--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যপ্ৰদেশৰ গোৱালিয়ৰত পৰা এটা গোচৰ পোহৰলৈ আহিছে য’ত চাৰি ভৰিৰে জন্ম হ’ল এটি কন্যা সন্তান। কন্যা শিশুটি জন্ম হোৱাৰ পাছতে চিকিৎসালয়খনত আলোড়নৰ সৃষ্টি হয়। এই ঘটনাত নৱজাত শিশুটিৰ আত্মীয়সকল চিন্তিত হৈ পৰিছে। কন্যা শিশুটিক চাবলৈ চিকিৎসালয়ত যথেষ্ট ভিৰ হৈছে আৰু মানুহবোৰো আচৰিত হৈ পৰিছে। বৰ্তমান ছোৱালীজনীৰ পৰীক্ষা চলি আছে আৰু ডাক্তৰসকলে এটা ডাঙৰ পদক্ষেপ ল’বলৈ সাজু হৈছে।

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত। কমলাৰাজা হাস্পতালত জন্ম হৈছে কন্যা শিশুটি। বৃহস্পতিবাৰে গভীৰ নিশা আৰতি কুশৱাহা নামৰ এগৰাকী মহিলাই চাৰি ভৰিৰ কন্যা সন্তানটি জন্ম দিয়ে। এই খবৰ ওলোৱাৰ লগে লগে ই ছচিয়েল মিডিয়াতো বিয়পি পৰিল। ইয়াৰ পিছতে ছোৱালীজনীক চাবলৈ চিকিৎসালয়ত মানুহৰ যথেষ্ট ভিৰ হৈছিল। কোনোৱে এই ছোৱালীজনীক অলৌকিক আখ্যা দিছে আৰু কোনোৱে তেওঁক অৱতাৰ বুলি গণ্য কৰিছে।

চিকিৎসকৰ এটা দলে শিশুটিৰ পৰীক্ষা আৰম্ভ কৰিছে। এটা ডাঙৰ পদক্ষেপত চিকিৎসকে এই ছোৱালীজনীৰ বাকী দুয়োখন ভৰি অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লৈছে যদিও এতিয়াও আন বিশেষজ্ঞৰ সৈতেও আলোচনা চলি আছে। খবৰ অনুসৰি চিকিৎসকে কয় যে বৰ্তমান ছোৱালীজনীৰ পৰীক্ষা চলি আছে আৰু যদি সম্পূৰ্ণ সুস্থ হয় তেন্তে তাইৰ অতিৰিক্ত ভৰি দুখন অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হ’ব।

এই ঘটনাৰ সৈতে জড়িত চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনাইছে যে সমগ্ৰ দেশতে এনেধৰণৰ শিশু মাত্ৰ চাৰিটাহে জন্ম হৈছে আৰু এয়া মধ্যপ্ৰদেশৰ প্ৰথমটো ঘটনা। কন্যা সন্তানটিৰ ভৰি দুখনৰ উপৰিও তাইৰ হাড় নিতম্বৰ ওপৰৰ অংশত লাগি থাকে, গতিকে দুটা অস্ত্ৰোপচাৰৰ পিছত দুয়োখন ভৰি আঁতৰাই পেলাব পাৰি। অস্ত্ৰোপচাৰৰ পিছত কেঁচুৱাটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

এই ঘটনাক চিকিৎসা ভাষাত ইছিঅ’পাগাছ বুলি জনা যায়। প্ৰতি নিযুত শিশুৰ ভিতৰত এটা শিশুৰ এনেদৰে অতিৰিক্ত অংগ গঢ় লৈ উঠে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু