--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ আমাৰ ভাৰতীয়সকলৰ অন্যতম প্ৰিয় পানীয় আৰু মানুহে প্ৰায়ে গৰমে গৰমে পান কৰে। কিন্তু আপোনালোকক কওঁ যে বাৰে বাৰে চাহ গৰম কৰিলে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বাৰে বাৰে চাহ গৰম কৰিলে তাত থকা পুষ্টিকৰ পদাৰ্থবোৰ ধ্বংস হ’বলৈ আৰম্ভ কৰে। বাৰে বাৰে গৰম কৰিলে চাহৰ সোৱাদ আৰু সুগন্ধি নষ্ট হয়।

কি কি সমস্যা হ’ব পাৰে?

চাহ প্ৰস্তুত কৰি ঠাণ্ডা হোৱাৰ পিছত গাখীৰৰ চাহত বেক্টেৰিয়া দ্ৰুতগতিত বিকশিত হয়। বাৰে বাৰে গৰম কৰাৰ বাবে এই বেক্টেৰিয়াবোৰ আৰু বৃদ্ধি পায়, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গাখীৰৰ চাহ ঠাণ্ডা হোৱাৰ পাছত বেক্টেৰিয়া দ্ৰুতগতিত জমা হয় সেয়েহে ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। এনে পৰিস্থিতিত এই চাহ খালে কোষ্ঠকাঠিন্য, হজম শক্তিৰ সমস্যা, খাদ্য বিষক্ৰিয়া, পেটৰ বিষ, বমি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চাহ বনোৱাৰ কিমান সময় পাছত চাহ খাব নালাগে?

এনে পৰিস্থিতিত যদি চাহ বনোৱাৰ পৰা মাত্ৰ ১০ৰ পৰা ১৫ মিনিট সময় পাৰ হৈ যায়, তেন্তে গৰম কৰি পান কৰিব পাৰি, কিন্তু চাহ বনোৱাৰ কেইঘণ্টামান হ’লে তেতিয়া গৰম কৰাৰ ভুল নকৰিব। এয়া আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

প্ৰতিকাৰ

এই সকলোবোৰৰ উপৰিও ঠাণ্ডা চাহ গৰম কৰি খালে ইয়াৰ সোৱাদ আৰু সুগন্ধিতো প্ৰভাৱ পৰে। বাৰে বাৰে চাহ গৰম কৰিলে সোৱাদ আৰু সুগন্ধি ৰুচিহীন হৈ পৰে। চাহ গৰম নকৰাৰ আটাইতকৈ উত্তম উপায় হ’ল কেৱল প্ৰয়োজনীয় পৰিমাণতহে বনাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ