--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যাত্ৰীৰ নিজৰ বেগটো চাৰি বছৰ আগতে বিমানত উৰাৰ সময়ত হেৰাই গৈছিল। যাত্ৰীগৰাকীয়ে ভাবিছিল যে তেওঁ কেতিয়াও হেৰুওৱা বয়-বস্তুখিনি ঘূৰাই নাপাব। কিন্তু চাৰি বছৰৰ পিছত, হেৰুওৱা বেগটো ঘূৰাই পাবলৈ সক্ষম হ’ল ভাগ্যৱান যাত্ৰীগৰাকীয়ে। সেই মহিলা যাত্ৰীগৰাকীৰ নাম এপ্ৰিল গেভিন।

শেহতীয়াকৈ মহিলাগৰাকীয়ে সামাজিক মাধ্যমযোগে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে। এপ্ৰিলৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনত। ৪ আগষ্ট, ২০১৮ তাৰিখে তেওঁ ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত উঠি চিকাগোলৈ গৈ আছিল। তেতিয়াই এয়াৰলাইনটোৱে তেওঁৰ বেগটো হেৰুৱায়।

তেতিয়াৰ পৰা এপ্ৰিলে বাৰে বাৰে সংস্থাটোক তেওঁৰ বেগটো বিচাৰি উলিয়াবলৈ অনুৰোধ জনাই আহিছে। কিন্তু এয়াৰলাইনটোৱে কোনো সঁহাৰি দিব পৰা নাই।

তেতিয়াৰ পৰা প্ৰায় ৪ বছৰ পাৰ হৈ গৈছে। এপ্ৰিলে তেওঁৰ বেগটো ঘূৰাই পোৱাৰ আশাও এৰি দিছিল। কিন্তু কেইদিনমান আগতে, তেওঁ এয়াৰলাইনৰ টেক্সাছ কাৰ্যালয়ৰ পৰা এটা ফোন পাইছিল। খবৰ পালে যে তেওঁৰ বেগটো পোৱা গৈছে। এইটোও খবৰ পোৱা গৈছিল যে বেগটো দক্ষিণ আমেৰিকাৰ দেশ হণ্ডুৰাছলৈ গৈছিল! বেগটো হণ্ডুৰাছৰ পৰা টেক্সাছলৈ অনা হৈছিল। তাৰ পিছত বেগটো তেওঁৰ ওচৰলৈ ঘূৰাই দিয়া হৈছিল।

এপ্ৰিলে কয় যে যদিও বেগটোৰ কৰবাত অলপ ৰং এৰাইছে, কিন্তু বেগটো নতুনেই হৈ আছে। কেৱল হেৰুওৱা বেগটোৱেই নহয়, ক্ষতিপূৰণ হিচাপে কিছু ধনো লাভ কৰিছে এপ্ৰিলে। বিমান সংস্থাটোৱে প্ৰায় ১.৩৮ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ