--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজৰ আকাশলংঘী দাম! পিঁয়াজৰ দাম ইমানেই বেছি হৈছে যে এই দাম এতিয়া চিকেনৰ দামতকৈ তিনিগুণ বেছি হৈছে। চিকেনতকৈ পিঁয়াজৰ দাম তিনিগুণ বেছি হৈছে ফিলিপাইনছত। দেশ খনত  এক কিলোগ্ৰামৰ মূল্য হৈছে ৯০০ টকা! 

পৃথিৱীৰ বহুতো দেশে এতিয়া   বৰ্ধিত মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে। মুদ্ৰাস্ফীতিৰ অৱস্থা এনে  হৈছে যে ফিলিপাইনছত পিঁয়াজৰ মূল্য আকাশচুম্বী হৈ আছে। দেশ খনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফিলিপাইনছত এক কেজি পিয়াজ ৯০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এক কিলোগ্ৰাম চিকেনৰ মূল্য হৈছে ৩২৫ টকা।  ফলত  ফিলিপাইনছত পিঁয়াজৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে।শেহতীয়াকৈ চীনৰ পৰা চোৰাংকৈ অনা পিঁয়াজ  ফিলিপাইনছৰ কাষ্টম বিষয়াসকলে জব্দ কৰি আহিছে। যোৱা বছৰৰ ডিচেম্বৰত, কাষ্টম বিষয়াসকলে কাপোৰৰ সৈতে  চোৰাংকৈ অনা প্ৰায় ২.৫  কোটি টকাৰ পিয়াজ জব্দ কৰিছিল।

উল্লেখ্য যোৱা বছৰ ফিলিপাইনছত হোৱা কেইবাটাও ধুমুহাৰ ফলত কোটি কোটি টকাৰ পিঁয়াজৰ খেতি ধ্বংস হৈছিল। ফলত দেশ খনত পিঁয়াজৰ অভাৱ হৈছে। পিঁয়াজ ফিলিপাইনছৰ লোকসকলৰ আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। তাত থকা লোকসকলে প্ৰতি মাহে প্ৰায় ২০,০০০ মেট্ৰিক টন পিয়াজ খায়। ইমান চাহিদা থকা বাবেই  পিঁয়াজৰ যোগানৰ অভাৱত  ইয়াৰ মূল্য আকাশলংঘী হৈ পৰিছে। ইপিনে  ফিলিপাইনছত সামগ্ৰীক  মুদ্ৰাস্ফীতিৰ হাৰ ১৪  শতাংশলৈ বৃদ্ধি হৈছে।  ফিলিপাইনছৰ চৰকাৰে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ  ২১,০০০ টন পিয়াজ আমদানি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে