--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটৰ ফ্লু যাক গেষ্ট্ৰ’এণ্টেৰাইটিছ বুলিও কোৱা হয়। এইটো এটা ভাইৰাছৰ সংক্ৰমণ যিটো অন্ত্ৰত হয়। এই ৰোগত আক্ৰান্ত যিকোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপুনি ইয়াৰ চিকাৰ হ’ব পাৰে। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে এই সমস্যাটো অতি সাধাৰণ হৈ পৰে। এই কাৰণেই শেহতীয়াকৈ দিল্লীত পেট ফ্লুৰ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

সাধাৰণতে পেটৰ ফ্লু মাত্ৰ ১-৩ দিনহে থাকে। কিন্তু সঠিক সময়ত চিকিৎসা নকৰিলে এই সময়সীমাও বৃদ্ধি পাব পাৰে। আপোনালোকক কওঁ যে এই ৰোগৰ বাবে শৰীৰটো ইমানেই দুৰ্বল হৈ পৰিব পাৰে যে সুস্থ হোৱাৰ পিছতো অন্ত্ৰৰ সঠিক কাম কৰিবলৈ ১-২ সপ্তাহ সময় লাগিব পাৰে। এনে পৰিস্থিতিত নিজকে সুস্থ কৰি ৰাখিবলৈ ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা জনাটো অতি প্ৰয়োজনীয়।

পেটৰ ফ্লু কেনেকৈ হয়?

এন আই এইচৰ তথ্য অনুসৰি বহুতো ভাইৰাছৰ দ্বাৰা পেটৰ ফ্লু হ’ব পাৰে। ইয়াৰ ভিতৰত মূলতঃ ন’ৰ’ভাইৰাছ, ৰোটাভাইৰাছ, এডিন’ভাইৰাছ, এষ্ট্ৰ’ভাইৰাছ আদি অন্তৰ্ভুক্ত। এইবোৰ সাধাৰণতে দূষিত খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। ভাইৰাছৰ ওপৰত নিৰ্ভৰ কৰি পেটৰ ফ্লুৰ লক্ষণসমূহ বিভিন্ন সময়ত দেখা দিব পাৰে।

এই লক্ষণসমূহ আওকাণ নকৰিব

পানীৰ দৰে ডায়েৰিয়া
পেটৰ বিষ বা জ্বলা-পোৰা কৰা
বমি বা ওকালি হোৱা
মাজে মাজে জ্বৰ
পেট চিকুটি থকা বা পাক মাৰি ধৰা
ডিহাইড্ৰেচন

পেটৰ ফ্লুৰ আশংকা কাৰ বেছি?

ক্লিভলেণ্ড ক্লিনিকৰ মতে, যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল, তেওঁলোকৰ পেটৰ ফ্লু বেছিকৈ দেখা যায়। ইয়াৰ বাহিৰেও শিশু আৰু বৃদ্ধ লোক এই সংক্ৰমণত বেছিকৈ আক্ৰান্ত হয়৷
 
পেটৰ ফ্লু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

পেটৰ ফ্লুৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উত্তম আৰু ফলপ্ৰসূ উপায় হ’ল হাত দুখন সঘনাই চেনিটাইজ কৰা। খাদ্য সামগ্ৰী ধুই খাব। সহ-ৰোগী লোকৰ পৰা দূৰত্ব বজাই ৰাখক। ইয়াৰ বাহিৰেও বাহিৰৰ খাদ্য যিমান পাৰি কমকৈ খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ