি-২০ ক্ৰিকেটত ভাৰতে লাভ কৰা আটাইতকৈ শক্তিশালী স্কোৱাড।

“মই লক্ষ্য কৰিছো যে এই বিশ্বকাপটোৰ অন্তত ভাৰতে এটা নতুন দল লাভ কৰিব।”- শাস্ত্ৰীয়ে কয়। দলৰ বেটিং লাইন আপৰ বিষয়ে শাস্ত্ৰীয়ে কয় যে সূৰ্যকুমাৰ যাদৱে ৪ নম্বৰ স্থান, হাৰ্দিক পাণ্ডিয়াই ৫ নম্বৰ স্থান আৰু দীনেশ কাৰ্তিক অথবা ৰিষভ পণ্টে ৬ নম্বৰ স্থানত যথেষ্ট নিৰ্ভৰযোগ্যভাৱে বেটিং কৰি আহিছে। ফলস্বৰূপে টপ অৰ্ডাৰৰ বেটছমেনসকলে নিজৰ পচন্দ অনুযায়ী খেলি যাবলৈ সুযোগ লাভ কৰিছে।

উল্লেখযোগ্য শাস্ত্ৰীৰ প্ৰশিক্ষণকালত ভাৰতে যোৱা বৰ্ষৰ টি২০ বিশ্বকাপত গ্ৰুপ ষ্টেজৰ পৰাই বাহিৰ হৈছিল। তাৰপাছতে তেওঁ দলৰ হেড কোচ পদৰ পৰা আঁতৰিছিল। শাস্ত্ৰীৰ পাছত ৰাহল দ্ৰাৱিড়ে তেওঁৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

টীম ইণ্ডিয়া কোনসমূহ দিশত দুৰ্বল সেই বিষয়েও শাস্ত্ৰীয়ে আঙুলিয়াই দিছে। তেওঁ কয় যে টীম ইণ্ডিয়াই প্ৰথমৰে পৰা মনোযোগ দিবলগা বিষয়টো হৈছে ফিল্ডিং। ফিল্ডিঙত ভাৰতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি তেওঁ কয়। এইক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ উদাহৰণ দাঙি ধৰে। শেহতীয়াকৈ এছিয়া কাপত দাঙি ধৰা সুন্দৰ ফিল্ডিঙৰ বাবে তেওঁ শ্ৰীলংকাকো ভূয়সী প্ৰশংসা কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু