--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজৰ আকাশলংঘী দাম! পিঁয়াজৰ দাম ইমানেই বেছি হৈছে যে এই দাম এতিয়া চিকেনৰ দামতকৈ তিনিগুণ বেছি হৈছে। চিকেনতকৈ পিঁয়াজৰ দাম তিনিগুণ বেছি হৈছে ফিলিপাইনছত। দেশ খনত  এক কিলোগ্ৰামৰ মূল্য হৈছে ৯০০ টকা! 

পৃথিৱীৰ বহুতো দেশে এতিয়া   বৰ্ধিত মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে। মুদ্ৰাস্ফীতিৰ অৱস্থা এনে  হৈছে যে ফিলিপাইনছত পিঁয়াজৰ মূল্য আকাশচুম্বী হৈ আছে। দেশ খনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফিলিপাইনছত এক কেজি পিয়াজ ৯০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এক কিলোগ্ৰাম চিকেনৰ মূল্য হৈছে ৩২৫ টকা।  ফলত  ফিলিপাইনছত পিঁয়াজৰ চোৰাং ব্যৱসায় আৰম্ভ হৈছে।শেহতীয়াকৈ চীনৰ পৰা চোৰাংকৈ অনা পিঁয়াজ  ফিলিপাইনছৰ কাষ্টম বিষয়াসকলে জব্দ কৰি আহিছে। যোৱা বছৰৰ ডিচেম্বৰত, কাষ্টম বিষয়াসকলে কাপোৰৰ সৈতে  চোৰাংকৈ অনা প্ৰায় ২.৫  কোটি টকাৰ পিয়াজ জব্দ কৰিছিল।

উল্লেখ্য যোৱা বছৰ ফিলিপাইনছত হোৱা কেইবাটাও ধুমুহাৰ ফলত কোটি কোটি টকাৰ পিঁয়াজৰ খেতি ধ্বংস হৈছিল। ফলত দেশ খনত পিঁয়াজৰ অভাৱ হৈছে। পিঁয়াজ ফিলিপাইনছৰ লোকসকলৰ আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। তাত থকা লোকসকলে প্ৰতি মাহে প্ৰায় ২০,০০০ মেট্ৰিক টন পিয়াজ খায়। ইমান চাহিদা থকা বাবেই  পিঁয়াজৰ যোগানৰ অভাৱত  ইয়াৰ মূল্য আকাশলংঘী হৈ পৰিছে। ইপিনে  ফিলিপাইনছত সামগ্ৰীক  মুদ্ৰাস্ফীতিৰ হাৰ ১৪  শতাংশলৈ বৃদ্ধি হৈছে।  ফিলিপাইনছৰ চৰকাৰে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ  ২১,০০০ টন পিয়াজ আমদানি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ