--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ আমাৰ ভাৰতীয়সকলৰ অন্যতম প্ৰিয় পানীয় আৰু মানুহে প্ৰায়ে গৰমে গৰমে পান কৰে। কিন্তু আপোনালোকক কওঁ যে বাৰে বাৰে চাহ গৰম কৰিলে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বাৰে বাৰে চাহ গৰম কৰিলে তাত থকা পুষ্টিকৰ পদাৰ্থবোৰ ধ্বংস হ’বলৈ আৰম্ভ কৰে। বাৰে বাৰে গৰম কৰিলে চাহৰ সোৱাদ আৰু সুগন্ধি নষ্ট হয়।

কি কি সমস্যা হ’ব পাৰে?

চাহ প্ৰস্তুত কৰি ঠাণ্ডা হোৱাৰ পিছত গাখীৰৰ চাহত বেক্টেৰিয়া দ্ৰুতগতিত বিকশিত হয়। বাৰে বাৰে গৰম কৰাৰ বাবে এই বেক্টেৰিয়াবোৰ আৰু বৃদ্ধি পায়, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গাখীৰৰ চাহ ঠাণ্ডা হোৱাৰ পাছত বেক্টেৰিয়া দ্ৰুতগতিত জমা হয় সেয়েহে ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। এনে পৰিস্থিতিত এই চাহ খালে কোষ্ঠকাঠিন্য, হজম শক্তিৰ সমস্যা, খাদ্য বিষক্ৰিয়া, পেটৰ বিষ, বমি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চাহ বনোৱাৰ কিমান সময় পাছত চাহ খাব নালাগে?

এনে পৰিস্থিতিত যদি চাহ বনোৱাৰ পৰা মাত্ৰ ১০ৰ পৰা ১৫ মিনিট সময় পাৰ হৈ যায়, তেন্তে গৰম কৰি পান কৰিব পাৰি, কিন্তু চাহ বনোৱাৰ কেইঘণ্টামান হ’লে তেতিয়া গৰম কৰাৰ ভুল নকৰিব। এয়া আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

প্ৰতিকাৰ

এই সকলোবোৰৰ উপৰিও ঠাণ্ডা চাহ গৰম কৰি খালে ইয়াৰ সোৱাদ আৰু সুগন্ধিতো প্ৰভাৱ পৰে। বাৰে বাৰে চাহ গৰম কৰিলে সোৱাদ আৰু সুগন্ধি ৰুচিহীন হৈ পৰে। চাহ গৰম নকৰাৰ আটাইতকৈ উত্তম উপায় হ’ল কেৱল প্ৰয়োজনীয় পৰিমাণতহে বনাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু