--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটৰ ফ্লু যাক গেষ্ট্ৰ’এণ্টেৰাইটিছ বুলিও কোৱা হয়। এইটো এটা ভাইৰাছৰ সংক্ৰমণ যিটো অন্ত্ৰত হয়। এই ৰোগত আক্ৰান্ত যিকোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপুনি ইয়াৰ চিকাৰ হ’ব পাৰে। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে এই সমস্যাটো অতি সাধাৰণ হৈ পৰে। এই কাৰণেই শেহতীয়াকৈ দিল্লীত পেট ফ্লুৰ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

সাধাৰণতে পেটৰ ফ্লু মাত্ৰ ১-৩ দিনহে থাকে। কিন্তু সঠিক সময়ত চিকিৎসা নকৰিলে এই সময়সীমাও বৃদ্ধি পাব পাৰে। আপোনালোকক কওঁ যে এই ৰোগৰ বাবে শৰীৰটো ইমানেই দুৰ্বল হৈ পৰিব পাৰে যে সুস্থ হোৱাৰ পিছতো অন্ত্ৰৰ সঠিক কাম কৰিবলৈ ১-২ সপ্তাহ সময় লাগিব পাৰে। এনে পৰিস্থিতিত নিজকে সুস্থ কৰি ৰাখিবলৈ ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা জনাটো অতি প্ৰয়োজনীয়।

পেটৰ ফ্লু কেনেকৈ হয়?

এন আই এইচৰ তথ্য অনুসৰি বহুতো ভাইৰাছৰ দ্বাৰা পেটৰ ফ্লু হ’ব পাৰে। ইয়াৰ ভিতৰত মূলতঃ ন’ৰ’ভাইৰাছ, ৰোটাভাইৰাছ, এডিন’ভাইৰাছ, এষ্ট্ৰ’ভাইৰাছ আদি অন্তৰ্ভুক্ত। এইবোৰ সাধাৰণতে দূষিত খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। ভাইৰাছৰ ওপৰত নিৰ্ভৰ কৰি পেটৰ ফ্লুৰ লক্ষণসমূহ বিভিন্ন সময়ত দেখা দিব পাৰে।

এই লক্ষণসমূহ আওকাণ নকৰিব

পানীৰ দৰে ডায়েৰিয়া
পেটৰ বিষ বা জ্বলা-পোৰা কৰা
বমি বা ওকালি হোৱা
মাজে মাজে জ্বৰ
পেট চিকুটি থকা বা পাক মাৰি ধৰা
ডিহাইড্ৰেচন

পেটৰ ফ্লুৰ আশংকা কাৰ বেছি?

ক্লিভলেণ্ড ক্লিনিকৰ মতে, যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল, তেওঁলোকৰ পেটৰ ফ্লু বেছিকৈ দেখা যায়। ইয়াৰ বাহিৰেও শিশু আৰু বৃদ্ধ লোক এই সংক্ৰমণত বেছিকৈ আক্ৰান্ত হয়৷
 
পেটৰ ফ্লু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

পেটৰ ফ্লুৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উত্তম আৰু ফলপ্ৰসূ উপায় হ’ল হাত দুখন সঘনাই চেনিটাইজ কৰা। খাদ্য সামগ্ৰী ধুই খাব। সহ-ৰোগী লোকৰ পৰা দূৰত্ব বজাই ৰাখক। ইয়াৰ বাহিৰেও বাহিৰৰ খাদ্য যিমান পাৰি কমকৈ খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু